ETV Bharat / bharat

মেগছেছে বঁটা প্ৰত্যাখ্যান কৰিলে কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী শৈলাজাই

author img

By

Published : Sep 4, 2022, 8:27 PM IST

কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কে কে শৈলাজাই 2022 ৰ মেগছেছে বঁটা প্ৰত্যাখ্যান কৰিছে (KK Shailaja rejects Ramon Magsaysay Award) ৷ কিয়নো চিপিএমৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী শৈলাজাক এই বঁটা গ্ৰহণৰ বিৰোধিতা কৰিছে ৷ যাৰ বাবে কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত (Ramon Magsaysay Award 2022) ৷

মেগছেছে বঁটা 2022 প্ৰত্যাখ্যান কৰিছে কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী শৈলাজাই

নেশ্যনেল ডেস্ক, 4 ছেপ্টেম্বৰ : কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কে কে শৈলাজাই 2022 চনৰ সন্মানীয় ৰমন মেগছেছে বঁটা প্ৰত্যাখ্যান কৰিছে (KK Shailaja rejects Ramon Magsaysay Award)৷ কিয়নো চিপিএমৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াক স্বীকাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে, শৈলাজাক নিপা আৰু ক’ভিড প্ৰতিৰোধৰ প্ৰচেষ্টাৰ বাবে আন্তৰ্জাতিক স্বীকৃতিৰ হেতু এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷ কিন্তু শৈলজাই আয়োজক সমিতিক তেওঁ এই বঁটা গ্ৰহণ কৰিব নোৱাৰিব বুলি জনাই দিছে ।

দৰাচলতে, শৈলাজাক ৰাজহুৱা স্বাস্থ্যৰ প্ৰতি তেওঁৰ সেৱাৰ বাবে ৰমন মেগছেছে এৱাৰ্ড ফাউণ্ডেচনৰ দ্বাৰা 64 সংখ্য়ক মেগছেছে বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল । তেওঁৰ কাৰ্যকালত ৰাজ্যখনে নিপাৰ প্ৰাদুৰ্ভাৱ আৰু ক’ভিড মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল । তেওঁৰ নেতৃত্বত সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বিশ্বজুৰি প্ৰশংসাও কৰা হৈছিল

ফাউণ্ডেচনে 2022 চনৰ জুলাইৰ শেষৰ ফালে ই-মেইলযোগে শৈলাজাক জনাইছিল যে, তেওঁৰ নাম মেগছেছে বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু এই বঁটা গ্ৰহণ কৰাৰ বাবে তেওঁৰ নিশ্চিতি বিচাৰিছে । তাৰ পাচতে চিপিআই(এম)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হোৱাৰ বাবে শৈলজাই দলৰ নেতৃত্বক অৱগত কৰে ৷

পৰৱৰ্তী সময়ত বিতং আলোচনাৰ অন্তত চিপিআই(এম)য়ে বঁটা (Ramon Magsaysay Award 2022) গ্ৰহণ কৰাৰ বিৰুদ্ধে সিদ্ধান্ত লয় । চিপিআই(এম)ৰ এগৰাকী জ্যেষ্ঠ নেতাৰ মতে, দলটোৰ অভিমত হৈছে যে শৈলজাই কেৱল দলৰ দ্বাৰা তেওঁক আৱণ্টন কৰা কৰ্তব্য পালন কৰি আছিল ৷ এইটো বিশেষ একো কথা নহয় ।

দলটোৱে এইটোও বিশ্বাস কৰে যে, নিপা আৰু ক’ভিড 19 ৰ বিৰুদ্ধে হোৱা যুঁজখন এক যৌথ প্ৰচেষ্টা আছিল । এয়া কোনো ব্যক্তিৰ প্ৰচেষ্টা নাছিল ৷ সেয়েহে তেওঁলোকে এই বঁটা গ্ৰহণ কৰা উচিত নহয় । অৱশ্যে, কিছু নেতাই চিপিআই(এম)ৰ এই সিদ্ধান্তত অসন্তুষ্টিও প্ৰকাশ কৰা দেখা গৈছে ।

উল্লেখ্য যে, ৰমন মেগছেছে বঁটা এছিয়ান নবেল বঁটা হিচাপে গণ্য কৰা হয় ৷ যদি শৈলজাই এই বঁটা গ্ৰহণ কৰে, তেন্তে তেওঁ কেৰালাৰ প্ৰথমগৰাকী মহিলা হ’লহেঁতেন যিয়ে এই সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । কৃষি বিজ্ঞানী ড এম এছ স্বামীনাথন, সাংবাদিক সম্পাদক বি জি ভাৰ্গিজ আৰু ভাৰতৰ বিখ্যাত নিৰ্বাচন আয়ুক্ত টি এন চেছান হৈছে এনে একোগৰাকী কেৰালাবাসী যিয়ে ইতিমধ্যে এই সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ শেষ নিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.