ETV Bharat / bharat

Master Chef Australia ত বিশেষভাৱে সমাদৃত অসমৰ পঁইতা ভাত

author img

By

Published : Jul 14, 2021, 2:27 PM IST

Updated : Jul 14, 2021, 4:30 PM IST

"পঁইতা ভাত", নামটো শুনিলেই অসমৰ প্ৰায়বোৰৰ ঘৰৰে গৰম দিনৰ পুৱাৰ আহাৰৰ কথা মনলৈ আহে, নহয়নে ! অসম, পশ্চিমবংগৰ লগতে চুবুৰীয়া দেশ বাংলাদেশৰ লোকৰো সমানে প্ৰিয় এই পঁইতা ভাত আৰু আলু পিটিকা । কিন্তু এইবাৰ টেলিভিছন শ্ব' MasterChef Australiaৰ বিচাৰকে জুতি ল'লে "পঁইতা ভাত"ৰ । বাংলাদেশী মূলৰ প্ৰতিযোগী কিশ্বৰ চৌধুৰীয়ে তৈয়াৰ কৰা এই থলুৱা খাদ্যই জয় কৰিলে বিচাৰকৰ মন ।

kiswar chowdhuri's dish ponta bhat had won Masterchef Australia's judges
পঁইতা ভাতৰ জুতি ল'লে MasterChef Australiaৰ বিচাৰকে

নেশ্যনেল ডেস্ক, ১৪ জুলাই : ৰন্ধন সম্পৰ্কীয় টেলিভিছন শ্ব' MasterChef Australia-১৩ ৰ চূড়ান্ত প্ৰতিযোগিতা । সুস্বাদু খাদ্য ৰান্ধি প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ দখলৰ দৌৰত নামি পৰিছিল প্ৰতিগৰাকী প্ৰতিযোগী । তাৰ মাজতে বাংলাদেশী মূলৰ এগৰাকী প্ৰতিযোগীয়ে ৰন্ধা খাদ্য গ্ৰহণ কৰি প্ৰশংসাৰে ওপচাই পেলালে বিচাৰকে । বাংলাদেশী মূলৰ অষ্ট্ৰেলিয়ান প্ৰতিযোগী কিশ্বৰ চৌধুৰী(Kishwar Chowdhury)য়ে তৈয়াৰ কৰিছিল পঁইতা ভাত আৰু আলু পিটিকা ।

লগত আছিল নিমখ, ভজা মাছ, পিঁয়াজ, নেমু, ধনীয়া আৰু এটা পোৰা জলকীয়া । কিশ্বৰে তৈয়াৰ কৰা এই খাদ্যক স্বাস্থ্যসন্মত বুলি কৈছিল বিচাৰকে । লগতে পঁইতা ভাতৰ সোৱাদকলৈও প্ৰশংসা কৰে বিচাৰকে । MasterChef Australia-১৩ ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিব নোৱাৰিলেও থলুৱা খাদ্যৰে বিচাৰকৰ হৃদয় জয় কৰে ছিজনটোৰ অন্যতম জনপ্ৰিয় প্ৰতিযোগী কিশ্বৰ চৌধুৰীয়ে ।

MasterChef Australia ৰ বিজয়ী জাষ্টিন নাৰায়ণ

"পঁইতা ভাত" অসমীয়া লোকৰ বাবে অতি সুস্বাদু আৰু গৰমৰ দিনত খাব পৰা স্বাস্থ্যসন্মত আহাৰ । চহা জীৱনত পঁইতা ভাত আৰু আলু পিটিকাৰ জনপ্ৰিয়তাৰ বিষয়ে সকলোৱে অৱগত । সমান্তৰালকৈ পশ্চিমবংগৰ লোকৰো প্ৰিয় এই পঁইতা ভাত । চুবুৰীয়া দেশ বাংলাদেশতো সমানে প্ৰিয় এই পঁইতা ভাত আৰু আলু পিটিকাৰ জুতি ।

খেতি পথাৰত কাম কৰি থকা সময়ত কৃষকসকলৰ আটাইতকৈ প্ৰিয় খাদ্য পঁইতা ভাত আৰু আলু পিটিকা । এতিয়া নিজ দেশৰ এই থলুৱা খাদ্য সম্ভাৰ অষ্ট্ৰেলিয়াৰ ৰন্ধন সম্পৰ্কীয় টেলিভিছন শ্ব'ত তৈয়াৰ কৰি এতিয়া চৰ্চিত হৈ পৰিছে কিশ্বৰ চৌধুৰী । ৩৮ বছৰীয়া কিশ্বৰ পেছাত এগৰাকী ব্যৱসায়ী ।

কিশ্বৰৰ প্ৰিণ্টিঙৰ ব্যাৱসায় আছে । কিশ্বৰে তৈয়াৰ কৰা খাদ্য গ্ৰহণ কৰি মেলিছা লিয়ঙে কয় যে, এয়া এক শক্তিশালী খাদ্য । লগতে পঁইতা ভাতৰ সোৱাদৰ বিষয়েও তেওঁ প্ৰশংসা কৰে । আনহাতে, বিচাৰক এণ্ডি এলেনে লগতে কয় যে, এয়া পানীত তিয়াই থোৱা চাউল, সিজোৱা আলু আৰু তেলযুক্ত মাছৰ এক সুন্দৰ খাদ্য সম্ভাৰ ।

উল্লেখ্য যে, ভাৰতীয় মূলৰ পশ্চিম অষ্ট্ৰেলিয়াৰ নিবাসী ২৭ বছৰীয়া জাষ্টিন নাৰায়ণে MasterChef Australia-১৩ ৰ বিজয়ীৰ খিতাপ দখল কৰে । আনহাতে, পিট কেম্পবেল প্ৰথম আৰু কিশ্বৰ চৌধুৰী দ্বিতীয় ৰাণাৰ্ছ আপ হয় । ফলাফল ঘোষণাৰ পাছতে জাষ্টিনে ইনষ্টাগ্ৰাম পোষ্টযোগে বিজয়ী হোৱাৰ কথা ঘোষণা কৰে ।

জাষ্টিনলৈ বিজয়ীৰ ট্ৰফীৰ লগতে প্ৰায় ১.৮৬ কোটি টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় । অনুষ্ঠানটোত দীপেন্দৰ চিব্বাৰ নামৰ আন এগৰাকী ভাৰতীয় মূলৰ প্ৰতিযোগীয়েও অংশ লৈছিল ।

লগতে পঢ়ক: PNB Scam : মেহুল চৌক্সিৰ অন্যতম সহযোগী ধনেশ ছেঠক জামিন

Last Updated : Jul 14, 2021, 4:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.