ETV Bharat / bharat

নেলাং উপত্যকাত উপস্থিত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী

author img

By

Published : Apr 15, 2021, 3:59 PM IST

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত আইটিবিপিৰ বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হয় । মন্ত্ৰীগৰাকীয়ে নিউ তেহৰিস্থিত আইটিবিপিৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়ত এটা ৱাটাৰ্ছ স্পৰ্টছ ট্ৰেইনিং চেণ্টাৰ মুকলি কৰিব ।

Kiren Rijiju and DG ITBP SS Deswal arrive in Uttarkashi
নেলাং উপত্যকাত উপস্থিত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী আৰু আইটিবিপিৰ সঞ্চালক প্ৰধান

নেশ্যনেল ডেস্ক,15 এপ্ৰিল: কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান এছ এছ দেশৱালে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৱৰ্তী উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ নেলাং উপত্যকাত উপস্থিত হয় । কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী আৰু আইটিবিপিৰ সঞ্চালক প্ৰধান হেলিকপ্টাৰেৰে নেলাং উপত্যকাত উপস্থিত হোৱাৰ পিচত আইটিবিপিৰ জ্যেষ্ঠ বিষয়াসকলে গাৰ্ড অৱ অনাৰ দিয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী আৰু আইটিবিপিৰ সঞ্চালক প্ৰধানগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত সৈনিকসকলৰ সৈতে বাৰ্তালাপ কৰিব । নেলাঙত নিশা অতিবাহিত কৰাৰ পিচত নিউ তেহৰিস্থিত আইটিবিপিৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়ত ৱাটাৰ্ছ স্পৰ্টছ ট্ৰেইনিং চেণ্টাৰ মুকলি কৰিব । ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আইটিবিপিৰ বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নাগা চকী পৰিদৰ্শন কৰি জোৱানসকলৰ লগত বাৰ্তালাপ কৰিব ।

লগতে পঢ়ক : এলগাৰ ঘটনা : উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিযুক্ত সোমা সেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.