ETV Bharat / bharat

গণ প্ৰহাৰত যুৱকৰ মৃত্যু: উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মানিক সৰকাৰৰ - tripura news

ত্ৰিপুৰাৰ খোৱাই জিলাত 20 জুন তাৰিখে গণ প্ৰহাৰ(Mob lynching) ত তিনি যুৱকৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ(Manik Sarkar) ৰ ৷ গৰু চুৰিৰ সন্দেহত উত্তেজিত জনতাৰ প্ৰহাৰত তিনি যুৱকৰ মৃত্যুৰ ঘটনাই দেশ জুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷

Manik wants high power inquiry Left Front condemns lynching deaths
গণ প্ৰহাৰত যুৱকৰ মৃত্যু: উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মানিক সৰকাৰৰ
author img

By

Published : Jun 22, 2021, 4:10 PM IST

আগৰতলা, 22 জুন: ত্ৰিপুৰাৰ খোৱাই জিলাত 20 জুন তাৰিখে গণ প্ৰহাৰ(Mob lynching) ত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল তিনি যুৱকে ৷ ঘটনাটো সংঘটিত হৈছিল ত্ৰিপুৰাৰ কল্যাণপুৰ অঞ্চলৰ উত্তৰ মহাৰাণীপুৰ এডিচি গাঁৱত ৷ গৰু চুৰিৰ সন্দেহত উত্তেজিত জনতাৰ প্ৰহাৰত তিনি যুৱকৰ প্ৰাণ যোৱা ঘটনাই দেশ জুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷

শেহতীয়াকৈ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ বৰ্তমানৰ নেতা মানিক সৰকাৰে (Manik Sarkar) কল্যাণপুৰ অঞ্চলত সংঘটিত উক্ত মৰেল পুলিচিঙৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ।

এক বিবৃতি জাৰি কৰি সৰকাৰে কয় যে, "আইনখন হাতত লোৱাৰ এয়া আন এক জ্বলন্ত উদাহৰণ । যদি ঘটনাটোৰ ভুক্তভোগীসকল যিকোনো ধৰণৰ বে-আইনী কাৰ্যকলাপৰ সৈতে জড়িত আছিল তেন্তে তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিব লাগিছিল । কিন্তু তাৰ পৰিৱৰ্তে উত্তেজিত গাঁওবাসীয়ে যুৱক কেইজনক হত্যা কৰে ৷ "

"মই ৰাজ্যৰ আৰক্ষীক এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে দৃষ্টান্তমূলক পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছো । এনে ধৰণৰ অপৰাধ বাৰে বাৰে সংঘটিত হোৱাটো বন্ধ কৰিবলৈ এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত অপৰিহাৰ্য", তেওঁৰ বিবৃতিত এনেদৰে উল্লেখ কৰা হৈছে । আনহাতে ত্ৰিপুৰা বাওঁ মৰ্চা সমিতিয়ে বিজেপি-আইপিএফটি চৰকাৰৰ এয়া এক চৰম বিফলতা বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, ত্ৰিপুৰাৰ উত্তৰ মহাৰাণীপুৰ এডিচি গাঁৱত কিছুদিন পূৰ্বে গৰু চুৰিৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাত অত্যন্ত ক্ষোভিত হৈ আছিল স্থানীয় লোকসকল ৷ ইয়াৰ পাছতে দেওবাৰে তিনিজন অচিনাক্ত যুৱকক অঞ্চলটোত সন্দেহজনকভাৱে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকসকলে । অভিযোগ অনুসৰি যুবককেইজনে এখন মিনি ট্ৰাকত গৰু কঢ়িয়াই আনিছিল ৷ উক্ত ঘটনাৰ পটভূমিত ক্ষুব্ধ হৈ ক্ৰোধিত জনতাই যুৱক কেইজনৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ চলাইছিল । বিষয়টো সন্দৰ্ভত খবৰ লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱক কেইজনক উদ্ধাৰ কৰে ৷ জনতাৰ আক্ৰমণৰ ফলত আঘাতপ্ৰাপ্ত হোৱা যুৱককেইজনক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিওঁ চিকিৎসকসকলে তেওঁলোকক মৃত বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত বিশেষ টিকাকৰণ অভিযানৰ শুভাৰম্ভণি বিপ্লৱ কুমাৰ দেৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.