নেচনেল ডেস্ক, 8 মাৰ্চ : আন্তৰ্জাতিক মহিলা দিৱসৰ (International womens day) দিনটোত মহিলা সৱলীকৰণৰ বহুতো দিশ সততে আলোচনা হোৱা দেখা যায় ৷ কিন্তু বাস্তৱ সত্যটো হৈছে যে মহিলাৰ শোষণ আমাৰ সমাজত অব্যাহত আছে । শেহতীয়াকৈ, আহিছে এনে এক খবৰ যি খবৰে চিন্তিত কৰিব আপোনাকো ৷ এগৰাকী নাবালিকাক তেওঁৰ নিজৰ দেউতাকে 2 লাখ টকাত বিক্ৰী কৰাৰ এটা ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ খণ্ডৱাত ।
উল্লেখিত নাবালিকা গৰাকীক বিক্ৰী কৰিবলৈ তেওঁৰ মাক-দেউতাকে দুটা দালালৰ সৈতে মিলি ঔমপ্ৰকাশ নামৰ এজন যুৱকৰ সৈতে চুক্তি কৰে । সম্প্ৰতি আৰক্ষীয়ে নাবালিকা গৰাকীৰ মাক, দেউতাক, দালাল আৰু ক্ৰেতাৰ বিৰুদ্ধে ৩৭০(৪), ৩৭০এ, ১২০ বি, ৩৪ আইপিচি ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । অভিযোগ অনুসৰি, টাইগ্ৰা গাঁৱৰ বাসিন্দা ১৬ বছৰীয়া কিশোৰীগৰাকীক ৰটলামৰ বাৰোদিয়াৰ বাসিন্দা ঔমপ্ৰকাশৰ দেউতাক নন্দৰামক ২ লাখ টকাত বিক্ৰী কৰা হৈছিল ।
উল্লেখ্য যে, পুনম জৈন আৰু গিৰধৰ লেৱাৰিকাৰ নামৰ দালাল দুটাই জীয়েকক বিক্ৰী কৰাৰ ক্ষেত্ৰত দেউতাকৰ লগত সহযোগিতা কৰিছিল । গিৰধৰ আৰু পুনমে কিশোৰজনৰ মাক দেউতাকক লগ কৰাৰ লগতে আৰু ঔমপ্ৰকাশৰ সৈতে ২ লাখ টকাৰ এক চুক্তি কৰে (Parents sold 16 year old daughter in Ratlam) । চুক্তিৰ ভিতৰত, ঔমপ্ৰকাশৰ দেউতাক নন্দৰামে কিশোৰৰ পিতৃ-মাতৃক 50,000 টকা আগধন দিছিল ।পৰৱৰ্তী সময়ত আৰক্ষীয়ে নাবালিকাগৰাকীৰ অভিভাৱককে ধৰি ছয়জন লোকক আটক কৰে ৷
লগতে পঢ়ক : যৌতুক আমাৰ সংস্কৃতি নহয় : ভাস্কৰজ্যোতি মহন্ত