ETV Bharat / bharat

গণতন্ত্ৰ দিৱসৰ দিনা ৰক্তাক্ত কৰাৰ ভাবুকি এছ এফ জেৰ প্ৰতিষ্ঠাপক পান্নুনৰ - Gurpatwant Singh Pannun

Khalistani terrorist Pannun threats ahead of Republic Day : গণতন্ত্ৰৰ দিৱসৰ দিনা দেশৰ ৰাজধানী দিল্লীত কূটাঘাটৰ সংঘটিত কৰাৰ ভাবুকি নিষিদ্ধ ঘোষিত সংগঠন এছ এফ জেৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে ৷

khalistani terrorist pannun threats ahead of republic day
গণতন্ত্ৰ দিৱসৰ দিনা ৰক্তাত কৰাৰ ভাবুকি এছ এফ জেৰ প্ৰতিষ্ঠাপক পান্নুনৰ
author img

By ANI

Published : Jan 16, 2024, 1:54 PM IST

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : সমাগত গণতন্ত্ৰ দিৱস ৷ কিন্তু গণতন্ত্ৰ দিৱসৰ দিনা দেশৰ ৰাজধানী দিল্লীত কূটাঘাট সংঘটিত কৰা হ’ব বুলি ভাবুকি দিছে নিষিদ্ধ ঘোষিত সংগঠন শিখফছ ফৰ জাষ্টিছ চমুকৈ এছ এফ জেৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে ৷ গণৰাজ্য দিৱসৰ পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰিছে পান্নুনে ৷

তেওঁ ভিডিঅ’ত কয় যে, খলিস্তানী সন্ত্ৰাসবাদী হৰদ্বীপ সিং নিজ্জাৰৰ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব । উল্লেখ্য যে, 2023 চনৰ ছেপ্টেম্বৰত হৰদ্বীপ সিং নিজ্জাৰক দুৰ্বৃত্তই হত্যা কৰিছিল ৷ তাৰ পাচতে ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক বিবাদ আৰম্ভ হৈছিল ৷ ইয়াৰ পাচতে বহু লোকে কানাডা ত্যাগ কৰিছিল ৷ কিন্তু 2023 চনৰ নৱেম্বৰত পান্নুনে শিখসকলক 19 নৱেম্বৰৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিমানত উৰা মাৰিবলৈ নিদিয়াৰ কথা কৈছিল ৷ তেওঁলোকৰ জীৱন বিপদৰ সন্মুখীন হ'ব পাৰে ।

ইফালে 2019ৰ 10 জুলাই ভাৰত চৰকাৰে শিখফ ছ'চিয়েচন ফৰ জাষ্টিচক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল । আনহাতে, ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ ভাবুকি এয়াই প্ৰথম নহয়, পূৰ্বেও এনেধৰণৰ ভাবুকি দিছিল পান্নুনে ৷ 2023 বৰ্ষৰ 13 ডিচেম্বৰত সংসদ আক্ৰমণ কৰাৰ ভাবুকি দিছিল ।

2021 চনৰ 3 ফেব্ৰুৱাৰীত ভাৰতৰ তদন্তকাৰী সংস্থা এন আই এৰ বিশেষ আদালতে পান্নুনৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল আৰু 2022 চনৰ 29 নৱেম্বৰত তেওঁক মষ্ট ৱান্টেড অপৰাধী হিচাপে ঘোষণা কৰা হৈছিল । উল্লেখ্য যে, যোৱা বছৰ এন আই এয়ে অমৃতসৰ, পঞ্জাৱ আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ পান্নুনৰ ঘৰ আৰু ভূমি জব্দ কৰিছিল তদন্তকাৰী সংস্থাটোৱে ।

এন আই এৰ অনুসন্ধানত প্ৰকাশ পাইছে যে পান্নুনৰ সংগঠন, শিখছ ফৰ জাষ্টিচে চাইবাৰস্পেছৰ ব্যৱহাৰ কৰি কিছু যুৱকৰ হাতত অস্ত্ৰ তুলি দিছিল লগতে সন্ত্ৰাসবাদী অপৰাধ আৰু কাৰ্যকলাপ কৰিবলৈ উদগনি দিছিল ।

লগতে পঢ়ক : ভয়ংকৰ ঘূৰ্ণীবতাহৰ আশংকা, জাৰি কৰা হৈছে সৰ্তকবাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.