নিউজ ডেস্ক,18 নৱেম্বৰ : মঙলবাৰে চেন্নাইৰ পৰা এল্লেপ্পী অভিমুখী যাত্ৰীবাহী ৰে’লৰ দুজন যাত্ৰীৰ পৰা 1.989 কিলোগ্ৰাম অবৈধ সোণ জব্দ কৰে সীমা শুল্ক বিভাগে ৷ জব্দকৃত সোণখিনিৰ মূল্য 1.04 কোটি টকা বুলি সীমা শুল্ক বিভাগে জানিবলৈ দিয়ে ৷
কোচিৰ শুল্ক কমিচনাৰে জনোৱা মতে,সৰবৰাহকাৰী দুজনে কঁকালত সোণখিনি বান্ধি ৰাখিছিল ৷
এই ঘটনাৰ লেখীয়াকৈ চলিত সপ্তাহৰ আৰম্ভণিতে কেৰালা বায়ু চোৰাংচোৱা বিভাগে কানপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত 674 গ্ৰাম ওজনৰ চাৰিটা সোণৰ কেপচুল জব্দ কৰিছিল ৷
লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ মিৰাটত চিলিণ্ডাৰ বিস্ফোৰণঃ 2 জন নিহত, আহত 5 জন