ETV Bharat / bharat

Girl Killed Boyfriend: বিহ মিহলি ফলৰ ৰস খুৱাই প্ৰেমিকক হত্যা কৰিলে প্ৰেমিকাই

author img

By

Published : Oct 31, 2022, 6:19 PM IST

কেৰালাৰ থিৰুৱন্তপুৰমৰ ওচৰৰ পৰাশলাত আৰু এটা ভয়ংকৰ অপৰাধৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী 22 বছৰীয়া যুৱতীক তেওঁৰ প্ৰেমিকক বিহ দি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে (girl arrested charging killing of boyfriend) ।

murder
murder

নিউজ ডেস্ক, ৩১ অক্টোবৰ : পাথানামথিট্টা মানৱ বলিদানৰ (Pathanamthitta human sacrifices) পিছত কেৰালাৰ থিৰুৱন্তপুৰমৰ ওচৰৰ পৰাশলাত আৰু এটা ভয়ংকৰ অপৰাধৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী 22 বছৰীয়া যুৱতীক তেওঁৰ প্ৰেমিকক বিহ দি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে (girl arrested charging killing of boyfriend) ।

আৰক্ষী সূত্ৰই জনোৱা মতে, কেৰালা সীমান্তৰ ওচৰৰ তামিলনাডুৰ ৰামবৰ্মনচিৰাৰ বাসিন্দা গ্ৰীষ্মাই কেৰালা সীমান্তৰে ওচৰৰ তিৰুৱন্তপুৰমৰ ওচৰৰ পৰাশলাৰ বাসিন্দা শ্বেৰণ ৰাজৰ প্ৰেমত পৰিছিল । ইফালে তেওঁৰ পিতৃ-মাতৃয়ে এজন সৈনিকৰ সৈতে তেওঁৰ বিবাহ ঠিক কৰিছিল । তাৰ পিছত যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালে তেওঁৰ প্ৰেমিকক হত্যা কৰি তাৰ পৰা পৰিত্ৰাণ পোৱাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে (Kerala girl killing boyfriend by poisoning) ।

লগতে যুৱতীগৰাকীৰ পৰিয়ালে অন্ধবিশ্বাসৰ বলি হৈ উক্ত হত্যাৰ ষড়যন্ত্ৰৰ পৰিকল্পনা কৰা বুলি কোৱা হৈছে । অন্ধবিশ্বাসটো হৈছে যে তেওঁক প্ৰথমে যিয়েই বিয়া কৰাব, তেওঁ নৱেম্বৰৰ আগতে কম সময়ৰ ভিতৰতে মৃত্যুবৰণ কৰিব । ঘটনাক্ৰমে শ্বাৰণ ৰাজে বিষক্ৰিয়াত মৃত্যু হোৱাৰ পূৰ্বে কেইবাবাৰো তামিলনাডুত গ্ৰীষ্মা থকা ঠাইলৈ গৈছিল । পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে তেওঁ এটা গীৰ্জাত অনানুষ্ঠানিকভাৱে বিয়া কৰাইছিল বুলিও সন্দেহ কৰা হৈছে ।

উল্লেখ্য, ছেপ্টেম্বৰৰ 14 তাৰিখে শ্বাৰণে তামিলনাডুৰ ৰামবৰ্মনচিৰাত থকা যুৱতীগৰাকীৰ ঘৰলৈ ৰেকৰ্ড বুক এখন ঘূৰাই ল'বলৈ গৈ সুস্থ অৱস্থাতেই ঘৰলৈ উভতি আহিছিল । কিন্তু শ্বাৰণ ৰাজৰ পৰিয়ালে অভিযোগ কৰিছে যে তাৰ পিছত তেওঁ যিটো ৰোগত ভোগে তাৰ কাৰণ আছিল যুৱতীগৰাকীয়ে তেওঁৰ ঘৰত দিয়া বিহ মিহলি ফলৰ ৰস ।

আনহাতে, যুৱতীগৰাকী আৰু যুৱকজনৰ মাজত হোৱা হোৱাটছএপ চাটবোৰেও এইটো প্ৰমাণ কৰা বুলি সূত্ৰত প্ৰকাশ । শ্বাৰণ আৰু গ্ৰীষ্মাই এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰস পান কৰিছিল । পিছত এইটো আৱিষ্কাৰ হৈছিল যে ৰসত বিষ মিহলি কৰা হৈছিল । লগতে মৃতকৰ পৰিয়ালৰ দাবী, শ্বাৰণে যিমানবাৰ যুৱতীগৰাকীক লগ কৰিবলৈ গৈছিল, তাৰ পৰা উভতি অহাৰ পিছত পেটৰ বিষৰ অভিযোগ কৰিছিল ।

তেওঁলোকে অভিযোগ কৰে যে শ্বাৰণ ৰাজক কেইবাদিনো ধৰি কম কমকৈ বিষ (slow poison) দি হত্যা কৰা হৈছে । আনহাতে, আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এনে ধৰণৰ হত্যা কেৱল গোটেই পৰিয়ালটো জড়িত হ'লেহে সংঘটিত হ'ব পাৰে । গ্ৰীষ্মাই যুৱকজনক কপাৰ ছালফেটৰ সৈতে ৰস মিহলি কৰি হত্যা কৰিছিল । গ্ৰীষ্মাই আৰক্ষীৰ দ্বাৰা আঠ ঘণ্টা ধৰি চলি থকা জেৰাৰ অন্তত হত্যাৰ স্বীকাৰোক্তি দিয়া বুলি সূত্ৰটোৱে জনায় ।

উল্লেখ্য, কেৰালাৰ পাঠানমথিট্টা মানৱ বলিদানত দুগৰাকী মহিলাক নিৰ্মমভাৱে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল আৰু তেওঁলোকৰ তেজ অভিযুক্তসকলে গাত ছটিয়াই লৈছিল । ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বাস্থ্য, সম্পদ আৰু সমৃদ্ধি অৰ্জন হ'ব বুলি অন্ধবিশ্বাস কৰিছিল । গুৰুতৰ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা দম্পতিহালৰ বাবে সৌভাগ্য কঢ়িয়াই আনিবলৈ এজন ওজাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই হত্যাকাণ্ড সংঘটিত কৰিছিল ।

লগতে পঢ়ক :CAA Supreme Court Hearing : ৬ নৱেম্বৰলৈ পিছুৱাল নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহ্বানৰ শুনানি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.