ETV Bharat / bharat

Journalist Siddique Kappan: 27 মাহৰ কাৰাবন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিল সাংবাদিক ছিদ্দিক কপ্পন

author img

By

Published : Feb 2, 2023, 6:14 PM IST

কেৰালাৰ সাংবাদিক ছিদ্দিক কপ্পনক বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় (Journalist Siddique Kappan released from jail)। প্ৰৱৰ্তন সঞ্চালকালয়ত পঞ্জীয়নভুক্ত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA) আৰু আই টি আইনকে ধৰি সকলো গোচৰতে জামিন লাভ কৰাৰ পিচত কাৰাগাৰ প্ৰশাসনে কপ্পনক মুকলি কৰি দিয়ে (Allegations on journalist Siddique Kappan) ।

Journalist Siddique Kappan released from jail
সাংবাদিক ছিদ্দিক কপ্পন

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা সাংবাদিক ছিদ্দিক কপ্পন ৷ কেৰালাৰ এই সাংবাদিকগৰাকী যোৱা 27 মাহ ধৰি কাৰাবন্দী হৈ আছিল উত্তৰপ্ৰদেশৰ লক্ষ্ণৌৰ জিলা কাৰাগাৰত ৷ প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ ওচৰত দাখিল হোৱা অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন আৰু আই টি আইনৰ সকলো গোচৰত জামিন লাভ কৰে কপ্পনে ৷ বুধবাৰে নিশা লক্ষ্ণৌ কাৰাগাৰৰ অধীক্ষকে কপ্পনৰ জামিনৰ নিৰ্দেশ লাভ কৰে (Journalist Siddique Kappan released from jail) ৷

লক্ষ্ণৌ জিলা কাৰাগাৰ অধীক্ষক আশীষ তিৱাৰীয়ে কয় যে, ছিদ্দিক কপ্পনৰ মুক্তিৰ নিৰ্দেশ পোৱা গৈছে । আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বৃহস্পতিবাৰে পুৱা তেওঁক মুকলি কৰি দিয়া বুলিও তেওঁ জনায় (Kerala journalist Siddique Kappan) । দৰাচলতে কেৰালাৰ মালাপ্পুৰমৰ বাসিন্দা ছিদ্দিক কপ্পন প্ৰায় 27 মাহ কাৰাগাৰত আছিল । 2020 চনৰ 5 অক্টোবৰত হাথৰাছত অশান্তি সৃষ্টিৰ ষড়যন্ত্ৰৰ অভিযোগত আন তিনিজনৰ সৈতে হাথৰাছলৈ গৈ থকা অৱস্থাত সাংবাদিক কপ্পনক গ্ৰেপ্তাৰ কৰা হৈছিল (Journalist Siddique Kappan case) ।

কপ্পনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত 124 A(দেশদ্ৰোহ), 153 A (ধৰ্মৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা) আৰু 295 A (ইচ্ছাকৃত আৰু দুৰ্নীতিপৰায়ণ কাম, যিকোনো শ্ৰেণীৰ ধৰ্মীয় অনুভূতিক ক্ষুব্ধ কৰাৰ উদ্দেশ্যেৰে নিজৰ ধৰ্মক অপমান কৰা বা ধৰ্মীয় বিশ্বাস) গোচৰ ৰুজু হৈছিল (News of journalist Siddique Kappan)।

হাথৰাছত সংঘটিত এগৰাকী দলিত ছোৱালীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল কপ্পন । প্ৰথমে শান্তি বিঘ্নিত কৰাৰ সন্দেহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । পিচত তেওঁৰ বিৰুদ্ধে ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰা হয় । অভিযোগ উত্থাপন হৈছিল যে, হাথৰাছৰ দলবদ্ধ ধৰ্ষণ-হত্যাৰ পৰিপ্ৰেক্ষিতত কপ্পন আৰু বাহনখনত তেওঁৰ লগত থকা লোককেইজনে সাম্প্ৰদায়িক সংঘাত সৃষ্টি আৰু সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা চলাইছিল (Allegations on journalist Siddique Kappan) ।

ছিদ্দিকী কপ্পনক যোৱা বছৰৰ 9 ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল । কিন্তু তাৰ পাচতো তেওঁ কাৰাগাৰতে থাকিবলগীয়া হৈছিল ৷ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত এটা গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ 41 দিনৰ পিচত কপ্পন মুকলি আকাশৰ তললৈ ওলাই আহিছে । জেলত থকা সময়ছোৱাত কপ্পনৰ মাকৰ মৃত্যু হৈছিল । ইয়াৰ পিচত তেওঁৰ জামিন সম্পৰ্কীয় বিষয়টো আলোচনাৰ বিষয় হৈ পৰিছিল (Release of journalist Siddique Kappan)।

‘‘মই ২৮ মাহৰ পাচত জেলৰ পৰা ওলাই আহিছোঁ । মোক সহায় কৰা সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ । মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছিল । মই এতিয়া কাৰামুক্ত হৈ অহাত সুখী ।’’ মুক্তিৰ পিচত সংবাদ মাধ্যমৰ সৈতে কথা পাতি সাংবাদিকগৰাকীয়ে এইদৰে কয় । সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয় ‘‘জামিন পোৱাৰ পিচতো তেওঁলোকে মোক জেলত ৰাখিছিল । মোৰ জেলত থকাৰ ফলত কোনে লাভৱান হৈছে মই নাজানো’’ । বুধবাৰে কপ্পনক মুকলি কৰি দিব লগা হৈছিল যদিও বিশেষ ইডি আদালতৰ ন্যায়াধীশ ব্যস্ত হৈ পৰিছিল বাৰ কাউন্সিলৰ নিৰ্বাচনত ।

লগতে পঢ়ক: Life imprisonment to Asharam: ধৰ্ষণৰ গোচৰত পুনৰ যাৱজ্জীৱন কাৰাদণ্ড আশাৰাম বাপুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.