নিউজ ডেস্ক, 5 নৱেম্বৰ: "কেৱল বিদ্যায়তনিক দিশতে অধিক গুৰুত্ব প্ৰদান নকৰি ব্যক্তিত্ব বিকাশ আৰু সামাজিক দায়বদ্ধতাৰ মনোভাৱ বিকাশৰ ক্ষেত্ৰতো সমানে গুৰুত্ব দিয়ক" ৷ ছাত্ৰ ছাত্ৰীক উদ্দেশি এই মন্তব্য কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ ৷ বুধবাৰে ভাৰতীয় বিদ্যা ভৱনৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমুহৰ অধ্যক্ষ সকলৰ 11 সংখ্যক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে ৷ লগতে ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে যে,এজন ছাত্ৰৰ সফলতা কেৱল মাৰ্কশ্বিট আৰু ডিগ্ৰীৰে নিৰ্ধাৰণ কৰা নহয়,এজন ছাত্ৰৰ সফলতা তেওঁৰ সামাজিক দায়বদ্ধতা আৰু সমাজৰ সেৱাৰেহে নিৰ্ধাৰণ হয় ৷ গতিকে ছাত্ৰ ছাত্ৰী সকলে নিজকে সমাজৰ এজন দায়বদ্ধ ব্যক্তি হিচাপে গঢ়ি তোলাৰ অভ্যাস গঢ়ি তোলক বুলি মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে ৷
আনহাতে শিক্ষক সকলক ৰাজ্যপাল গৰাকীয়ে মন্তব্য কৰে যে,এজন ব্যক্তিক এন্ধাৰৰ পৰা পোহৰৰ বাট দেখুওৱা জনেই হৈছে শিক্ষক ৷ প্ৰত্যেক ক্ষেত্ৰতে শিক্ষক সকল আধ্যাত্মিক পিতৃ-মাতৃ বুলি উল্লেখ কৰে ৰাজ্যপাল আৰিফ মহম্মদ খানে ৷
লগতে পঢ়কঃ উত্তৰ-পূৱত অধিক বিনিয়োগৰ লক্ষ্য ইজৰাইলৰ