ETV Bharat / bharat

কেৰালাত স্থাপন কৰা হ'ব জিলা-ৰাজ্যিক পৰ্যায়ত অক্সিজেন কক্ষ - কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে জনায় যে ৰাজ্যখনত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অক্সিজেন কক্ষ স্থাপন কৰিব । এই কক্ষটো আৰক্ষী, স্বাস্থ্য, পৰিবহন, দুৰ্যোগ ব্যৱস্থাপনা আৰু পেট্ৰ'লিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে কাম কৰিব ।

kerala
কেৰালা
author img

By

Published : Apr 30, 2021, 1:09 PM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে । ইয়াৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । বিশেষকৈ অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিছে ভাৰতত । ইয়াৰ বাবে কেৰালা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

ৰাজ্যখনত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অক্সিজেন কক্ষ স্থাপন কৰা হ'ব । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে শুকুৰবাৰে টুইটাৰযোগে জনায় এই কথা ।

এই অক্সিজেন কক্ষসমূহে আৰক্ষী, স্বাস্থ্য, পৰিবহন, দুৰ্যোগ ব্যৱস্থাপনা আৰু পেট্ৰ'লিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থাৰ (পিইএছও) প্ৰতিনিধিসকলৰ সৈতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত কাম কৰিব । অহা মডিউলক 'ক'ভিড জাগ্ৰাটা পৰ্টেল'ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক টুইটযোগে কয় । তেওঁ কয় যে জিলাসমূহত প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ দ্বাৰা অক্সিজেনৰ ষ্টক নিৰীক্ষণ কৰা হ'ব ।

দেশৰ কেবাখনো ৰাজ্যই অক্সিজেনৰ তীব্ৰ অভাৱত থকাৰ সময়তে কেৰালা চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা জনায় যে, কাছাৰগোড জিলা পঞ্চায়তৰ অন্তৰ্গত চট্টাঞ্চল ঔদ্যোগিক উদ্যানত এটা অক্সিজেন প্ৰকল্পও স্থাপন কৰা হ'ব । ইফালে, বৃহস্পতিবাৰে কেৰালাত ৩৮,৬০৭ জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: পৱন হংস হেলিকপ্টাৰেৰে ক'ভিড ৰোগীক স্থানান্তৰ কৰিলে ভাৰতীয় নৌ-সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.