নেশ্যনেল ডেস্ক , 18 অক্টোবৰ : প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনে কেৰালাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ প্ৰকৃতিৰ এই ধ্বংসলীলাত ইতিমধ্যে 27 জনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ৷ কিন্তু, এই মহাপ্ৰলয়ৰ মাজতে বিবাহপাশত আৱদ্ধ হৈ চৰ্চালৈ আহিছে ৰাজ্যখনৰ এটা দম্পতী ৷
বান আৰু মূষলধাৰ বৰষুণেও আকাশ আৰু ঐশ্বৰ্যৰ উৎসাহ ম্লান কৰিব নোৱাৰিলে ৷ সোমবাৰে পুৱা এটা খাদ্য ৰন্ধা টৌত উঠি দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে নিৰ্ধাৰিত বিবাহস্থলীলৈ ওলাই আহে ৷ কিন্তু ধাৰাসাৰ বৰষুণ ফলত অঞ্চলটো প্লাবিত হৈ পৰে ৷ যাৰ ফলত দৰা-কইনাৰ লগতে পৰিয়ালৰ সদস্যসকল বিবাহস্থলীত উপস্থিত হোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল ৷
সেয়ে পৰিয়ালৰ লোকসকলে পানীৰ মাজেৰে দৰা-কইনাক লৈ যোৱাৰ বাবে নাৱৰ ব্যৱস্থা কৰাৰ কথা ভাবে ৷ কথা মতেই কাম ৷ খাদ্য ৰন্ধা এটা টৌত দৰা-কইনা দুয়োকে বহুৱাই পানীৰ মাজেৰে বিবাহথলীলৈ লৈ যোৱা হ'ল ৷
আকাশৰ মাতৃয়ে জানিবলৈ দিয়া মতে, লগ্নৰ সময়ত যাতে বিবাহকাৰ্য সম্পন্ন কৰিব পৰা যায়, তাৰ বাবে তেওঁলোকে এই ব্যৱস্থা কৰে ৷
উল্লেখ্য যে, বিগত বৰ্ষত Chenagannur এখন ব্যক্তিগত চিকিৎসালয়ত ক'ভিডৰ দায়িত্বত নিয়োজিত থকাৰ সময়তে দুয়ো প্ৰেমত পৰিছিল ৷ আকাশ এজন clinical staff হিচাপে কৰ্মৰত আৰু ঐশ্বৰ্যও একেখন চিকিৎসালয়ৰ এগৰাকী নাৰ্ছ ৷
ক'ভিডৰ প্ৰতিবন্ধকতাৰ বাবে, কেৱল নিকটাত্মীয়সকলকহে বিবাহলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু, আকস্মিক বানে তেওঁলোকৰ পৰিকল্পনা বিফল কৰিছিল ৷ যাৰ ফলত পৰিয়ালটোৱে সকলো উৎসৱ পৰিহাৰ কৰাৰ লগতে কেৱল বিবাহকাৰ্য সম্পন্ন কৰাৰ সিদ্ধান্ত লয় ৷
লগতে পঢ়ক : বৰষুণত ক্ষতিগ্ৰস্ত কেৰালাত মৃতকৰ সংখ্যা 27 জনলৈ বৃদ্ধি