ETV Bharat / bharat

কেৰালাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক’ভিড প্ৰ’টকল উলংঘনৰ অভিযোগ

author img

By

Published : Apr 15, 2021, 9:31 AM IST

৮ এপ্ৰিলত পিনাৰাই বিজয়ন ক’ভিড আক্ৰান্ত বুলি পৰীক্ষণত ধৰা পৰে ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ দেহত 4 এপ্ৰিলৰ পৰা ক’ৰণাৰ লক্ষণে দেখা দিছিল ৷ তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ পিচতো মুখ্যমন্ত্ৰীগৰাকীয়ে এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ লগতে ভোটদান কেন্দ্ৰত গৈ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

Kerala CM's campaigning after showing Covid symptoms draws flak
কেৰালাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক’ভিড প্ৰ’টকল উলংঘন কৰাৰ অভিযোগ

নিউজ ডেস্ক, 15 এপ্ৰিল : কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বিৰুদ্ধে ক’ভিড প্ৰ’টকল উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কেৰালাত 6 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দুদিন পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে ক’ভিডত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰিছিল ৷ ইয়াৰ পাচত বুধবাৰে পুনৰ কৰা ক’ভিড পৰীক্ষণত মুখ্যমন্ত্ৰীগৰাকীৰ ক’ভিড নাই বুলি ফলাফল আহে ৷ এই পৰীক্ষণৰ পাচত পিনাৰাই বিজয়নক কোঝিকোডে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় ৷

পিনাৰাই বিজয়ন আৰু তেওঁৰ পত্নীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পাচতেই তেওঁৰ বিৰুদ্ধে ক’ভিড প্ৰ’টকল উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যিকোনো ব্যক্তি ক’ভিড আক্ৰান্ত হোৱাৰ 10 দিনৰ পাচত তেওঁক পৰীক্ষণ কৰিব লাগে আৰু তাৰ পাচতহে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ক’ভিডত আক্ৰান্ত হোৱা তেওঁৰ পত্নীকো চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷

ইপিনে, কোঝিকোডে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই ক’ভিড পৰীক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ নীতি-নিৰ্দেশনা উলংঘন কৰা হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে 4 এপ্ৰিলত ক’ভিডৰ পৰীক্ষণ কৰাৰ কথা ব্যক্ত কৰে ৷ কিন্তু সেইদিনা কেৰালাত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন আছিল আৰু বিজয়নক ধাৰমাডাম বিধানসভা সমষ্টিত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰা দেখা গৈছিল ৷ তদুপৰি ৬ এপ্ৰিলত বিজয়নে ভোটদান কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিছিল ।

কোঝিকোডে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই ইয়াৰ পাচতেই তেওঁৰ মন্তব্যৰ স্পষ্টীকৰণত কয় যে, মুখ্যমন্ত্ৰীগৰাকীৰ 4 এপ্ৰিলৰ পৰা ক’ৰণাৰ লক্ষণে দেখা দিছিল আৰু 8 এপ্ৰিলত তেওঁৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ এই পৰীক্ষণত মুখ্যমন্ত্ৰীৰ দেহত ক’ৰণাৰ অৱস্থিতি ধৰা পৰিছিল আৰু সেই অনুসৰি বুধবাৰে 10 দিন অপেক্ষাৰ ম্যাদ সম্পূৰ্ণ হৈছিল । মুখ্যমন্ত্ৰীগৰাকীৰ দ্বিতীয়টো পৰীক্ষণ নেতিবাচক হোৱাত তেওঁক এসপ্তাহ ঘৰত কোৱাৰেন্টাইন থাকিবলৈ পৰামৰ্শ দি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ।

লগতে পঢ়ক : ক’ভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.