ETV Bharat / bharat

ভাৰতৰ প্ৰথমগৰাকী মহাকাশ পৰ্যটক হ'ব সন্তোষ জৰ্জ কুলাংগাৰা - ইউনিটি ২২

দেশ-বিদেশ ভ্ৰমণ কৰি বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট কেৰালাৰ কোট্টায়াম জিলাৰ বাসিন্দা সন্তোষ জৰ্জ কুলাংগাৰা (Santosh George Kulangara) । ৰোমাঞ্চকৰ ভ্ৰমণকাহিনী, মালায়ালম ভাষাত সম্প্ৰচাৰিত টেলিভিছন শ্ব' "সংচাৰাম"ৰ বাবে জনাজাত সাংবাদিক তথা ভ্ৰমণকাৰী সন্তোষ জৰ্জ কুলাংগাৰা । কিন্তু এইবাৰ সন্তোষ জৰ্জৰ গন্তব্যস্থল হ'ব মহাকাশ । ভাৰতৰ প্ৰথমগৰাকী মহাকাশ পৰ্যটক হিচাপে মহাকাশলৈ যাত্ৰা কৰিবলৈ সাজু সন্তোষ জৰ্জ কুলাংগাৰা । মহাকাশ ভ্ৰমণৰ বাবে ২.৫ লাখ মাৰ্কিন ডলাৰ ব্যয় কৰিব লাগিব সাংবাদিকগৰাকীয়ে ।

Kerala based journalist,  traveller Santosh George Kulangara is all set to become India's first space tourist
মহাকাশলৈ যাব সন্তোষ জৰ্জ কুলাংগাৰা
author img

By

Published : Jul 17, 2021, 12:25 PM IST

Updated : Jul 17, 2021, 12:38 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুলাই: ভাৰতৰ প্ৰথমগৰাকী মহাকাশ পৰ্যটক (Indias first space tourist) হিচাপে ইতিহাস ৰচিবলৈ সাজু সাংবাদিক তথা ভ্ৰমণকাৰী সন্তোষ জৰ্জ কুলাংগাৰা Santosh George Kulangara) । ২৪ বছৰত ১৩০ খনতকৈও অধিক দেশ ভ্ৰমণ কৰিছে সাংবাদিকগৰাকীয়ে । ৰোমাঞ্চকৰ ভ্ৰমণকাহিনী, মালায়ালম ভাষাত সম্প্ৰচাৰিত টেলিভিছন শ্ব' "সংচাৰাম"ৰ বাবে জনাজাত সাংবাদিক তথা ভ্ৰমণকাৰী সন্তোষ জৰ্জ কুলাংগাৰা । কিন্তু এতিয়া ভাৰতৰ প্ৰথমগৰাকী মহাকাশ পৰ্যটক হিচাপে পৰিচিত হ'বলৈ সাজু হৈছে সন্তোষ জৰ্জ । তেওঁ ৰিচাৰ্ড ব্ৰেনছনৰ ভাৰ্জিন গেলেক্টিক(Virgin Galactic)ত মহাকাশ ভ্ৰমণ কাৰ্যসূচীৰ বাবে টিকট বুক কৰা একমাত্ৰ ভাৰতীয় ।

'মহাকাশ পৰ্যটক'ৰ গোটত অন্তৰ্ভুক্তিৰ বাবে তেওঁ আবেদন জনাইছিল আৰু ২০০৭ চনত তেওঁক বাছনি কৰা হৈছিল । মহাকাশ ভ্ৰমণৰ বাবে ২.৫ লাখ মাৰ্কিন ডলাৰ ব্যয় কৰিব লাগিব সাংবাদিকগৰাকীয়ে । সন্তোষে তেওঁৰ মহাকাশ ভ্ৰমণৰ ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিব । তেওঁ কয় যে, এই যাত্ৰা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সকলো কেৰালাৰ লোকসকলৰ বাবে । ভাৰ্জিন গেলেক্টিক হৈছে ৰিচাৰ্ড ব্ৰেনছনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা ব্যক্তিগত মহাকাশ বিমান কোম্পানী, যাৰ লক্ষ্য হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটকসকলক মহাকাশ ভ্ৰমণ কৰোৱা ।

যোৱা ১১ জুলাইত ৰিচাৰ্ড ব্ৰেনছনে পাইলট ডেভ মেকে আৰু মাইকেল মাচুচি, মিছন বিশেষজ্ঞ চিৰিছা বান্দলা, কলিন বেনেট আৰু বেথ ম'জেছৰ সৈতে ভাৰ্জিন গেলেক্টিকৰ ভিএছএছ ইউনিটিত মহাকাশলৈ উৰা মাৰিছিল আৰু মহাকাশ পৰ্যটনৰ দুৱাৰ মুকলি কৰিছিল । এয়া সকলো কৰ্মচাৰীৰ সৈতে কৰা ইউনিটিৰ ২২ সংখ্যক পৰীক্ষামূলক যাত্ৰা আছিল । ২০২২ চনৰ আৰম্ভণিৰ পৰা বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ ভাৰ্জিন গেলেক্টিকে আৰু দুখন বিমান পৰিচালনা কৰে ।

প্ৰতিষ্ঠানটোৱে প্ৰতি বছৰে ৪০০ খন এনে ধৰণৰ বিমান চলাচল কৰাৰ পৰিকল্পনা কৰিছে । জানিব পৰা মতে, ইতিমধ্যে মহাকাশ যাত্ৰাৰ বাবে ৬০০টা টিকট বিক্ৰী হৈছে । ইউনিটিৰ এই পৰীক্ষণমূলক মহাকাশ ভ্ৰমণৰ সাক্ষী হৈ প্ৰথমবাৰৰ বাবে যাত্ৰা কৰিছিল এগৰাকী তেলেগু মূলৰ মহিলায়ো । ভাৰ্জিন গেলেক্টিকত চৰকাৰী বিষয়ৰ পৰিক্ৰমা বিভাগৰ উপ-সভাপতি হিচাপে কাম কৰা চিৰিশা বান্দলাই মহাকাশযান 'ইউনিটি-২২'ত মহাকাশলৈ উৰা মাৰিছিল ।

চিৰিশাৰ পিতৃ-মাতৃ অন্ধ্ৰ প্ৰদেশৰ আৰু তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত বাস কৰে । তেওঁ ৱাশ্বিংটনত এৰোস্পেচ আৰু মহাকাশচাৰী অভিযান্ত্ৰিক পাঠ্যক্ৰমত স্নাতক ডিগ্ৰী লাভ কৰিছিল । লগতে জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা এমবিএ পাঠ্যক্ৰমো কৰিছিল চিৰিশাই । ২০১৫ চনৰ পৰা চিৰিশা ভাৰ্জিন গেলেক্টিকত কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে ।

লগতে পঢ়ক:মণিপুৰত মাৰনাস্ত্ৰসহ আটক ZUF(K)ৰ ৪ কেডাৰ

Last Updated : Jul 17, 2021, 12:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.