ETV Bharat / bharat

Centre ordinance row : সমৰ্থন বিচাৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কাষ চাপিছে কেজৰিৱাল - Sandip Dixit on Centre ordinance

কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছৰ সমৰ্থন বিচাৰিছে কেজৰিৱালে (Kejriwal seeks Congress supports)। যাৰ বাবে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাতৰ বাবে সময় বিচাৰিছে কেজৰিৱালে । অজয় মাকেন আৰু সন্দীপ দীক্ষিতে কেজৰিৱালক মুকলিকৈ সমৰ্থনৰ বিৰোধিতা কৰিছে ।

Centre ordinance row
সমৰ্থন বিচাৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কাষ চাপিছে কেজৰিৱাল
author img

By

Published : May 26, 2023, 3:08 PM IST

নেশ্যনেল ডেস্ক,২৬ মে': কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেশজুৰি অভিযান আৰম্ভ কৰিছে (Delhi CM on Centre ordinance)। বিৰোধী দলৰ সমৰ্থন বিচাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰাজ্যলৈ গৈছে । ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছৰো সমৰ্থন বিচাৰিছে কেজৰিৱালে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে আলোচনাৰ বাবে সময় বিচাৰিছে (Kejriwal knocks on Congress doors seeks support)।

ইফালে দলীয় একাংশ নেতাৰ সৈতে অৰবিন্দ কেজৰিৱালে অধ্যাদেশৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ সমৰ্থন বিচাৰি যাত্ৰা অব্যাহত ৰাখিছে । আম আদমি পাৰ্টীয়ে অধ্যাদেশৰ বিৰুদ্ধে সংসদত বিৰোধী দলসমূহৰ শক্তিশালী ভূমিকা কামনা কৰিছে । যাৰ বাবে কেজৰিৱালে অধ্যাদেশৰ বিৰুদ্ধে আন আন দলৰ লগতে সংসদত কংগ্ৰেছৰো সমৰ্থন বিচাৰি নেতাসকলৰ সৈতে আলোচনাৰ বাবে সময় বিচাৰিছে ।

ইয়াৰ পূৰ্বে আম আদমি পাৰ্টীয়ে প্ৰথমে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সমৰ্থন বিচাৰিছিল । পৰৱৰ্তী সময়ত কেজৰিৱালৰ সৈতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, সাংসদ সঞ্জয় সিং, ৰাঘৱ চাড্ডাকে ধৰি কেইবাগৰাকী নেতাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিছিল (Delhi CM meets Mamata Banerjee)। ইয়াৰ পাছত, দুদিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণত উদ্ধৱ ঠাকৰে আৰু শৰদ পাৱাৰক সাক্ষাৎ কৰি তেওঁলোকৰ সমৰ্থন বিচাৰে ।

কংগ্ৰেছৰ শীৰ্ষ নেতাৰ পৰা আলোচনাৰ বাবে সময় বিচাৰিছে যদিও কংগ্ৰেছে এতিয়ালৈকে এই বিষয়ে একো স্পষ্ট কৰা নাই । সূত্ৰৰ মতে কংগ্ৰেছৰ একাংশ নেতাই অধ্যাদেশৰ বিষয়ত আম আদমি পাৰ্টীক সমৰ্থন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আনহাতে একাংশ আপৰ সৈতে নাই । সকলোৱে এই ক্ষেত্ৰত নিজৰ নিজৰ যুক্তি দিছে ।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ তথা প্ৰাক্তন সাংসদ সন্দীপ দীক্ষিত আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজয় মাকেনে মুকলিকৈ কৈ আছে যে কংগ্ৰেছে কোনো পৰিস্থিতিত আম আদমি পাৰ্টীক সমৰ্থন কৰা উচিত নহয় (Sandip Dixit on Centre ordinance)। জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে বিশ্বাস কৰে যে অধ্যাদেশ আনি ফেডাৰেল গাঁথনি দুৰ্বল কৰাৰ চেষ্টা কৰা হৈছে । কিন্তু তেওঁলোকে দিল্লীত আপ চৰকাৰক সমৰ্থন কৰাৰ বিৰোধী ।

এই ক্ষেত্ৰত অজয় মাকেনে নিৰন্তৰ প্ৰতিবাদ কৰি আছে । তেওঁ কয় যে আম আদমি পাৰ্টীক সমৰ্থন কৰাটো সঠিক নহ'ব (Ajay Maken on Centre ordinance)। ইয়াৰ দুটা মুখ্য কাৰণ হৈছে কেজৰিৱালক সমৰ্থন কৰি আমাৰ বহুসন্মানীয় নেতা বাবাচাহেব আম্বেদকাৰ, পণ্ডিত জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ পেটেল, লাল বাহাদুৰ শাস্ত্ৰী আৰু নৰসিংহ ৰাওৰ দ্বাৰা লোৱা বিচক্ষণ সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিয়া দেখা যাব । দ্বিতীয়তে এই অধ্যাদেশ যদি গৃহীত নহয় কেজৰিৱালে এক অতুলনীয় বিশেষাধিকাৰ পাব ।

লগতে পঢ়ক :Centre ordinance row: কেজৰিৱালক সমৰ্থনৰ আশ্বাস শৰদ পাৱাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.