ETV Bharat / bharat

Aam Aadmi Guarantee Card: নিৰ্বাচনমুখী ছত্তীশগড়ত কেজৰিৱালৰ 10 গেৰাণ্টি - অৰবিন্দ কেজৰিৱাল

ছত্তীশগড়ৰ জনতালৈ 10 টা গেৰাণ্টি অৰবিন্দ কেজৰিৱালৰ ৷ শনিবাৰে নিৰ্বাচনমুখী ছত্তীশগড়ত উপস্থিত হৈ এখন বিশাল জনসভা সম্বোধন কৰে কেজৰিৱালে ৷ কেজৰিৱাৰ মন্তব্য-যিকোনো মূল্যৰ বিনিময়ত পূৰণ কৰা হ’ব প্ৰতিশ্ৰুতি ৷

Aam Aadmi Guarantee Card
Aam Aadmi Guarantee Card
author img

By

Published : Aug 19, 2023, 6:26 PM IST

নেশ্যনেল ডেস্ক, 19 আগষ্ট: নিৰ্বাচনমুখী ছত্তীশগড়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিশ্ৰুতিৰ বন্যা ৷ শনিবাৰে ছত্তীশগড়ৰ ৰায়পুৰত এক জনসভাত অংশগ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে আপৰ মুৰব্বীগৰাকীয়ে ৷ তেওঁ কয় যে ছত্তীশগড়ত আম আদমী পাৰ্টী শাসনলৈ আহিলে ছত্তীশগড়ৰ প্ৰতিটো পৰিয়ালক ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব ৷

চাকৰি নোহোৱা পৰ্যন্ত নিবনুৱা যুৱকসকলক 3000 টকাকৈ নিবনুৱা ভাট্টা প্ৰদান কৰা হ’ব আৰু 18 বছৰতকৈ ওপৰৰ যুৱতীসকলক মাহিলী 1 হাজাৰ টকালৈ প্ৰদান কৰা হ’ব ৷ দিল্লী আৰু পঞ্জাৱৰ দৰে চৰকাৰী আৰু ব্যক্তিগত চাকৰি, উন্নত শিক্ষাৰ লগতে ঔষধ পৰীক্ষা আৰু চিকিৎসাৰ দৰে 10 টা গেৰাণ্টি প্ৰদান কৰে কেজৰিৱালে ৷

কেজৰিৱালৰ 10 গেৰাণ্টি কি কি ?

1. বিদ্যুতৰ গেৰাণ্টি: 24 ঘণ্টা বিদ্যুৎ, 300 ইউনিট বিনামূলীয়া বিদ্যুৎ, ভুৱা বিদ্যুত বিল ৰেহাই আৰু নৱেম্বৰলৈকে বকেয়া বিদ্যুৎ বিল ৰেহাই ৷

2. শিক্ষাৰ গেৰাণ্টি: শিশুসকলক উন্নত শিক্ষা প্ৰদান কৰা হ’ব ৷

3. স্বাস্থ্যৰ গেৰাণ্টি: ধনী আৰু দৰিদ্ৰ সকলোৰে বাবে ঔষধ, পৰীক্ষা আৰু সকলো ধৰণৰ চিকিৎসা বিনামূলীয়া হ’ব ৷

4. নিযুক্তিৰ গেৰাণ্টি: উচ্চ শিক্ষাৰ পিছত নিযুক্তি নোপোৱা যুৱকসকলক মাহিলী 3000 টকাকৈ প্ৰদান কৰা হ’ব, যোগ্যতাৰ আধাৰত চাকৰি দিয়া হ'ব ৷

5. মহিলাসকলক গেৰাণ্টি: 18 বছৰৰ অধিক বয়সৰ মহিলাক প্ৰতি মাহে 1000 টকা দিয়া হ'ব ।

6. তীৰ্থযাত্ৰাৰ গেৰাণ্টি: বৃদ্ধসকলৰ বাবে বিনামূলীয়া তীৰ্থযাত্ৰা ৷

7. দুৰ্নীতিমুক্ত ছত্তীশগড়: কাম সম্পন্ন কৰিবলৈ মানুহে দলালৰ ওচৰলৈ যাব নালাগে, চৰকাৰী বিষয়াসকল মানুহৰ ঘৰে ঘৰে উপস্থিত হ'ব ৷

8. শ্বহীদসকলক সন্মানৰ নিশ্চয়তা: ছত্তীশগড় আৰক্ষী বা ৰাজ্যখনৰ যিসকল শ্বহীদ হ’ব, তেওঁলোকৰ পৰিয়ালক এক কোটি টকা দিয়া হ’ব৷

9. নিয়মীয়াকৰণ: ঠিকা ভিত্তীক কৰ্মীসকলক চাকিৰ নিয়মীয়াকৰণ হ’ব ৷

10. কৃষক আৰু জনজাতীয় সমাজৰ বাবে গেৰাণ্টি: এই সন্দৰ্ভত পুনৰ ছত্তীশগড়লৈ আহি ঘোষণা কৰিব অৰবিন্দ কেজৰিৱালে ৷

‘‘এই 10 টা গেৰাণ্টি কেজৰিৱালৰ গেৰাষ্টি, আমি কাম কৰিবলৈ জানো ৷ এবাৰ মাত্ৰ আমাক সুবিধা দিয়ক, বাকী সকলো দলক আপোনালোকে পাহৰি যাব ৷’’ প্ৰতিশ্ৰুতি প্ৰদান কৰি কেজৰিৱালে ৰাইজক উদ্দেশ্যি কয় ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছত্তীশগড়ৰ ৰাইজক 10 টা গেৰাণ্টি প্ৰদান কৰি কয় যে যিকোনো মূল্যত ইয়াক পূৰণ কৰা হ’ব ৷

লগতে পঢ়ক: UP Congress in charge : সিদ্ধুৱে চম্ভালিব নেকি উত্তৰ প্ৰদেশ কংগ্ৰেছৰ কমাণ্ড ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.