ETV Bharat / bharat

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ত উল্লাস; ৭ কাশ্মীৰী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ - Sher e Kashmir University of Agricultural Sciences

কাশ্মীৰৰ সাতগৰাকী শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত গোচৰ ৰুজু কৰা হৈছে । লগতে ১৯ নৱেম্বৰৰ বিশ্বকাপ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ত উল্লাস কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে । শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে ইউএপিএৰ ধাৰা ১৩ আৰু আইপিচিৰ ৫০৫ আৰু ৫০৬ ধাৰাৰ অধীনত ৰাজহুৱা দুৰ্ব্যৱহাৰ আৰু অপৰাধমূলক ভাবুকিৰ অভিযোগ উত্থাপন কৰা হৈছে ।

৭ কাশ্মীৰী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ত উল্লাস
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 10:33 PM IST

নিউজ ডেস্ক, ২৭ নৱেম্বৰ : ১৯ নৱেম্বৰত অনুষ্ঠিত আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ, ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হোৱাৰ পিছত সমগ্ৰ দেশ বিমৰ্ষ হৈ পৰে । কিন্তু ভাৰতৰ এই পৰাজয়ক লৈ কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা সংঘৰ্ষৰ পিছত জম্মু-কাশ্মীৰৰ গান্দেৰবালৰ শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত অধ্যয়নৰত সাতগৰাকী কাশ্মীৰী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছে ।

ইটিভি ভাৰতে লাভ কৰা এফআইআৰ প্ৰতিবেদনৰ প্ৰতিলিপি অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) ধাৰা ১৩ আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ৫০৫ আৰু ৫০৬-ৰ অধীনত ৰাজহুৱা দুৰ্ব্যৱহাৰ আৰু অপৰাধমূলক ভাবুকিৰ অভিযোগ উত্থাপন কৰা হৈছে ।

আনহাতে, এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, "পঞ্জাবৰ এজন শিক্ষাৰ্থীয়ে শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সুহামা চৌহদৰ সাতগৰাকী অন্তিম বৰ্ষৰ শিক্ষাৰ্থীৰ বিষয়ে অভিযোগ দাখিল কৰে । অভিযোগ অনুসৰি, ১৯ নৱেম্বৰত ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰাৰ পিছত তেওঁক ভয়ানক পৰিণামৰ সন্মুখীন হ'ব লাগিব বুলি ভাবুকি দিয়া হৈছিল ।"

বিষয়াজনে লগতে কয়, "পঞ্জাবৰ বাসিন্দা আৰু বিশ্ববিদ্যালয়খনৰ ছাত্ৰ শচীন বেইন্সে এছকেইউএএছটি-কে (সুহামা চৌহদৰ) অন্তিম বৰ্ষৰ সাতগৰাকী শিক্ষাৰ্থীৰ বিৰুদ্ধে দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত এখন এজাহাৰ (৩১৭/২০২৩) পঞ্জীয়ন কৰা হৈছে । অভিযোগকাৰীয়ে নাম দিয়া কাশ্মীৰী শিক্ষাৰ্থীসকলক উমেৰ, আচিফ, মহচিন, তৌকীৰ, খালিদ, সমীৰ আৰু উবাইদ বুলি চিনাক্ত কৰা হৈছে । গোচৰটোৰ অধিক তদন্ত বৰ্তমান চলি আছে ।"

উল্লেখ্য যে শচীন নামৰ ছাত্ৰজনে অভিযোগ দাখিল কৰিছে যে তেওঁ ভাৰতক সমৰ্থন কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন বিভাগত অধ্যয়নৰত সাতগৰাকী কাশ্মীৰী শিক্ষাৰ্থীয়ে তেওঁক উৎপীড়ন চলাইছিল আৰু ভাবুকি দিছিল । লগতে অভিযোগ কৰা হৈছে যে তেওঁলোকে তেওঁক মনে মনে নাথাকিলে গুলীয়াই হত্যা কৰা হ'ব বুলিও ভাবুকি দিছিল ।

তদুপৰি, অভিযোগকাৰীয়ে কয় যে খেলৰ পিছত অভিযুক্ত ছাত্ৰ-ছাত্ৰীসকলে পাকিস্তানপন্থী শ্লোগান দিছিল । যাৰ ফলত কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাহিৰৰ শিক্ষাৰ্থীসকলৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক :আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ৰোহটাং পাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.