নেচনেল ডেস্ক, ১৮ নৱেম্বৰ: কাশ্মীৰৰ স্বতন্ত্ৰ মাল্টিমিডিয়া সাংবাদিক আহমেৰ খানক লণ্ডনৰ ৰোৰী পেক ট্ৰাষ্টে 'মাৰ্টিন এডলাৰ বঁটা' আগবঢ়াইছে । সাংবাদিক আহমেৰ খানে দক্ষিণ এছিয়াত প্ৰব্ৰজন,মানৱ অধিকাৰ, ধৰ্ম,সামাজিক আৰু ৰাজনৈতিক আৰু মানৱীয় সংকটৰ ওপৰত কৰা কামৰ বাবে এই বঁটা লাভ কৰিছে ।
-
Super stoked to have been awarded ‘Martin Adler Prize’ for 2023 at BAFTA by @rorypecktrust last night in London.
— Ahmer Khan (@ahmermkhan) November 17, 2023 " class="align-text-top noRightClick twitterSection" data="
I would like to dedicate this win to the brave journalists working in #Gaza who, in the line of duty, sacrificed their lives for journalism. @guardian pic.twitter.com/TdQDYSDxUX
">Super stoked to have been awarded ‘Martin Adler Prize’ for 2023 at BAFTA by @rorypecktrust last night in London.
— Ahmer Khan (@ahmermkhan) November 17, 2023
I would like to dedicate this win to the brave journalists working in #Gaza who, in the line of duty, sacrificed their lives for journalism. @guardian pic.twitter.com/TdQDYSDxUXSuper stoked to have been awarded ‘Martin Adler Prize’ for 2023 at BAFTA by @rorypecktrust last night in London.
— Ahmer Khan (@ahmermkhan) November 17, 2023
I would like to dedicate this win to the brave journalists working in #Gaza who, in the line of duty, sacrificed their lives for journalism. @guardian pic.twitter.com/TdQDYSDxUX
আহমাৰৰ কামৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে জুৰীয়ে । চিক্ৰেট কম্পাছৰ টিভি আৰু চলচ্চিত্ৰ প্ৰকল্পৰ সঞ্চালক চাৰি ফিটনে কয়," আমি আহমেৰ খানৰ বিষয়বস্তুৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিলো । তেওঁ সহসী আৰু সহানুভূতিৰে কাহিনী বৰ্ণনা কৰাৰ দক্ষত সন্দৰ্ভতো পৰ্যবেক্ষণ কৰা হৈছে । তেওঁ কণ্ঠহীন লোকসকলৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে ।"
মাৰ্টিন এডলাৰ পুৰস্কাৰ জুৰীয়ে খানৰ কামক সৰ্বশ্ৰেষ্ঠ নিৰ্ভীক প্ৰতিবেদন হিচাপে আখ্য়া দিছে । আহমেৰ খানৰ সাংবাদিকতাই ভাৰতৰ কিছুমান কঠিন আৰু আটাইতকৈ স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আলোকপাত কৰিছে । আনহাতে, তেওঁৰ লিখনিয়ে প্ৰভাৱ আৰু সংবেদনশীলতা প্ৰদৰ্শন কৰা বুলিও চিক্ৰেট কম্পাছৰ টিভি আৰু চলচ্চিত্ৰ প্ৰকল্পৰ সঞ্চালক চাৰি ফিটনে মন্তব্য় কৰিছে । তেওঁ আটাইতকৈ স্পৰ্শকাতৰ ঠাইবোৰৰ এটাৰ পিচত আন এটাকৈ কাহিনী বৰ্ণনা কৰিছে । এয়া তেওঁৰ সৰ্বশ্ৰেষ্ঠভাৱে নিৰ্ভীক প্ৰতিবেদন বুলি জুৰীয়ে মন্তব্য় কৰিছে ।
ইফালে,আহমাৰে 'এক্স'ত (পূৰ্বতে টুইটাৰ) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," মই এই বঁটাটো কৰ্মৰত সাহসী সাংবাদিকসকলক উৎসৰ্গা কৰিব বিচাৰো যিসকলে কৰ্তব্যৰত হৈ সাংবাদিকতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে ।"
উল্লেখ্য় যে আহমেৰ খান কাশ্মীৰৰ এজন স্বতন্ত্ৰ মাল্টিমিডিয়া সাংবাদিক যিগৰাকীক দক্ষিণ এছিয়াৰ বিশেষজ্ঞ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে । তেওঁ অঞ্চলটোত মানৱ অধিকাৰ, ধৰ্ম, প্ৰব্ৰজন, মানৱীয় সমস্যা আৰু ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাৰ বিষয়ে প্ৰতিবেদন আগবঢ়াই আহিছে । তেওঁ ভাৰত, বাংলাদেশ, আফগানিস্তান, নেপাল আৰু শ্ৰীলংকাৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মিডিয়া সংগঠনক প্ৰতিবেদন আগবঢ়াইছে ।
লগতে পঢ়ক:আই ই ডি বিস্ফোৰণত আহত কনিষ্টবলক গ্ৰীণ কৰিড’ৰেৰে লৈ যোৱা হ’ল বিমান বন্দৰলৈ, দিল্লীত চলিব চিকিৎসা