নেশ্যেনেল ডেস্ক, 20 জানুৱাৰী: শ্বাহিদ কাপুৰৰ নতুন ভাড়াতীয়াৰ ৰূপত বলীউডৰ যুৱ আইকন কাৰ্তিক আৰিয়ান (Kartik Aaryan rents Shahid Kapoors apartment ) ৷ ভুল ভুলেয়া 2 ৰ বৃহৎ সাফল্যৰ পিছতেই শ্বাহিদৰ এপাৰ্টমেণ্টটো ভাড়াত লয় কাৰ্তিকে... আপুনি জানেনে এই এপাৰ্টমেণ্টটোৰ মাহিলী ভাড়া কিমান হ’ব পাৰে (Kartik Aryans new flat)?
কাৰ্তিক আৰিয়ানে শ্বাহিদ কাপুৰক এবছৰৰ বাবে মাহিলী 7.50 লাখ টকা ভাড়া পৰিশোধ কৰিব আৰু ভাড়াৰ পৰিমাণ প্ৰতি বছৰে 7.5 শতাংশ বৃদ্ধি হ’ব। সেই অনুসৰি দ্বিতীয় বছৰৰ প্ৰথম মাহৰ পৰা কাৰ্তিকে এই ঘৰটোৰ বাবে মাহিলী 8.2 লাখ টকা ভাড়া পৰিশোধ কৰিব। একে সময়তে, তৃতীয় বছৰৰ মাহৰ ভাড়া হ'ব 8.58 লাখ টকা।
প্ৰকৃততে বহু দিন ধৰি অভিনেতা কাৰ্তিক আৰিয়ানে এটা ঘৰৰ সন্ধানত আছিল ৷ তাৰ পিছতেই কাৰ্তিক আৰিয়ানে শ্বাহিদ কাপুৰৰ জুহুৰ এপাৰ্টমেণ্টটো ভাড়ালৈ লৈছে ৷ কাৰ্তিকে লোৱা ভাড়াঘৰটো শ্বাহিদৰ এপাৰ্টমেণ্টটো 3681 বৰ্গফুট ৷ এইটো তলৰ মহলাত আছে। এপাৰ্টমেণ্টৰ সৈতে কাৰ্তিক আৰিয়ানে দুখন গাড়ী পাৰ্কিং লট পাইছে (Shahid Kapoor Juhu new apartment)। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কাৰ্তিকৰ মাতৃ মালা তিৱাৰী আৰু শ্বাহিদ কাপুৰৰ পত্নী মীৰা কাপুৰে ষ্টাম্প শুল্ক আৰু ৩৬ মাহৰ লীজ পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।
শ্বাহিদ আৰু মীৰাই যোৱা বছৰ দেৱালীৰ পৰাই এই ঘৰটো এৰি অন্য এটা ডুপ্লেক্স এপাৰ্টমেণ্টলৈ স্থানান্তৰিত হৈছিল। ইয়ালৈ যোৱাৰ পিছত, মীৰাই ইয়াৰ নতুন ঘৰখনৰ এক ফটোও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।
শ্বাহিদ কাপুৰে তেওঁৰ নতুন ঘৰটো 55.60 কোটি টকাত ক্ৰয় কৰিছিল, যাৰ এলেকা 8,625 বৰ্গফুট। পূৰ্বতে কাৰ্তিক ভাৰ্ছোভাৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। এইটো এপাৰ্টমেণ্ট কাৰ্তিকে ২০১৯ চনত ১.৬০ কোটি টকাত ক্ৰয় কৰিছিল।
লগতে পঢ়ক: Royal Miss Diva Universe 2022: মুম্বাইত উজলিল টিংখাঙৰ জীয়াৰী পাহাৰী গগৈ