ETV Bharat / bharat

Chitradurga accident : কৰ্ণাটকৰ চিত্ৰদুৰ্গত বাছ ট্ৰাকৰ সংঘৰ্ষ; শিশুসহ ৪ যাত্ৰীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 1:43 PM IST

কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত কেএছআৰটিচিৰ এখন বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৪ গৰাকী যাত্ৰীৰ মৃত্যু । দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালকজনে পলায়ন কৰে ।

Chitradurga accident
কৰ্ণাটকৰ চিত্ৰদুৰ্গাত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ : কৰ্ণাটকৰ চিত্ৰদুৰ্গত শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত ৪ গৰাকী লোকৰ মৃত্যু হয় । অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে পুৱাই চিত্ৰদুৰ্গা জিলাৰ হিৰিয়ুৰ তালুকৰ গোল্লাহল্লী গাঁৱত ১৫০(এ) ৰাষ্ট্ৰীয় ঘাইপথত কৰ্ণাটক ৰাজ্যিক পথ পৰিবহন নিগমৰ এখন বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । বাছখন ৰাইচূড়ৰ পৰা বেংগালুৰুলৈ গৈ আছিল । বাছখনত থকা দুগৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয় । আনহাতে চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে আন দুজনৰ মৃত্যু হয় । কেইবাগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ।

নিহতসকলৰ ভিতৰত দুজন পুৰুষ, এগৰাকী মহিলা আৰু এটা শিশু আছিল বুলি জানিব পৰা গৈছে । ইফালে মৃতকৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই । দুৰ্ঘটনাটোত বাছখনৰ বাওঁফালটো সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ গৈছে । সূত্ৰৰ মতে বাছখনৰ বাওঁফালৰ আসনৰ সন্মুখত বহি থকা ৪ জন যাত্ৰীৰ মৃত্যু হয় । ইফালে দুৰ্ঘটনাটোৰ পাছত ট্ৰাকসহ চালকজনে পলায়ন কৰে । দুৰ্ঘটনাটোৰ পাছতে আইমঙ্গলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ।

ইফালে পুৱতি নিশা বিজয়নগৰ জিলাৰ কুডলিগি তালুকৰ কানাহোচাহাল্লিৰ ওচৰত ৫০ নং ৰাষ্ট্ৰীয় ঘাইপথতো আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । এখন ব্যক্তিগত বাছত হঠাতে জুইৰ সূত্ৰপাত হয় । বাছখন বেংগালুৰুৰ পৰা ৰায়চূড় জিলাৰ হাট্টিৰ পৰা হোচপেট পথেৰে মুস্কিলৈ যাত্ৰা কৰি আছিল । টায়াৰ বিস্ফোৰণ হোৱাৰ ফলত বাছত জুই লাগে ।

পুৱা প্ৰায় ৩:৩০ বজাত এই ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । যাত্ৰীসকলৰ কিছুমান সামগ্ৰী জুইত জাহ গৈছে । সৌভাগ্যক্ৰমে এই ঘটনাত যাত্ৰীসকলৰ হতাহতি হোৱা নাই । বাছখন সম্পূৰ্ণৰূপে জ্বলি যায় । আনহাতে অগ্নিনিৰ্বাপক বাহিনী সময়মতে উপস্থিত হোৱা হ'লে বাছখনৰ বেছি ক্ষয়-ক্ষতি নহ'লহেঁতেন বুলি আশংকা কৰিছে স্থানীয় লোকসকলে । ঘটনা সন্দৰ্ভত খানাহোচাহাল্লি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Fire at Air China jetliner: ছিংগাপুৰত চীনৰ যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.