ETV Bharat / bharat

মৃত সন্তানক জীয়াই তুলিবলৈ ঢাকি থ’লে নিমখৰ মাজত - dead bodies buried in a pile of salt

Dead bodies buried in salt: এটা দম্পতীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দেখিছিল, য’ত দেখা গৈছিল যে যদি কোনো মৃতদেহ পাঁচ ঘণ্টাৰো অধিক সময় নিমখত ৰখা হয় তেন্তে ব্যক্তিজন পুনৰ সজীৱ হৈ উঠিব । অৱশ্যে তেওঁলোকে এই পদ্ধতি প্ৰয়োগ কৰে যদিও ছয় ঘণ্টাৰ পাছতো কোনো কামত নাহিল । নিজৰ সন্তানৰ লগতে এই পদ্ধতি প্ৰয়োগ কৰিছিল দম্পতীটোৱে ৷

Dead bodies buried in salt
Dead bodies buried in salt
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:50 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ: ছ’চিয়েল মিডিয়াত দেখা এটা ভিডিঅ’ক বিশ্বাস কৰি শেষত আশাহত হ’ল এটা দম্পতী ৷ সচৰাচৰ আমি ছ’চিলেল মিডিয়াত এনে কিছুমান ভিডিঅ’ দেখাপাওঁ, য’ত বিভিন্ন ধৰণৰ সম্পৰীক্ষা দেখুওৱা হয় ৷ তাৰে কিছুমান কিন্তু অতি অবিশ্বাস্য বা ভ্ৰান্ত বুলিব পাৰি ৷ তেনে এক ভিডিঅ’ চায়েই এটা দম্পতীয়ে কৰিলে এনে এক কাম, যি সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

নিজৰ দুই মৃত সন্তানক 6 ঘন্টা সময় নিমখৰ মাজত ৰাখি জীয়াই তোলাৰ চেষ্টা চলালে এই দম্পতীটোৱে ৷ সাঁতুৰিবলৈ গৈ সলিল সমাধি ঘটিছিল দুই কিশোৰ সন্তানৰ ৷ তাৰ পিচতেই দম্পতীটোৱে নিজৰ সন্তানক জীয়াই তোলাৰ আশাৰে ভিডিঅ’টোত দেখাৰ দৰেই সুমুৱাই ৰাখিছিল নিমখৰ দ’মত ৷

দেওবাৰে দম্পতীটোৰ দুই সন্তানে গাঁৱৰে এখন বিলত সাঁতুৰিবলৈ যোৱাৰ সময়তে পানীত ডুব যায় । পানীৰ পৰা মৃতদেহ দুটা উলিয়াই অনাৰ পিছত পিতৃ-মাতৃয়ে দুয়োটা মৃতদেহ নিমখৰ দ’মত সুমুৱাই ৰাখে ৷

গাঁওবাসীয়ে জনোৱা মতে, কেইবামাহো পূৰ্বে ছ’চিয়েল মিডিয়াত এটা বাৰ্তা প্ৰচাৰিত হৈছিল ৷ য’ত লিখা আছিল যে এজন মৃত ব্যক্তিক পাঁচ ঘণ্টা নিমখৰ তলত ৰাখিলে পুনৰুজ্জীৱিত হ’ব পাৰে । "যিকোনো সময়তে অলৌকিক কাম হ'ব পাৰে আৰু যিহেতু এটা কৌশল চেষ্টা কৰিলে কোনো ক্ষতি নহয়, গতিকে ছ'চিয়েল মিডিয়াত দেখাৰ দৰেই দম্পতীটো সিদ্ধান্ত ল'লে । মৃতদেহ দুটাৰ ওপৰত কেইকিলোগ্ৰাম নিমখ ঢালি ছয় ঘণ্টা ধৰি ঢাকি ৰাখিলে ।" এজন চুবুৰীয়াই কয় ।

তথ্যৰ ভিত্তিত স্থানীয় আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয় । ছঘণ্টাৰ পিচতো যেতিয়া একো নহ’ল তেতিয়া আৰক্ষীয়ে পিতৃ-মাতৃক মৃতদেহ দুটা মুকলি কৰিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰে । অৱশেষত পিতৃ-মাতৃয়ে মৃতদেহ দুটা দাহ কৰাৰ বাবে লৈ যাবলৈ অনুমতি দিয়ে ।

দেওবাৰে কৰ্ণাটকৰ হাবেৰী জিলাৰ ব্যাদাগী তালুকৰ গলাপুজী গাঁৱত সংঘটিত হয় এই ঘটনা । কিন্তু, মঙলবাৰেহে এই বিষয় পোহৰলৈ আহে।

যোৱা বছৰ ৰাজ্যখনৰ বেল্লাৰিতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল ৷ পৰিয়ালৰ লোকে নিজৰ পুত্ৰক নিমখেৰে ঢাকি জীয়াই তুলিবলৈ চেষ্টা কৰিছিল । ১০ বছৰীয়া পুত্ৰৰ মৃতদেহটো নিমখৰ তলত চাৰি ঘণ্টা ধৰি থৈ অৱশেষত একো নঘটাত মৃতদেহটো দাহ কৰে । ল’ৰাটো এটা পুখুৰীত ডুব গৈছিল । এইদৰে মৃতকক পুনৰুজ্জীৱিত কৰিব পৰা যায় বুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰা দেখা বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: সৱৰিমালা মন্দিৰত দুমাহত সংগ্ৰহ 200 কোটি টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.