ETV Bharat / bharat

Reservation for Scheduled Castes and Tribes : অনুসূচীত জাতি-জনজাতিৰ লোকৰ বাবে কৰ্ণাটকত অধ্যাদেশ জাৰি

author img

By

Published : Oct 24, 2022, 9:07 AM IST

কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত আসন সংৰক্ষণ কৰাৰ লগতে অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে ৰাজ্যৰ অধীনত থকা সেৱাসমূহত নিযুক্তি বা পদৰ ব্যৱস্থা কৰা হৈছে এই অধ্যাদেশত (reservation for Scheduled Castes and Tribes )।

Karnataka: Governor gives consent to ordinance increasing SC/ST reservation
reservation for Scheduled Castes and Tribes : অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ বাবে কৰ্ণাটকত অধ্যাদেশ জাৰি

নেশ্যনেল ডেস্ক,24 অক্টোবৰ: বিধানসভা নিৰ্বাচনৰ প্ৰাক-মুহুৰ্তত কৰ্ণাটক বিজেপিৰ নিৰ্বাচনী টোপ ! দেওবাৰে কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচন্দ গেহলটে ৰাজ্যখনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ বৃদ্ধি কৰিব বিচৰা অধ্যাদেশত সন্মতি প্ৰদান কৰে (Karnataka Governor Thaawarchand Gehlot)। ন্যায়াধীশ নাগামোহন দাস কমিটীৰ প্ৰতিবেদন অনুসৰি হোৱা অধ্যাদেশ গৃহীত হোৱাৰ লগে লগে অনুসূচিত জাতিৰ বাবে সংৰক্ষণ বৰ্তমানৰ ১৫ শতাংশৰ পৰা ১৭ শতাংশলৈ বৃদ্ধি পাব, আৰু অনুসূচিত জনজাতিৰ বাবে বৰ্তমানৰ তিনি শতাংশৰ পৰা তেওঁলোকৰ জনসংখ্যাৰ অনুপাতে সাত শতাংশ পৰ্যন্ত বৃদ্ধি পাব । কিছুদিন পূৰ্বে ৰাজ্যিক কেবিনেটে এই অধ্যাদেশত অনুমোদন জনাইছিল।

দেওবাৰে অৱশেষত অধ্যাদেশখনে ৰাজ্যপালৰ সন্মতি লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাই এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনায়(Governor nods to increasing SC ST reservation ) ৷ বম্মাই লগতে কয় যে, কৰ্ণাটক বিধানসভাৰ দুয়োখন সদনতে অধ্যাদেশখন দাখিল কৰা হ’ব (Governor gives consent to SC ST ordinance)৷ সংৰক্ষণ বৃদ্ধিৰ বাবে দলে যি প্ৰতিশ্ৰুতি আগবঢ়াইছিল সেই প্ৰতিশ্ৰুতি পূৰণত চৰকাৰ সফল হৈছে ৷ এয়া আমাৰ চৰকাৰৰ পৰা অনুসূচিত জাতি/জনজাতিলৈ দিয়া উপহাৰ- মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত আসন সংৰক্ষণ কৰাৰ লগতে অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ ব্যক্তিসকলৰ বাবে ৰাজ্যৰ অধীনত থকা সেৱাসমূহত এই অধ্যাদেশৰ যোগেদি নিযুক্তি বা পদৰ ব্যৱস্থা কৰা হৈছে । একাংশ সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ পিছত জাতিৰ সংখ্যা বৃদ্ধি পাইছে বুলি গেজেট অধিসূচনাখনৰ যোগেদি কোৱা হৈছে । লগতে, ৰাজ্যখনৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মুঠ জনসংখ্যা অভাৱনীয়ভাবে বৃদ্ধি পাইছে বুলিও গেজেট অধিসূচনাখনত উল্লেখ আছে ।

১৯৭৬ চনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আদেশ (সংশোধনী) আইন, ১৯৭৬ (১৯৭৬ চনৰ কেন্দ্ৰীয় আইন ১০৮) আইনৰ বিষয়ে উল্লেখ কৰি জাতিসমূহৰ লগত সংলগ্ন ভৌগোলিক সীমাবদ্ধতাসমূহ আঁতৰাই পেলোৱাৰ ফলটো জনসংখ্যাৰ হাৰ অত্যাধিকভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰা হৈছে ৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায় ছমাহ বাকী থকাৰ সময়ছোৱাত বিজেপি শাসিত চৰকাৰখনে অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলক নিৰ্বাচনী টোপ প্ৰদান কৰিছে বুলি সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে ৰাজনৈতিক মহলত(reservation for Scheduled Castes and Tribes ) ৷

লগতে পঢ়ক: Tezpur Sahitya Sabha: ভাষা এটাৰ ওপৰত আইনৰ আক্ৰমণ চলি থাকিলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয়: শংকৰ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.