ETV Bharat / bharat

Cauvery water dispute : কৰ্ণাটকত প্ৰতিবাদী কৃষক আৰু আৰক্ষীৰ মাজত সংঘাত - Clashes between farmers and police

কাবেৰী নৈৰ জল বিবাদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । চৰকাৰৰ বিৰুদ্ধে ৰাজপথত কৃষকৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰী কৃষকৰ মাজত সংঘৰ্ষ ।

Cauvery water dispute
কৰ্ণাটকত প্ৰতিবাদী কৃষক আৰু আৰক্ষীৰ মাজত সংঘাত
author img

By ETV Bharat Karnataka Team

Published : Aug 22, 2023, 2:29 PM IST

নেশ্যনেল ডেস্ক,২২ আগষ্ট : তামিলনাডু আৰু কৰ্ণাটকৰ মাজত কাবেৰী জল বিবাদ অব্যাহত আছে । বছৰ বছৰ ধৰি দুয়োখন ৰাজ্যৰ এই বিষয়ক লৈ সংঘাত অব্যাহত আছে । ইয়াৰ মাজতে কৰ্ণাটকত চৰকাৰৰ বিৰুদ্ধে কৃষকসকলে তীব্ৰ প্ৰতিবাদো অব্যাহত ৰাখিছে । তীব্ৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে মাণ্ড্যত আৰক্ষীৰ সৈতে প্ৰতিবাদী কৃষকৰ হতাহতি হোৱা দেখা যায় ।

কাবেৰী নৈৰ জল বিবাদক লৈ শ শ কৃষকে হাতে হাতে বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক সংগঠনবোৰে বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছ ঘাইপথ অৱৰোধ কৰি তামিলনাডুলৈ কাবেৰী নদীৰ পানী এৰি দিয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । তাৰ মাজতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা একাংশ উত্তেজিত কৃষকক আৰক্ষীয়ে আটকো কৰে ।

উল্লেখ্য যে বৃহৎ সংখ্যক কৃষকে ইন্দুভালু গাঁৱৰ পৰা ৰাজপথেৰে প্ৰতিবাদ সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথলৈ যাত্ৰা কৰে আৰু গৰুগাড়ী আৰু ট্ৰেক্টৰৰ সৈতে এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায় । এনে পৰিস্থিতিত প্ৰশাসনৰ লোকসকল সষ্টম হৈ পৰে আৰু ঘাইপথ অৱৰোধ কৰা প্ৰতিহত কৰিবলৈ যথেষ্ট সংখ্যক আৰক্ষীক মোতায়েন কৰা হয় । ঘাইপথত আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰে । ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় । আৰক্ষীয়ে ৰাজপথত বেৰিকেড আৰু বেষ্টনী গঢ়ি তোলে যদিও দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । অৱশ্যে হতাহতৰ খবৰ পোৱা হোৱা নাই ।

ইফালে ৰাজ্যিক কৃষক সংগঠন আৰু ৰাজ্যিক কুঁহিয়াৰ উৎপাদক সংস্থাৰ নেতাসকলে যোৱা সপ্তাহৰ পৰাই কেআৰএছ আৰু কাবিনি জলাশয়ৰ পৰা তামিলনাডুলৈ কাবেৰীৰ পানী এৰি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে চৰকাৰক কৰ্ণাটকৰ কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আহ্বান জনায় । যোৱা শুকুৰবাৰেও এঘণ্টাতকৈও অধিক সময় কৃষকসকলে পথ অৱৰোধ কৰিছিল । তেওঁলোকে ৰাজ্য চৰকাৰক ধান খেতিৰ জলসিঞ্চনৰ বাবে নিৰন্তৰ পানী এৰি দিবলৈ আহ্বান জনাইছিল ।

কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কৃষকৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ অভিযোগত বিজেপিয়েও সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । গেৰুৱা দলৰ নেতাসকলে অভিযোগ কৰা মতে কংগ্ৰেছ চৰকাৰে বিশেষকৈ কৰ্ণাটকৰ মহীশূৰ, মাণ্ড্য আৰু ৰামনগৰ জিলাত কৃষকসকলৰ স্বাৰ্থক উপেক্ষা কৰিছে । প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ নেতাসকলৰ পুত্তলিকাও দাহ কৰে ।

লগতে পঢ়ক :Delhi Minor Rape Case: ‘‘আপোনালোকে কি লুকুৱাবলৈ বিচাৰিছে’’ আৰক্ষীলৈ প্ৰশ্ন দিল্লী মহিলা আয়োগৰ মুৰব্বীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.