ETV Bharat / bharat

বাৰ্ড ফ্লু: কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা কৰ্ণাটকৰ

author img

By

Published : Jan 9, 2021, 9:18 AM IST

কৰ্ণাটকৰ দক্ষিণ কন্নড় জিলাৰ প্ৰশাসনে শুকুৰবাৰে বাৰ্ড ফ্লুৰ বাবে কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে ৷ লগতে কুকুৰা পালন কৰা ফাৰ্মসমূহৰ গৰাকী আৰু সাধাৰণ লোকক কুকুৰাৰ অস্বাভাৱিক মৃত্যু ঘটা দেখিলে জিলা প্ৰশাসনক অৱগত কৰিবলে আহ্বান জনাইছে ৷

Karnataka district bans poultry from bird flu bit Kerala etv bharat news
বাৰ্ড ফ্লু: কেৰালাৰ পৰা কুকুৰা ৰপ্তানিত নিষেধাজ্ঞা কৰ্ণাটকৰ

মাংগালুৰু,9 জানুৱাৰী: কৰ্ণাটকৰ দক্ষিণ কন্নড় জিলাৰ প্ৰশাসনে শুকুৰবাৰে বাৰ্ড ফ্লুৰ বাবে কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে ৷ লগতে কুকুৰা পালন কৰা ফাৰ্মসমূহৰ গৰাকী আৰু সাধাৰণ লোকক কুকুৰাৰ অস্বাভাৱিক মৃত্যু ঘটা দেখিলে জিলা প্ৰশাসনক অৱগত কৰিবলে আহ্বান জনাইছে ৷

কুকুৰাৰ লগতে কণী আৰু ব্ৰইলাৰ মাংসৰ আমদানিৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা জাৰি কৰাৰ কথা শুকুৰবাৰে ঘোষণা কৰে জিলা উপায়ুক্ত কে বি ৰাজেন্দ্ৰই ৷ ৰাজ্যখনত বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে প্ৰশাসনে জাৰি কৰে এই নিৰ্দেশনা ৷ লগতে পক্ষীকূলৰ অস্বাভাৱিক মৃত্যুৰ বিষয়ে ফাৰ্মসমূহৰ গৰাকীৰ হাতত কোনো তথ্য থাকিলে শীঘ্ৰে জিলা প্ৰশাসনক অৱগত কৰিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনে ৷

জিলাখনত 6 টাকৈ কাউৰীৰ মৃত্যুৰ পিছত জিলা উপায়ুক্ত ৰাজেন্দ্ৰই এই নিৰ্দেশ জাৰি কৰে ৷ কিন্তু কাউৰীকেইটাৰ মৃত্যুৰ কাৰণ বাৰ্ড ফ্লু বা পক্ষীজ্বৰ নহয় বুলি নিশ্চিত কৰিছে উপায়ুক্তগৰাকীয়ে ৷ তদুপৰি জিলাখনৰ পক্ষীকূলৰ নিৰাপত্তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, কেৰালাৰ অলাপুঝা আৰু কোট্টায়াম জিলাত বহুকেইটা হাঁহৰ অস্বাভাৱিক মৃত্যুৰ পিছত কৰ্ণাটকৰ চাৰি জিলা ক্ৰমে চামৰাজনগৰ, দক্ষিণ কন্নড়, কোডাগু আৰু মহীশূৰত এলাৰ্ট জাৰি কৰে ৷

লগতে চাওকঃ তিনি বছৰৰ বাবে জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা : চিত্ৰৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.