ETV Bharat / bharat

Karnataka CM Decision : সিদ্দাৰামাইয়াও নেৰে, শিৱকুমাৰেও নামানে: কপাল কাৰ ফুলিব - Karnataka CM Decision pending

এতিয়াও পৰ্দাৰ আঁৰত আছে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ মুখ । সঘন বৈঠকৰ পিছতো সিদ্ধান্তত উপনীত হ'ব পৰা নাই কংগ্ৰেছ নেতৃবৰ্গ (Karnataka CM Decision pending) । তাৰ মাজতে বুধবাৰে সন্ধিয়া কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কি শিৱকুমাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পৃথকে সাক্ষাৎ কৰে ।

Karnataka CM Decision
Karnataka CM Decision
author img

By

Published : May 17, 2023, 8:06 PM IST

নিউজ ডেস্ক, ১৭ মে' : জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্দাৰামাইয়া আৰু কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ দুয়োজনেই বুধবাৰে দেশৰ ৰাজধানীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে (Congress leader Siddaramaiah met Rahul Gandhi) । অৱশ্যে শতিকা পুৰণি দলটোৱে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰাৰ পৰা বিৰত আছে (Karnataka CM Decision pending) ৷ ইয়াৰ পূৰ্বে বুধবাৰে এক দীঘলীয়া বৈঠকৰ পিছত শিৱকুমাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷ কেপিচিচিৰ মুৰব্বীয়ে অৱশ্যে সংবাদ মাধ্যমৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল (KPCC president DK Shivakumar met Kharge) ।

শিৱকুমাৰক বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত তেওঁৰ ভাতৃ তথা কংগ্ৰেছ সাংসদ ডি কে সুৰেশৰ বাসগৃহত উপস্থিত হোৱা দেখা যায় । তেওঁ সন্ধিয়াভাগলৈ খাৰ্গে আৰু ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে । কংগ্ৰেছৰ অফিচিয়েল মিডিয়া হেণ্ডেলে দুয়োগৰাকী নেতাৰ সৈতে ৰাহুল গান্ধীৰ ফটো শ্বেয়াৰ কৰিছে ।

ৰাহুল গান্ধীক 'জননায়ক' বুলি অভিহিত কৰি কংগ্ৰেছে টুইট কৰে, "কৰ্ণাটকত বিপুল বিজয়ৰ পিছত ৰাহুল গান্ধীজীয়ে ডি কে শিৱকুমাৰজী আৰু সিদ্ধাৰামাইয়াজীক সাক্ষাৎ কৰে ।" উল্লেখ্য, ইয়াৰ পূৰ্বে কংগ্ৰেছৰ কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত নেতা ৰণদীপ সুৰজেৱালাই কয় যে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বিষয়ে বুধবাৰ বা বৃহস্পতিবাৰে ঘোষণা কৰা হ'ব আৰু ৭২ ঘণ্টাৰ ভিতৰত নতুন কেবিনেট গঠন কৰা হ'ব ।

আনহাতে, সুৰজেৱালাই সিদ্ধাৰামাইয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে নামকৰণ কৰাৰ সম্ভাৱনা থকা বুলি কৰা সকলো আনুমানিক বাতৰি খণ্ডন কৰে । "দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰে বৰ্তমান আলোচনা চলি আছে । কংগ্ৰেছে সিদ্ধান্ত লোৱাৰ পিছতে আমি আপোনালোকক অৱগত কৰাম । অহা ৪৮-৭২ ঘণ্টাৰ ভিতৰত কৰ্ণাটকত আমাৰ নতুন কেবিনেট গঠন হ'ব ।" সাংবাদিকৰ আগত তেওঁ কয় । কংগ্ৰেছ নেতাজনে লগতে কয় যে আলোচনা এতিয়াও চলি আছে আৰু সংবাদ মাধ্যমক অনুমানৰ ওপৰত প্ৰতিবেদন প্ৰকাশ নকৰিবলৈ বা ভুৱা তথ্যৰ প্ৰতি মনোযোগ নিদিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ পৰা ক্ষমতা হস্তগত কৰি কংগ্ৰেছে বিধানসভা নিৰ্বাচনত এক শক্তিশালী বিজয় সাব্যস্ত কৰাৰ চাৰি দিন পিছতো ৰাজ্যখনে এতিয়াও নতুন মুখ্যমন্ত্ৰী লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে সিদ্দাৰামাইয়াৰ সমৰ্থকসকলক বেংগালুৰুত আতচবাজী ফুটাই উল্লাস কৰা দেখা যায় ৷ লগতে আৰক্ষী বিষয়াসকলক বেংগালুৰুৰ শ্ৰী কণ্টেৰাভা ষ্টেডিয়াম পৰিদৰ্শন কৰাও দেখা যায়, য'ত নতুন কৰ্ণাটক চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :Angkita Dutta Harassment Case : বিভি শ্ৰীনিবাসক জামিন প্ৰদান ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.