ETV Bharat / bharat

Congress strategy for upcoming election : কৰ্ণাটকৰ পাছত দেশৰ আন ৪ খন ৰাজ্যক টাৰ্গেট কংগ্ৰেছৰ

author img

By

Published : May 9, 2023, 7:45 PM IST

বছৰৰ শেষৰফালে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Upcoming assembly election 2023)। কৰ্ণাটকৰ পাছত এই কেইখন ৰাজ্যতো কংগ্ৰেছে দলীয় ভেটি শক্তিশালী কৰাত জোৰ দিছে । দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ইতিমধ্যে নতুন আঁচনিৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছে ।

Congress strategy for upcoming election
কৰ্ণাটকৰ পাছত দেশৰ আন ৪ খন ৰাজ্যক টাৰ্গেট কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক, ৯ মে': কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত আৰু বুধবাৰে অনুষ্ঠিত হ'ব নিৰ্বাচন (Karnataka election 2023)। লগে লগে এতিয়া দেশৰ কেইবাখনো ৰাজ্যৰ আহি থকা নিৰ্বাচনৰ ওপৰত দৃষ্টি ৰাখিছে কংগ্ৰেছে । দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু এআইচিচিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে । কিয়নো এই কেইখন ৰাজ্যত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ।

ইয়াৰ মাজতে মঙলবাৰে ৰাহুল গান্ধীয়ে দলীয় কৰ্মীসকলৰ বাবে এক প্ৰশিক্ষণ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ৰাজস্থানৰ উদয়পুৰত উপস্থিত হয় আৰু আগন্তুক নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যৰ জ্যেষ্ঠ নেতাসকলকো সাক্ষাৎ কৰিব (Rahul Gandhi in Rajasthan)। মধ্য প্ৰদেশ গোটৰ মুৰব্বী কমল নাথে মহিলা ভোটাৰক লক্ষ্য কৰি মহিলা কল্যাণ আঁচনি আৰম্ভ কৰাৰ সময়তে প্ৰিয়ংকা গান্ধীয়ে তেলেংগানাত যুৱ ইস্তাহাৰ ঘোষণা কৰিছে ।

চাৰিওখন ৰাজ্যৰ ভিতৰত ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছৰ শাসন আছে । দলটোৱে তিনিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ বিৰুদ্ধে পোনপটীয়াকৈ যুঁজ দিব আনহাতে তেলেংগানাত শাসনাধিষ্ঠ বিআৰএছৰ মুখামুখি হ'ব কংগ্ৰেছ । ৰাহুলৰ ৰাজস্থান ভ্ৰমণে ৰাজ্যখনৰ ওপৰত মনোযোগ দিয়াৰ এক ইংগিত দিছে । ‘‘ভাৰত জোড়ো যাত্ৰা’’ৰ পাছত ৰাহুলে প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰিছে । তেওঁ মাউণ্ট আবুৰ শ্ৰমিকসকলৰ বাবে এক প্ৰশিক্ষণ তথা বাৰ্তালাপ শিবিৰ 'সংগম'ত অংশগ্ৰহণ কৰিব ।

শেহতীয়াকৈ, কৰ্ণাটক অভিযানত ব্যস্ত থকা খাৰ্গেয়ে গৃহ ৰাজ্য ৰাজস্থানত এছ.এছ. ৰন্ধাৱাক দায়িত্বত সহায় কৰিবলৈ তিনিজন নতুন এ.আই.চি.চি. সচিবক নিযুক্তি দিছে য'ত কংগ্ৰেছে অশোক গেহলট চৰকাৰে আৰম্ভ কৰা কল্যাণমূলক আঁচনিৰ ওপৰত প্ৰচাৰ চলাই আছে ।

যোৱা সপ্তাহত, এআইচিচিৰ সচিব অমৃতা ধাৱান আৰু বীৰেন্দ্ৰ ৰাঠৌৰে স্থানীয় নেতাসকলক সাক্ষাৎ কৰি তৃণমূল পৰ্যায়ৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰি আহিছে । দুসপ্তাহ পূৰ্বে এছ.এছ. ৰন্ধাৱাৰ দলৰ সকলো বিধায়কৰ সৈতে বৈঠকত কোৱা হৈছিল যাতে তেওঁলোকে ভোটাৰসকলক ৰাজ্য চৰকাৰৰ কল্যাণৰ কাৰ্যসূচী ব্যাখ্যা কৰে ।

অৱশ্যে অশোক গেহলট আৰু শচীন পাইলটৰ দীৰ্ঘদিনীয়া সংঘাত কেন্দ্ৰীয় নেতৃত্বৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে । সেয়ে দলটোৱে পুনৰবাৰ কৈছে যে দুয়ো কংগ্ৰেছৰ বাবে সম্পদ আছিল । ৰাজস্থানত প্ৰতি ৫ বছৰত চৰকাৰ সলনি কৰাৰ পৰম্পৰা আছে কিন্তু কংগ্ৰেছে সেই ধাৰাটো বন্ধ কৰিবলৈ কঠোৰ চেষ্টা কৰি আছে ।

মধ্য প্ৰদেশত, কংগ্ৰেছে ২০১৮ ৰ জয়ৰ পুনৰাবৃত্তি কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছে । সেই সময়তো কমল নাথ ৰাজ্যিক সমিতিৰ সভাপতি আছিল যিয়ে দলটোক ক্ষমতালৈ আনি মুখ্যমন্ত্ৰী হৈছিল । কিন্তু প্ৰভাৱশালী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰাৰ পাছতে ২০২০ চনত তেওঁৰ চৰকাৰে মুখ থেকেচা খালে । কমল নাথে নাৰী সন্মান আঁচনি আৰম্ভ কৰি ৰাজ্যখনৰ সকলো মহিলাক প্ৰতি মাহে ১৫০০ টকা আৰু এলপিজি চিলিণ্ডাৰত ৫০০ টকাৰ ভাট্টাৰ বাবে পঞ্জীয়ন কৰিবলৈ স্বাগতম জনায় (Nari Samman scheme in MP)। কমল নাথে সকলো দলীয় কৰ্মীকে তেওঁলোকৰ নিজ নিজ এলেকাত পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে ।

ইফালে প্ৰিয়ংকা গান্ধীয়ে সোমবাৰে তেলেংগানাত দলৰ যুৱ ইস্তাহাৰ উন্মোচন কৰাৰ সময়ত তেলেংগানা গঠনৰ আন্দোলনত মৃত্যু হোৱা লোকসকলৰ কিথ আৰু আত্মীয়সকলক চৰকাৰী চাকৰি, শ্বহীদৰ পৰিয়ালক ২৫,০০০ টকা পেঞ্চন, যুৱসকলৰ বাবে ৪০০০ টকাৰ নিবনুৱা ভাট্টা আৰু ১৮ বছৰৰ অধিক বয়সৰ ছোৱালীৰ বাবে ই-স্কুটাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে (Priyanka Gandhi Telangana visits)।

লগতে পঢ়ক :Election Irregularity : নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত জব্দ প্ৰায় ৩৭৬ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.