ETV Bharat / bharat

কৰণবীৰ বোহৰা-তীজয় সিদ্ধুৰ জীৱনলৈ নতুন আলহী !

author img

By

Published : Dec 21, 2020, 5:40 PM IST

টেলিভিছনৰ পৰ্দাৰ অন্যতম জনপ্ৰিয় অভিনেতা কৰণবীৰ বোহৰা আৰু পত্নী তীজয় সিদ্ধুৱে অলপতে কানাডাৰ ভেংকুৱেৰত তৃতীয় সন্তানৰ পিতৃ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ৷ দম্পতীটোৰ বিয়না আৰু ৰানা বেলা নামৰ দুগৰাকী কন্যা আছে ৷

Karanvir Bohra, Teejay Sidhu welcome baby girl in Canada
কৰণবীৰ বোহৰা-তীজয় সিদ্ধুৰ জীৱনলৈ নতুন আলহী !

হায়দৰাবাদ,২১ ডিচেম্বৰ : টেলিভিছনৰ পৰ্দাৰ অন্যতম জনপ্ৰিয় অভিনেতা কৰণবীৰ বোহৰা আৰু পত্নী তীজয় সিদ্ধুৰ জীৱনলৈ আগমন ঘটিছে তৃৃতীয় সন্তানৰ ৷ অলপতে কানাডাৰ ভেংকুৱেৰত দম্পতীটোৱে সদৰী কৰে এই কথা ৷ দম্পতীটোৰ বিয়না আৰু ৰানা বেলা নামৰো দুগৰাকী কন্যা আছে ৷

আনন্দিত পিতৃ মাতৃয়ে ছ’চিয়েল মেডিয়াৰ পৰিৱৰ্তে ৱেবলয়ডৰ জৰিয়তে এই ভাল খবৰ ৰাজহুৱা কৰে ৷ কৰণবীৰে এই প্ৰসংগত কয় যে, পৰিয়াললৈ অন্য কোনো ছোৱালীৰ আগমনতকৈ এই খবৰ লাভে তেওঁলৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা ৷

কৰণবীৰে ৱেবলয়ডত এয়া লক্ষ্মী, সৰস্বতী আৰু পাৰ্বতীৰ অৱতাৰ বুলি অভিহিত কৰাৰ লগতে নিজক ধন্য মানে ৷ তদুপৰি কৌতুকপূৰ্ণভাৱে নিজকে তিনিজনীকৈ পৰী থকা চাৰ্লি বুলি অভিহিত কৰে ৷

প্ৰায় ১৪ বছৰীয়া অপেক্ষাৰ অন্তত ২০১৬ চনত দম্পতীটোৱে যমজ কন্যাৰ পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য অৰ্জন কৰে ৷

লক ডাউনৰ সময়চোৱাত অভিনেতাগৰাকীয়ে ভৱৰ নামৰ এক ভ্ৰমণ সম্পৰ্কীয় চিৰিজৰ নিৰ্দেশকৰূপে কাম কৰে ৷ 18 আগষ্টত প্ৰিমিয়াৰ মুকলি হোৱা চিৰিজটো zee5 ত সম্প্ৰচাৰ হৈ আছে ৷

লগতে পঢ়ক : পাইপলাইনৰ ক্ষমতা বৃদ্ধিৰ বাবে এন আৰ এল আৰু অইলৰ MoU ত স্বাক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.