ETV Bharat / bharat

আজি প্ৰেমৰ প্ৰতীক কৰম উৎসৱ

author img

By

Published : Sep 6, 2022, 5:46 PM IST

Updated : Sep 6, 2022, 7:07 PM IST

কৰম পৰ্ব ঝাৰখণ্ডৰ তথা চাহ জনজাতীয় লোকসকলৰ অন্যতম প্ৰধান উৎসৱ আৰু ই যথেষ্ট জনপ্ৰিয় । ভাদ মাহৰ শুক্লা পক্ষৰ একাদশীৰ দিনা সম্পূৰ্ণ উৎসাহ-মালহেৰে এই উৎসৱ উদযাপন কৰা হয় । এই উৎসৱক প্ৰেমৰ প্ৰতীক বুলিও কোৱা হয় (Karam festival symbol of love)।

Karam
Karam

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : কৰম বা কৰ্ম উৎসৱ চাহ জনজাতীয় তথা মূলত ঝাৰখণ্ডৰ খিলঞ্জীয়া লোকসকলৰ সংস্কৃতিৰ সৈতে সম্পৰ্কিত এক লোক উৎসৱ । এই উৎসৱ হৈছে প্ৰেমৰ প্ৰতীক (Karam festival symbol of love) । হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহৰ একাদশীত উদযাপন কৰা এই কৰম উৎসৱে জনজাতীয় লোকসকলৰ পৰম্পৰাত এক বিশেষ গুৰুত্ব বহন কৰে । আজিৰ দিনটোত চাহ জনজাতীয় পুৰুষ আৰু মহিলাসকলে একেলগে কৰম দেৱতাৰ উপাসনা কৰে । এই উপলক্ষে সকলোৱে পৰম্পৰাগত পোছাক পিন্ধি লোকনৃত্য কৰা দেখা যায় (Karam festival of Jharkhand) । আনহাতে, জনজাতীয় লোকসকলৰ লগতে সনাতন ধৰ্মপ্ৰেমীসকলেও এই উৎসৱত অংশগ্ৰহণ কৰে ।

উল্লেখ্য, ঝাৰখণ্ডত গছ-গছনি আৰু উদ্ভিদক উপাসনা কৰাৰ প্ৰথা বহু শতাব্দী ধৰি চলি আহিছে । প্ৰকৃতিৰ প্ৰতি মানৱ সমাজৰ এই পৰম্পৰা বহুত পুৰণি (Nature festival Karam) । আদিম মানুহে প্ৰকৃতিৰ লাভালাভ বুজি পোৱাৰ সময়ৰে পৰাই এই প্ৰকৃতি উৎসৱ চাহ জনজাতীয় লোকসকলৰ সংস্কৃতিৰ অংশ হৈ পৰিছিল । আজিও ইয়াৰ প্ৰাসংগিকতা আছে । ইয়াত প্ৰকৃতিৰ বাৰ্তা থাকে । চাহ জনজাতীয় লোকসকলে কৰম উৎসৱৰ প্ৰাকমুহূৰ্তৰ পৰা ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে । চাহ জনজাতীয় লোকসকলে এই উৎসৱৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে (Karam festival of tea tribes) । কিয়নো কৰম উৎসৱৰ পৰা জনজাতীয় সমাজত বিবাহ আৰু শুভ কাম আৰম্ভ হয় ।

আজিৰ দিনটোত কৰম দালিক উপাসনা কৰা হয় । পৰম্পৰা অনুসৰি, কৰম দালি চাহ জনজাতীয় লোকসকলৰ ধৰ্মীয় স্থান আখৰাত সম্পূৰ্ণ ৰীতি-নীতিৰে ৰখা হয় । পিছত ইয়াক নিশা উপাসনা কৰা হয় । কৰম উৎসৱত জাভা অতি গুৰুত্বপূৰ্ণ । তীজ উৎসৱৰ দ্বিতীয় দিনা, ছোৱালীবোৰে ঘৰে ঘৰে বিভিন্ন প্ৰকাৰৰ শস্য যেনে চাউল, ঘেঁহু, মাকৈ সংগ্ৰহ কৰিবলৈ যায় আৰু এটা টুকুৰীত জাভা তৈয়াৰ কৰে । পূজাৰ পিছত ইয়াক সকলো মানুহৰ মাজত প্ৰসাদ হিচাপে বিতৰণ কৰা হয় । মানুহে ইজনে সিজনৰ চুলিত বা কাণত এই প্ৰসাদ সদৃশ জাভা লগাই শুভকামনা কৰে আৰু কৰম উৎসৱৰ শুভেচ্ছা জনায় ।

পূজাৰ সময়ত কৰ্ম আৰু ধৰ্ম নামৰ দুজন ভাতৃৰ কাহিনীও কোৱা হয় । যাৰ সাৰাংশই কৰমৰ গুৰুত্ব ব্যাখ্যা কৰে । এই কাহিনী নুশুনাকৈ উপাসনা অসম্পূৰ্ণ বুলি গণ্য কৰা হয় । এইটো বিশ্বাস কৰা হয় যে এই উৎসৱ উদযাপনে গাঁওখনত সুখ আনে । কৰমৰ দিনা ঘৰত বহু প্ৰকাৰৰ ব্যঞ্জনো তৈয়াৰ কৰা হয় । কৰমে ভাই-ভনীৰ প্ৰেম প্ৰকাশ কৰে । মহিলাসকলে বিশেষকৈ তেওঁলোকৰ ভাতৃসকলৰ দীঘলীয়া জীৱন আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে উপবাস খাটে ।

লগতে পঢ়ক :ওনাম উপলক্ষে দুৱাৰ মুকলি হ’ল সবৰীমালা মন্দিৰৰ

Last Updated : Sep 6, 2022, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.