নেশ্যনেল ডেস্ক,২৩ ডিচেম্বৰ : আইআইটি কানপুৰৰ জ্যেষ্ঠ অধ্যাপক সমীৰ খাণ্ডেকাৰৰ শুকুৰবাৰে ৫৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তেওঁ আইআইটি কানপুৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠান সম্বোধন কৰি আছিল । তেওঁ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ দি থকাৰ সময়তে হঠাতে বুকুৰ প্ৰচণ্ড বিষত বাগৰি পৰে । লগে লগে আইআইটি কানপুৰৰ আন অধ্যাপক আৰু কৰ্মচাৰীসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায় । খাণ্ডেকাৰক কাৰ্ডিঅ'লজী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে । জানিব পৰা মতে তেওঁৰ মেদবহুলতাৰ সমস্যা আছিল । তেওঁ ইয়াৰ বাবে ২০১৯ চনত চিকিৎসাধীনো হৈছিল ।
ইফালে অধ্যাপকগৰাকীৰ আকস্মিক মৃত্যু সম্পৰ্কে আইআইটিৰ প্ৰশাসনিক বিষয়াসকলে কয় যে তেওঁ সম্পূৰ্ণ সুস্থ আছিল । কিন্তু তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিছে । অধ্যাপক সমীৰ খাণ্ডেকাৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীনৰ দায়িত্বত আছিল । আইআইটিৰ কেইবাগৰাকী জ্যেষ্ঠ অধ্যাপকৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সচিব তথা প্ৰাক্তন সঞ্চালক অধ্যাপক অভয় কাৰান্দিকাৰেও অধ্যাপক সমীৰ খাণ্ডেকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
আইআইটি কানপুৰৰ সমীপতে প্ৰাক্তন অধ্যাপক এইচ চি বাৰ্মাৰ দ্বাৰা এখন শিক্ষা সম্পৰ্কীয় আশ্ৰম আছে । অধ্যাপক সমীৰ খাণ্ডেকাৰ সেই আশ্ৰমৰ সৈতেও জড়িত আছিল । কেইদিনমান পূৰ্বে অনুষ্ঠিত এক কাৰ্যসূচীত তেওঁ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে কৈছিল । অধ্যাপক সমীৰ খাণ্ডেকাৰ আইআইটিৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সৈতে জড়িত আছিল আৰু তেওঁৰ পৰিয়াল আইআইটি কানপুৰৰ চৌহদত বাস কৰিছিল । আইআইটি কানপুৰৰ অধ্যাপকসকলে কোৱা মতে হৃদৰোগীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে । সেয়ে সকলো লোকে সময়ে সময়ে তেওঁলোকৰ হৃদযন্ত্ৰ পৰীক্ষা কৰিব লাগিব ।
৫৫ বছৰ বয়সতে অকাল মৃত্যুক আঁকোৱালি লোৱা অধ্যাপক সমীৰ খাণ্ডেকাৰ আইআইটি কানপুৰৰ এক সুপৰিচিত নাম আছিল । সমীৰ খাণ্ডেকাৰৰ জন্ম ১৯৭১ চনৰ ১০ নৱেম্বৰত মধ্য প্ৰদেশৰ জবলপুৰত হৈছিল । তেওঁ ২০০০ চনত আইআইটি কানপুৰলৈ আহিছিল আৰু আইআইটি কানপুৰৰ পৰা বি.টেক ডিগ্ৰী লাভ কৰিছিল আৰু তাৰ পিচত জাৰ্মানীলৈ যায় ।
তেওঁ ২০০৪ চনত জাৰ্মানীত পিএইচডি ডিগ্ৰী লাভ কৰিছিল আৰু সহকাৰী অধ্যাপক হিচাপে কাম কৰিবলৈ আইআইটি কানপুৰলৈ আহিছিল । ২০০৯ চনত তেওঁ সহযোগী অধ্যাপক হয় । ২০১৪ চনত তেওঁ অধ্যাপক হয় । ২০২০ চনত তেওঁ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী হয় । ২০২৩ চনত তেওঁ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীনৰ দায়িত্বও গ্ৰহণ কৰে ।
লগতে পঢ়ক :হিজাব নিষেধাজ্ঞাৰ প্ৰত্যাহাৰ সন্দৰ্ভত বিবেচনা কৰিছে চৰকাৰে: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী