নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: দেশজুৰি COVID-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত থকাৰ সময়তে কানপুৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা । ম’বাইলত ব্যস্ত থকা নাৰ্চে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাক প্ৰদান কৰিলে দুবাৰকৈ প্ৰতিষেধক । যাৰ ফলত মহিলাগৰাকী সামান্য জ্বৰত আক্ৰান্ত হোৱাৰ লগতে হাতখন ফুলি উঠা পৰিলক্ষিত হয় । উত্তৰ প্ৰদেশৰ কানপুৰৰ মাণ্ডোলি প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰত শুকুৰবাৰে এই ঘটনা সংঘটিত হয় ।
এয়া স্বাস্থ্য বিভাগৰ চৰম গাফিলতিৰ অভিয়োগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি, টীকাকৰণ প্ৰদানৰ সময়ত নাৰ্চগৰাকীয়ে ম’বাইলত ব্যস্ত হৈ থকাৰ বাবেই এই ঘটনা সংঘটিত হয় । ঘটনা সন্দৰ্ভত দোষ স্বীকাৰ কৰা নাৰ্চ গৰাকীৰ নাম কমলেশ দেৱী ৷ এই ঘটনাৰ পাচতে মাণ্ডোলি প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰৰ মুখ্য চিকিৎসকে বিষয়টো সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।
লগতে পঢ়ক: ভাৰতত একেদিনাই কৰ'ণাত আক্ৰান্ত ৮৯,১২৯ গৰাকী