ETV Bharat / bharat

কানহাইয়া লাল হত্যাকাণ্ডক লৈ গীত: সামাজিক মাধ্যমত পুনৰ ট্ৰেণ্ডিঙত এই ঘটনা - কানহাইয়া লাল হত্যাকাণ্ডক লৈ গীত

টিভিৰ ৰিয়েলিটি শ্ব'ত কানহাইয়া লাল হত্যাকাণ্ডক লৈ গীত গালে এজন শিল্পীয়ে । লগে লগে সামাজিক মাধ্যমত পুনৰ চৰ্চা হৈছে (Kanhaiyalal murder case)। গীতটো সম্পৰ্কে কানহাইয়া লালৰ পুত্ৰইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

kanhaiyalal
সামাজিক মাধ্যমত পুনৰ ট্ৰেণ্ডিঙত কানহাইয়া লাল হত্যাকাণ্ড
author img

By

Published : Sep 14, 2022, 2:24 PM IST

নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ : ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লাল হত্যাকাণ্ড (KanhaiyaLal Murder Case) পুনৰ এবাৰ চৰ্চালৈ আহিছে । এইবাৰ সামাজিক মাধ্যমত এই ঘটনাটো চৰ্চিত হৈছে (Kanhaiyalal murder case is trending on Twitter)। বুধবাৰে পুৱাৰে পৰা এই বিষয়টো ট্ৰেণ্ডত আছে । কানহাইয়া লাল হত্যাকাণ্ডক লৈ টিভিৰ এটা ৰিয়েলিটি শ্ব'ত গীত পৰিৱেশন কৰিছে এগৰাকী কণ্ঠশিল্পীয়ে । গীতটোৰ জৰিয়তে শিল্পীগৰাকীয়ে হত্যাকাণ্ডটোৰ সকলো দিশ উল্লেখ কৰিছে । লগে লগে ই অধিক চৰ্চাৰ বিষয় হৈ পৰিছে ।

গীতটো শুনাৰ পাছতে কানহাইয়া লাল চাহুৰ জ্যেষ্ঠ পুত্ৰ যশ চাহুৱে কয় যে মানুহৰ নিজা অনুভূতি থাকে (KanhaiyaLal family reaction)। সেই অনুভূতিক সন্মান কৰা উচিত । পিতৃৰ বিয়োগৰ ফলত পৰিয়ালটোৱে যি বেদনাত ভুগিছে সেইটোৱে এতিয়াও তেওঁলোকক পিছ এৰা নাই । টুইটাৰ আৰু ইনষ্টাগ্ৰামত ট্ৰেণ্ডিং হৈ থকা গীতটো তেওঁ শুনিছে ।

গোটেই গীতটোত, গোঁড়ামি বিৰোধী আৰু গীতটোত তেওঁৰ পিতৃৰ বিষয়টোও উল্লেখ কৰা হৈছে । পুত্ৰই উল্লেখ কৰা মতে তেওঁৰ পিতৃক যিদৰে নিৰ্মমভাৱে হত্যা কৰা হৈছিল, তেওঁৰ পৰিয়ালে আজিও এই জঘন্য ঘটনাটোক লৈ আচৰিত হৈ আছে ।

যশ চাহুৱে উল্লেখ কৰা মতে ঘৰত প্ৰতিদিনে পিতৃৰ অভাৱ অনুভৱ হয় । কোনেও সেই খালী ঠাই পূৰণ কৰিব নোৱাৰিব । তেওঁৰ পিতৃৰ হত্যাকাৰীসকল এতিয়াও কাৰাগাৰত আছে, তেওঁলোকক কেতিয়া শাস্তি দিয়া হ'ব তাৰ অপেক্ষাত আছে কানহাইয়া লালৰ পৰিয়াল । আনকি ৩ মাহৰ পাছতো, হত্যাকাৰীসকলৰ বিৰুদ্ধে কোনো শাস্তি ঘোষণা কৰা হোৱা নাই । যশ চাহুৱে কোৱা মতে অপৰাধীসকলক সোনকালে শাস্তি দিব পৰাকৈ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লোৱা উচিত ।

উল্লেখ্য যে ২৮ জুনত, কানহাইয়ালাল চাহু তেওঁৰ দোকানত আছিল । অভিযুক্ত ৰিয়াজ আৰু ঘৌচ মহম্মদ গ্ৰাহক হিচাপে দোকানলৈ আহিছিল আৰু কানহাইয়াক তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰিছিল । ইয়াৰ পাছতে অভিযুক্ত কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু ঘটনাটোৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে । আৰক্ষীয়ে এতিয়ালৈকে গোচৰটো সন্দৰ্ভত ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :বিভেদমূলক বিৰোধীৰ মিত্ৰতা সম্ভৱ নে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.