ETV Bharat / bharat

Kamakhya Temple is not being properly maintained : সঠিকভাৱে ৰক্ষণাবেক্ষণ হোৱা নাই কামাখ্যা মন্দিৰ

স্বচ্ছতাৰ ক্ষেত্ৰত ব্যৰ্থ অসম চৰকাৰ । বিশ্ব বিখ্যাত শক্তিপীঠ কামাখ্যা মন্দিৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰিব পৰা নাই চৰকাৰে (Failed to maintain Kamakhaya Temple properly)। কামাখ্যা মন্দিৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ । অহা বছৰৰ জানুৱাৰীত হ'ব বিষয়টোৰ পৰৱৰ্তী শুনানি ।

author img

By

Published : Oct 19, 2022, 5:34 PM IST

Kamakhya Temple
সঠিকভাৱে ৰক্ষণাবেক্ষণ হোৱা নাই কামাখ্যা মন্দিৰ

নেশ্যনেল ডেস্ক,১৯ অক্টোবৰ : দেশৰ লাখ লাখ ভক্তৰ বিশ্বাসৰ থলী তথা অন্যতম শক্তিপীঠ অসমৰ কামাখ্যা দেৱালয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিশেষ ঘোষণা (SC important directions on cleanliness of Kamakhya)। উচ্চতম ন্যায়ালয়ে এই শুনানিত কয় যে অসমৰ কামাখ্যা মন্দিৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা হোৱা নাই (Kamakhya Temple is not being properly maintained)। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আপোচ কৰা হৈছে বুলি উদ্বেগ প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে ।

মন্দিৰৰ তত্বাৱধান সম্পৰ্কীয় এটা বিষয়ৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অজয় ৰাস্তোগী আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে কামাখ্যা দেৱালয়ৰ পৰিচ্ছন্নতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । ন্যায়াধীশ ৰাস্তোগীয়ে কয় যে তেওঁ বন্ধৰ সময়ত তাত আছিল আৰু কামাখ্যা মন্দিৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা হোৱা নাই বুলি উল্লেখ কৰে (Justice Rastogi on Kamakhya Temple)। এয়া তেওঁৰ ব্যক্তিগত মতামত বুলি উল্লেখ কৰি পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰিব নোৱাৰি বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

মন্দিৰ কৰ্তৃপক্ষৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধৱনে দাখিল কৰিছে যে এইটো এটা নিৰ্দিষ্ট ঘটনা য'ত একাংশ লোকে চাফ-চিকুণতাৰ ওপৰত প্ৰশ্ন তুলি পত্ৰ লিখিছে । তেওঁ আদালতক কয় যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে শীৰ্ষ পৰ্যায়ৰ প্ৰতিষ্ঠানে মন্দিৰৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি আছে । উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানি ২০২৩ চনৰ জানুৱাৰীত নিৰ্ধাৰণ কৰিছে ।

উচ্চতম ন্যায়ালয়ে ২০২১ চনৰ ডিচেম্বৰত কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজৰ সদস্যসকলক প্ৰতিনিধিত্ব কৰা নিৰ্বাচিত দলৈৰ দ্বাৰা কামাখ্যা দেবোত্তৰ ব'ৰ্ডৰ দ্বাৰা পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি অৱমাননাৰ আবেদন নিষ্পত্তি কৰিছিল ।

উল্লেখ্য যে কামাখ্যা দেৱালয় হৈছে দেশৰ অন্যতম শক্তিশালী পীঠ (Kamakhya Temple)। য'ত প্ৰতিদিনে হাজাৰ হাজাৰ লোকে দৰ্শন কৰিবলৈ আহে । অসমৰ নীলাচল পাহাৰত থকা এই কামাখ্যা দেৱালয়ত দেশৰ লগতে বিদেশৰো বহু পৰ্যটক আহে । কিন্তু এনে এক ঐতিহাসিক স্থানৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাটো অসমবাসীৰ লগতে ৰাজ্য চৰকাৰৰ বাবে অতি উদ্বেগৰ কথা ।

লগতে পঢ়ক :Debajit Saikia felicitated: বিমানবন্দৰত BCCIৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকাক উষ্ম আদৰণী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.