ETV Bharat / bharat

Asian Game 2023: কম্পাউণ্ড আৰ্চাৰীত জ্যোতিৰ সোণ, ব্ৰঞ্জৰ পদকতে সন্তুষ্ট অদিতি - player Aditi Gopichand Swami

এছিয়ান গেমছত ভাৰতৰ কৃতিত্ব অব্যাহত ৷ মহিলাৰ ব্যক্তিগত কম্পাউণ্ড আৰ্চাৰী শাখাত সোণ আৰু ব্ৰঞ্জৰ পদক দখলেৰে দেশলৈ সুনাম কঢ়িয়ালে ক্ৰমে জ্যোতি সুৰেখা ভেনাম আৰু অদিতি গোপীচান্দ স্বামীয়ে ।

Asian Game 2023
আৰ্চাৰী ইভেণ্টত সোণ আৰু ব্ৰঞ্জৰ পদকেৰে দেশলৈ সুনাম কঢ়িয়ালে জ্যোতি আৰু অদিতিয়ে
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:48 AM IST

স্পৰ্টস ডেস্ক, 7 অক্টোবৰ: 2023 চনৰ এছিয়ান গেমছত মহিলাৰ ব্যক্তিগত কম্পাউণ্ড আৰ্চাৰী ইভেণ্টত সোণৰ পদক লাভ কৰা জ্যোতি সুৰেখা ভেনামে দক্ষিণ কোৰিয়াৰ দক্ষিণ কোৰিয়াৰ চায়েৱন ছ’ক 149-145 পইন্টত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে । এছিয়ান গেমছৰ এই সংস্কৰণত এইটোৱেই আছিল খেলুৱৈগৰাকীৰ তৃতীয়টো স্বৰ্ণ পদক ।

আনহাতে, ইণ্ডোনেছিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি এই ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে আন এগৰাকী ভাৰতীয় খেলুৱৈ অদিতি গোপীচান্দ স্বামীয়ে । শনিবাৰে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ 2023 ত ভাৰতৰ অদিতি গোপীচান্দ স্বামীয়ে আৰ্চাৰী মহিলাৰ ব্যক্তিগত কম্পাউণ্ড ইভেণ্টত ইণ্ডোনেছিয়ান ৰাইথ ফাঢলীক 146-140 পইন্টত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ইয়াৰ লগতে এছিয়ান গেমছত ভাৰতৰ ব্ৰঞ্জৰ পদৰ সংখ্যা 40 টালৈ বৃদ্ধি পায় ৷
মহিলাৰ কম্পাউণ্ড ব্যক্তিগত ব্ৰঞ্জৰ প্লে অফৰ একপক্ষীয় মেচত ইণ্ডোনেছিয়াৰ ৰাইথ জিলিজাতি ফাঢলীক আউটপ্লে কৰি এছিয়ান গেমছত ভাৰতৰ হৈ অভিলেখ সৃষ্টিকাৰী নৱমটো ধনুৰ্বিদ পদক লাভ কৰে । উল্লেখ্য যে 19 সংখ্যক এছিয়ান গেমছত পদক দখলেৰে দেশলৈ সুনাম কঢ়িওৱা অদিতি স্বামীয়ে দুমাহ পূৰ্বে বাৰ্লিনত চেম্পিয়নশ্বিপ খিতাপ দখল কৰিছিল ।

ধনুৰ্বিদ্যাত ভাৰতৰ এইটো অভিলেখ সংখ্যক নৱমটো পদক ৷ তদুপৰি এছিয়ান গেমছত দেশৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে বিবেচিত হৈছে । 2014 চনত দক্ষিণ কোৰিয়াৰ ইঞ্চিয়নত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ভাৰতে এটা সোণ, এটা ৰূপ, আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

উল্লেখ্য যে, চলিত এছিয়ান গেমছত যথেষ্ট উন্নত প্ৰদৰ্শনেৰে দেশলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা ভাৰতে বৰ্তমানলৈ 25 টা স্বৰ্ণ পদক , 35 টা ৰূপ আৰু 40 টা ব্ৰঞ্জৰ পদকসহ সৰ্বাধিক 100 টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Asian Games 2023: পুৰুষৰ হকীত জাপানক হৰুৱাই স্বৰ্ণ জয় ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.