ETV Bharat / bharat

Juhi Parmarয়ে শ্বেয়াৰ কৰা এই পদ্ধতিৰ দ্বাৰা আপুনিও সহজতে ঘৰতে তৈয়াৰ কৰক ভিটামিন C ছিৰাম - ভিটামিন C ছিৰাম

ভিটামিন C ছিৰাম ছালৰ বাবে অতি উপকাৰী । ই ৰুক্ষ ছাল আঁতৰোৱাৰ কাম কৰে । শেহতীয়াকৈ জুহি পৰমাৰে ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰা এক পদ্ধতিৰ দ্বাৰা আপুনিও ঘৰতে সহজতে তৈয়াৰ কৰিব পাৰে ভিটামিন চি ছিৰাম ।

Juhi Parmar shares easy way to make Vitamin C serum at home
Juhi Parmarয়ে শ্বেয়াৰ কৰা এই পদ্ধতিৰ দ্বাৰা আপুনিও সহজতে ঘৰতে তৈয়াৰ কৰক ভিটামিন C ছিৰাম
author img

By

Published : Mar 22, 2023, 1:55 PM IST

Updated : Mar 22, 2023, 2:26 PM IST

আমাৰ ছালখন সতেজ তথা উজ্বল কৰিব ৰাখিবলৈ আমি ছালত বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰো ৷ বিশেষকৈ মহিলাসকলে নিজৰ ছালখনত বিভিন্ন ধৰণৰ ক্ৰীম, ছানস্ক্ৰীণ আদি ব্যৱহাৰ কৰে ৷ সাধাৰণতে ছালৰ যত্নৰ বাবে ক্লিনজাৰ, মইশ্ব’ৰাইজাৰ আৰু ছানস্ক্ৰীণ অন্তৰ্ভুক্ত কৰা হয় । একে সময়তে কিছুমানে ছালৰ বাবেও ছিৰাম ব্যৱহাৰ কৰে । সাধাৰণতে মানুহে ছালৰ বাবে ভিটামিন C ছিৰাম ব্যৱহাৰ কৰে ।

ই আপোনাৰ ছালখনক সূৰ্যৰ তাপৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে । ই ছালখনক UV ৰশ্মিৰ পৰাও ৰক্ষা কৰাৰ কাম কৰে । পৰামৰ্শদাতা ছালৰ বিশেষজ্ঞৰ মতে ভিটামিন C ছিৰামে ছালখনক ডাৰ্ক চাৰ্কল, বলিৰেখা আৰু ফাইন লাইনৰ পৰা ৰক্ষা কৰাৰ কাম কৰে । কিন্তু আপুনি জানেনে যে, এই ছিৰামটো আপুনিও ঘৰতে বনাব পাৰে ? হয়, আচলতে জুহি পাৰমাৰে শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ঘৰতে ভিটামিন চি তৈয়াৰ কৰিছে(TV Actress Juhi Parmar)। ঘৰতে কেনেকৈ তৈয়াৰ কৰিব পাৰি জানো আহক ।

শেহতীয়াকৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ সময়ত অভিনেত্ৰী জুহি পাৰমাৰে কয় যে, কেনেকৈ ঘৰতে উপলব্ধ উপাদানৰে ভিটামিন C ছিৰাম তৈয়াৰ কৰিব পাৰি । ইয়াৰ বাবে কমলাৰ বাকলি, গোলাপৰ পানী, এলোভেৰা জেল গ্লিচাৰিন আৰু ভিটামিন E কেপচুলৰ প্ৰয়োজন হ’ব । প্ৰথমে কমলাৰ বাকলি আৰু গোলাপৰ পানী এটা গ্ৰাইণ্ডাৰত পিচি লওক(Vitamin C Benefits) । ইয়াৰ পিছত বাকী উপাদানখিনি তাত মিহলাই লওক । সকলো বস্তু মিহলাই মুখত লগাব । জুহীয়ে এই ছিৰামখিনি ফ্ৰীজত থৈ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে(Skin Care Routine) । এসপ্তাহলৈকে এই ছিৰাম ব্যৱহাৰ কৰিব পাৰে । এই ছিৰাম ডিঙি আৰু মুখমণ্ডলত লগালে ই আপোনাৰ মুখত উজ্বলতা বৃদ্ধি কৰিব ।

প্ৰাকৃতিক উপাদানৰ উপকাৰিতা

গোলাপৰ পানীয়ে ছালৰ পি এইচ লেভেল বজাই ৰখাৰ কাম কৰে । গোলাপৰ পানীয়ে ছালখন হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে । সাধাৰণতে বহু ধৰণৰ ফেচ পেকৰ বাবে গোলাপৰ পানী ব্যৱহাৰ কৰা হয় । এলোভেৰা বহুতে মইশ্ব’ৰাইজাৰ হিচাপেও ব্যৱহাৰ কৰে । আন বহুতো সৌন্দৰ্য সামগ্ৰীৰ বাবেও এলোভেৰা ব্যৱহাৰ কৰা হয় । এলোভেৰাই ছালৰ দাগ দূৰ কৰে । বহুতে কমলা খাই বাকলিবোৰ পেলাই দিয়ে । কিন্তু এই বাকলিবোৰ ছালৰ বাবে অতি উপকাৰী । এই বাকলিবোৰত ভিটামিন C আৰু ফলিক এচিড প্ৰচুৰ পৰিমাণে থাকে । ই দাগ আঁতৰোৱাত সহায় কৰে ।

লগতে পঢ়ক: Alia Bhatt’s Skincare Routine: গৰ্ভাৱস্থাৰ পিচত ছালখন উজ্বল কৰি ৰাখিবলৈ অনুসৰণ কৰক আলিয়াৰ এই স্কিনকেয়াৰ ৰুটিন

Last Updated : Mar 22, 2023, 2:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.