ETV Bharat / bharat

JP Nadda slams Bihar CM : বিৰোধী দলৰ বৈঠক, বিৰোধীক তীব্ৰ সমালোচনা জে পি নাড্ডাৰ - BJP reacts over Oppositions meeting

বিৰোধীৰ বৈঠকক লৈ শাসকীয় বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া । জে পি নাড্ডাই বিহাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে । ইন্দিৰা গান্ধীয়ে নীতিশ কুমাৰক জেললৈ প্ৰেৰণ কৰিছিল আজি সেই নেতাই ইন্দিৰা গান্ধীৰ নাতিক আদৰণি জনাইছে ।

JP Nadda slams Bihar CM
বিৰোধীক তীব্ৰ সমালোচনা জে পি নাড্ডাৰ
author img

By

Published : Jun 23, 2023, 5:22 PM IST

নেশ্যনেল ডেস্ক,২৩ জুন : বিহাৰৰ পাটনাত অনুষ্ঠিত হৈছে বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক । দেশৰ প্ৰায় ১৮ টাকৈ বিজেপি বিৰোধী দলে এই বৈঠকত অংশগ্ৰহণ কৰিছে । সকলোৰে লক্ষ্য এটাই ২০২৪ত বিজেপিক প্ৰত্যাহ্বান জনোৱা আৰু পৰাস্ত কৰা । ইফালে এই বৈঠকক লৈ বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে শাসকীয় বিজেপিয়ে । বিজেপিৰ বহু নেতাই বিৰোধী দল বিশেষকৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ।

বিজেপি সভাপতি জে পি নাড্ডাইও শুকুৰবাৰে পাটনাত চলি থকা বিৰোধী বৈঠকখনক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কাৰাগাৰলৈ পঠিওৱা নেতাসকলে এতিয়া তেওঁৰ নাতি ৰাহুল গান্ধীক আদৰণি জনাইছে ।

উল্লেখ্য যে বিৰোধী দলসমূহৰ বৈঠকখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৪ চনৰ লোকসভাত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে এক ঐক্যবদ্ধ বিকল্প গঠন কৰিবলৈ আহ্বান জনাইছিল । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, এনচিপিৰ সভাপতি শৰদ পাৱাৰ, এছপি নেতা অখিলেশ যাদৱ, শিৱসেনা (ইউবিটি)ৰ সভাপতি উদ্ধৱ ঠাকৰে, তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকে নেতা এম কে ষ্টেলিন, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ লগতে অন্যান্য নেতাসকলেও বৈঠকত অংশগ্ৰহণ কৰিছে ।

বৈঠকখনক সমালোচনা কৰি বিজেপি সভাপতি জে পি নাড্ডাই কয় যে ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীয়ে লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰক কাৰাগাৰত ৰাখিছিল । কিন্তু আজি তেওঁলোকে ইন্দিৰা গান্ধীৰ নাতি ৰাহুল গান্ধীক আদৰণি জনোৱাত ব্যস্ত হৈছে । ৰাজনীতিত যি ঘটিছে তাক লৈ তেওঁ আচৰিত বুলিও উল্লেখ কৰে নাড্ডাই । ওড়িশাৰ কালাহাণ্ডিত এক ৰেলী সম্বোধন কৰি নাড্ডাই বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে । বিজেপিৰ সভাপতিগৰাকীয়ে শিৱসেনা (উদ্ধৱ বালাচাহেব ঠাকৰে)ৰ মুৰব্বী উদ্ধৱ ঠাকৰেক সমালোচনা কৰি কয় যে তেওঁ নিজে কংগ্ৰেছৰ সৈতে হাত মিলাই নিজৰ দোকান বন্ধ কৰি দিছে ।

নাড্ডাই কয় যে উদ্ধৱ ঠাকৰে আজি পাটনাত উপস্থিত হৈছে । তেওঁৰ পিতৃ 'হিন্দু সম্ৰাট' বালাচাহেব ঠাকৰেয়ে কৈছিল যে তেওঁ শিৱসেনাক কংগ্ৰেছ হ'বলৈ নিদিব । যদি কংগ্ৰেছৰ সৈতে হাত মিলাব লগা হয়, তেওঁ তেওঁৰ দোকান বন্ধ কৰিব । নাড্ডাই লগতে কয়,"আজি বালাচাহেব ঠাকৰেয়ে নিশ্চয় ভাবিছে যে তেওঁৰ নিজৰ পুত্ৰই শিৱসেনাৰ দোকান বন্ধ কৰি দিছে ।"

লগতে পঢ়ক :পাটনাত বিৰোধী দলসমূহৰ বৈঠকৰ পাচত যুটীয়া সংবাদমেল LIVE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.