ETV Bharat / bharat

বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত সেৱা জনালে জে পি নাড্ডাই - জে পি নড্ডা

দুদিনীয়া ভ্ৰমণসূচীৰে বাৰাণসীলৈ যোৱা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰসাদ নাড্ডাই সোমবাৰে কাশী বিশ্বনাথ মন্দিৰ আৰু কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰি ঈশ্বৰৰ আশিস লয় । আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল'বলৈ বাৰাণসীলৈ গৈছে ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকী ।

কাশী বিশ্বনাথ মন্দিৰ আৰু কাল ভৈৰৱ মন্দিৰত সেৱা জনালে জে পি নড্ডাই

author img

By

Published : Mar 1, 2021, 6:14 PM IST

নেশ্যনেল ডেস্ক, ১ মাৰ্চ: ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰসাদ নাড্ডা দুদিনীয়া ভ্ৰমণসূচীৰে বাৰাণসীলৈ গৈছে । সোমবাৰে পুৱাই তেওঁ কাশী বিশ্বনাথ মন্দিৰত সেৱা জনায় । পিছত তেওঁ কাল ভৈৰৱ মন্দিৰো দৰ্শন কৰে । উক্ত সময়ত নাড্ডাৰ সৈতে আছিল বিজেপিৰ উত্তৰ প্ৰদেশৰ সভাপতি স্বতন্ত্ৰ দেৱ সিং । আবেলি ৪.৪৫ বজাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে বাৰাণসীৰ ৰোহনীয়াত দলৰ নৱনিৰ্মিত আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰে ।

সন্ধিয়া ৭ বজাত নাড্ডাই বাৰাণসীৰ নাৰিয়া বি এইছ ইউৰ সমীপৰ চৌধুৰী ল'নছত বিভিন্ন ক্ষেত্ৰৰ সামাজিক কামৰ সৈতে জড়িত সমাজ কৰ্মীৰ সৈতে মত-বিনিময় কৰিব । ২০২২ চনত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন হোৱাৰ কথা আছে । ৰাজ্যখনত ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলটো ক্ষমতালৈ আহিছিল । উত্তৰ প্ৰদেশ বিধানসভাত মুঠ ৪০৩ জন সদস্য আছে । ইয়াৰে মুখ্য দলবোৰৰ ভিতৰত বিজেপিৰ ৩০৯ জন বিধায়ক, এছ পিৰ ৪৯, বিএছপিৰ ১৮ আৰু কংগ্ৰেছৰ ৭ জন বিধায়ক আছে ।

নাড্ডাই দেওবাৰে কাশী প্ৰান্তৰ বিজেপি দলৰ সাংসদ, বিধায়ক আৰু জিলা সভাপতিসকলৰ সৈতে এক বৈঠকত মিলিত হয় । তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো সাক্ষাৎ কৰে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু তাৰ পিছত ২০২২ত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ বাবে দলৰ কৰ্মীসকলৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে ।

লগতে পঢ়ক:ইষ্টাৰ্ণ নেভেল কমাণ্ডাৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ অজেন্দ্ৰ বাহাদুৰ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.