নিউজ ডেস্ক, ৭ অক্টোবৰ: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শুকুৰবাৰে হায়দৰাবাদত ৰামোজি গ্ৰুপ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওক সাক্ষাৎ কৰি বৈঠকত মিলিত হয় । এই বৈঠকৰ সৈতে জড়িত তথ্য তথা ফটো ‘X’ ত শ্বেয়াৰ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ তেওঁ পোষ্ট কয়, "ৰামোজী ৰাও এজন দূৰদৰ্শী ব্যক্তি ৷ সংবাদ মাধ্যম আৰু চিনেমাৰ ক্ষেত্ৰত তেওঁৰ কাম প্ৰেৰণাদায়ক । নাড্ডাৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰো উপস্থিত থাকে ।
-
Met Shri Ramoji Rao Garu at his residence in Hyderabad today.
— Jagat Prakash Nadda (@JPNadda) October 6, 2023 " class="align-text-top noRightClick twitterSection" data="
He is a pioneer and visionary whose contributions to the world of cinema and media are a source of inspiration for countless people. pic.twitter.com/Jmoxv45NsB
">Met Shri Ramoji Rao Garu at his residence in Hyderabad today.
— Jagat Prakash Nadda (@JPNadda) October 6, 2023
He is a pioneer and visionary whose contributions to the world of cinema and media are a source of inspiration for countless people. pic.twitter.com/Jmoxv45NsBMet Shri Ramoji Rao Garu at his residence in Hyderabad today.
— Jagat Prakash Nadda (@JPNadda) October 6, 2023
He is a pioneer and visionary whose contributions to the world of cinema and media are a source of inspiration for countless people. pic.twitter.com/Jmoxv45NsB
দাক্ষিণাত্যৰ কৰ্ণাটকত ক্ষমতা হেৰুৱাৰ পাছত ভাৰতীয় জনতা পাৰ্টিয়ে তেলেংগানাত ক্ষমতা আৰু প্ৰভাৱ বিস্তাৰৰ বাবে দৃঢ়তাৰে ব্ৰতী হৈছে । তাৰেই অংশ হিচাপে শুকুৰবাৰে হায়দৰাবাদৰ ঘাটকেছাৰৰ ভিবিআইটি অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত বিজেপি ৰাজ্যিক পৰিষদৰ বৈঠকত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জেপি নাড্ডাই বিজেপি কৰ্মকৰ্তাসকলক উৎসাহিত কৰে ৷ তেওঁ বিজেপিৰ ৯ বছৰীয়া কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে কি কি অগ্ৰগতি লাভ কৰিছে সেই বিষয়ে ৰাইজক বুজাবলৈ দলীয় কৰ্মীসকলক পৰামৰ্শ দিয়ে ।
তেলেংগানাৰ দশম শ্ৰেণীৰ প্ৰশ্নকাকতৰ পৰা আৰম্ভ কৰি লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল হোৱালৈকে বি আৰ এছ চৰকাৰৰ কাৰ্যকালক সমালোচনা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে । ইয়াৰ দ্বাৰা ৰাজ্যখনৰ প্ৰায় ৩০ লাখ যুৱপ্ৰজন্ম প্ৰভাৱান্বিত হোৱা বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ প্ৰতি তেওঁ সৰৱ হৈ পৰে ৷ এনে চৰকাৰক শাসনৰ পৰা উফৰাব লাগে বুলি উল্লেখ কৰি নাড্ডাই স্পষ্ট কৰি দিয়ে যে বিজেপি হৈছে দেশৰ একমাত্ৰ জাতীয় দল যি প্ৰতিখন ৰাজ্যতে আঞ্চলিক দলৰ সৈতে যুঁজ দি আছে।
তেওঁ কয় যে কংগ্ৰেছে আঞ্চলিক আকাংক্ষা-উন্নয়নক আওকাণ কৰি আঞ্চলিক দলৰ উত্থানৰ কাৰণ হৈছিল। ৰাষ্ট্ৰীয় সন্মিলন, পি ডি পি, আৰ জে ডি, জে এম এম, তৃণমূল কংগ্ৰেছ, ডি এম কে, এন চি পি, শিৱসেনা, বি আৰ এছ, ৱাই চি পি এই সকলো আঞ্চলিক দল পৰিয়ালৰ দল হৈ পৰিছে । অন্ধ্ৰ প্ৰদেশত ৱাই এছ আৰ আৰু জগন ৰেড্ডীৰ পৰিয়াল, তেলেংগানাত কেচিআৰ পুত্ৰ, কন্যা আৰু ভতিজা পৰিয়ালৰ নিয়ন্ত্ৰণত আছে । তেওঁ লগতে কয় যে কেন্দ্ৰই ৰাজ্যখনৰ উন্নয়নৰ বাবে যোৱা ৯ বছৰত ৯ লাখ কোটি টকা ব্যয় কৰিছে ।
লগতে পঢ়ক: Telangana unity bus yatra: ৰাহুল গান্ধীয়ে তেলেংগানাত আৰম্ভ কৰিব ঐক্য বাছ যাত্ৰা