ETV Bharat / bharat

বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি: পঞ্জাৱ বিজেপিৰ সৈতে নাড্ডাৰ বৈঠক

author img

By

Published : Jul 17, 2021, 7:48 PM IST

পঞ্জাৱ বিজেপিৰ শীৰ্ষ নেতাৰ সৈতে বৈঠকত মিলিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এই বৈঠক ৷ উত্তৰ প্ৰদেশৰ কাৰ্যকৰী সমিতিৰ বৈঠকত ভাষণ প্ৰদান কৰাৰ এদিন পাচতে দলৰ পঞ্জাৱ গোটৰ সৈতে অনুষ্ঠিত হৈছে নাড্ডাৰ এই বৈঠক ৷

JP Nadda holds meeting with Punjab BJP leaders
পঞ্জাৱ বিজেপিৰ সৈতে নাড্ডাৰ বৈঠক

নেশ্যনেল ডেস্ক, 17 জুলাই: পঞ্জাৱ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে ৰাষ্ট্ৰীয় ৰাজধানীত বৈঠকত মিলিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ শনিবাৰে পঞ্জাৱ বিজেপিৰ মুৰব্বী অশ্বনী কুমাৰ শৰ্মা, সংগঠনটোৰ সাধাৰণ সম্পাদক দিনেশ কুমাৰ অন্য নেতাসকলৰ সৈতে ৰাজধানী দিল্লীস্থিত দলীয় কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী বৈঠকত মিলিত হয় ৷ অহা বছৰৰ আৰম্ভণিতে হ'বলগীয়া পঞ্জাৱৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠক যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক: পিচিচিৰ সভাপতি পদকলৈ পাঞ্জাৱ কংগ্ৰেছত তীব্ৰ অসন্তুষ্টি

আগন্তুক বছৰৰ বিধানসভা নিৰ্বাচনলৈ বুলি চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ কাৰ্যকৰী সমিতিৰ বৈঠকত ভাষণ প্ৰদান কৰাৰ এদিন পাচতে দলৰ পঞ্জাৱ গোটৰ সৈতে নাড্ডাৰ এই বৈঠক অনুষ্ঠিত হৈছে ৷ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী দলসমূহৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তেওঁ দলীয় কৰ্মীসকলক ৰাইজৰ কাষলৈ যাবলৈ আহ্বান জনায় ৷ ইয়াৰ পূৰ্বে 19 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষকালীন অধিৱেশনৰ বাবে দলৰ ৰণনীতিৰ ওপৰত চৰ্চা কৰাৰ বাবে মঙলবাৰে বিজেপিৰ জ্যেষ্ঠ নেতাসকল এখন বৈঠকত মিলিত হৈছিল ৷

লগতে পঢ়ক: পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰে মিলিত হোৱাৰ পূৰ্বে প্ৰিয়ংকা-ছোনিয়াৰ বৈঠক

প্ৰাপ্ত তথ্য অনুসৰি, বৈঠকখন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃহত অনুষ্ঠিত হৈছিল আৰু উক্ত বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ধৰ্মেন্দ্ৰ প্ৰধান, ভূপেন্দ্ৰ যাদৱ, প্ৰহ্লাদ যোশী আৰু অৰ্জুন ৰাম মেঘৱাল উপস্থিত আছিল ৷ মূল্যবৃদ্ধি, পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্যকে আদি কৰি ক'ভিড-19 সম্পৰ্কীয় বিভিন্ন বিষয় লৈ বিৰোধীয়ে বিজেপিক আক্ৰমণ কৰিবলৈ যিধৰণে সাজু হৈছে, তাৰ পৰা এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত এক ধুমুহা সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছে ৷

লগতে পঢ়ক: নৰেন্দ্ৰ মোডীক ভগৱানৰ নেতা সজালে জেপি নাড্ডাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.