ETV Bharat / bharat

উত্তৰাখণ্ডত এক ডাবল ইঞ্জিন চৰকাৰ বিচাৰিছে ৰাইজে : জে পি নাড্ডা

author img

By

Published : Dec 18, 2021, 8:29 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে উত্তৰাখণ্ডত এক ডাবল ইঞ্জিন চৰকাৰ বিচাৰিছে ৰাইজে (Uttarakhand wants double engine government says Nadda ) বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰাখণ্ডত উপস্থিত হৈ এইদৰে ক’লে জে পি নাড্ডাই ৷ জানো আহক উত্তৰাখণ্ডৰ নিৰ্বাচন সন্দৰ্ভত ইটিভি ভাৰতক কি ক’লে নাড্ডাই ৷

jp-nadda-cites-surging-crowds-says-people-are-with-bjp-in-uttarakhand
উত্তৰাখণ্ডত এক ডাবল ইঞ্জিন চৰকাৰ বিচাৰিছে ৰাইজে : জে পি নাড্ডা

নিউজ ডেস্ক, 18 ডিচেম্বৰ : উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নাড্ডা(Bharatiya Janata Party president J P Nadda)ই কয় যে, ৰাজ্যখনত বিজেপিৰ ৰেলীত ভাগ লোৱা বিশাল জনসমাগমে দেখুৱাইছে যে দলটোৱে উত্তৰাখণ্ডত ক্ষমতা বজাই ৰাখিব ৷ ইটিভি ভাৰতক দিয়া এক বিশেষ সাক্ষাৎকাৰত নাড্ডাই কয় যে, ৰাইজে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাজ্যখনত এখন ডাবল ইঞ্জিন চৰকাৰ বিচাৰিছে(Uttarakhand wants double engine government says Nadda ) ৷

তেওঁ কয়, আৰম্ভণিৰে পৰা এই বিশাল জনসমাগম দেখি এনে লাগিছে যে, উত্তৰাখণ্ডৰ ৰাইজে মোডীজী আৰু ৰাজ্যখনৰ ডাবল ইঞ্জিন চৰকাৰৰ কামত সমৰ্থন জনাইছে । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ কামত ৰাইজ সুখী বুলিও মন্তব্য কৰে নাড্ডাই ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে পুনৰ কয় যে, ৰাজ্যখনৰ পৰিস্থিতি বিজেপিৰ বাবে উৎসাহজনক ৷ ইয়াৰ লগতে তেওঁ বিশ্বাসেৰে কয় যে উত্তৰাখণ্ডৰ লোকসকল তেওঁলোকৰ দলৰ সৈতে আছে ।

সকলোৱে নিজৰ ধৰণে বিকাশত অৰিহণা যোগাইছে, সেয়েহে পুনৰ নিৰ্বাচনত বিজেপিক আশীৰ্বাদ দিবলৈ ৰাইজে সাজু হৈছে।"

নাড্ডাই কয়, '' মই সমগ্ৰ উত্তৰাখণ্ড ভ্ৰমণ কৰিছো । মই ভাবো জনসাধাৰণ বিজেপিৰ সৈতে আছে । দৰাচলতে, সবকা সাথ সবকা বিকাশ(Sabka Saath Sabka Vikas), সবকা প্ৰয়াস আৰু সবকা বিশ্বাস(Sabka Prayas and Sabka Vishwas)ৰ মূলমন্ত্ৰৰে সমগ্ৰ সমাজৰ বাবে কাম কৰা হৈছে ৷ " ইয়াৰোপৰি, ৰাজ্যখনৰ বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কামৰ সম্পৰ্কতো নাড্ডাই কয়, "উত্তৰাখণ্ডে উন্নয়নৰ এক নতুন অধ্যায় ৰচনা কৰিছে '' ।

লগতে পঢ়ক : Controversial statement of Asaduddin Owaisi: মহিলাৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ অসন্তুষ্ট আছাদউদ্দিন ওৱেচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.