ETV Bharat / bharat

সংবাদকৰ্মীক ফ্ৰণ্টলাইন কৰ্মীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবী কেজৰিৱালৰ - কৰ‘ণা ভাইৰাছ

সংবাদকৰ্মী সকলক ফ্ৰণ্টলাইন কৰ্মীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী অৰবিন্দ কেজৰিৱালৰ ৷ ভাৰতে বৰ্তমান ক'ভিড-19 মহামাৰীৰ দ্বিতীয় ঢৌৰ সন্মুখীন হৈছে আৰু প্ৰতিদিনে নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । দেশত মঙলবাৰে 1,84,372 টা নতুন ক'ভিড-19 ঘটনা পোহৰলৈ অহাৰ লগতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 1,027 গৰাকী লোকৰ ৷

'Journalists reporting from adverse situations should be allowed COVID vaccination on priority'
সংবাদকৰ্মীসকলক ফ্ৰণ্টলাইন কৰ্মীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবী কেজৰিৱালৰ
author img

By

Published : Apr 14, 2021, 10:34 PM IST

নেচনেল ডেস্ক, 14 এপ্ৰিল: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে কয় যে, দিল্লী চৰকাৰে কেন্দ্ৰলৈ চিঠি লিখি সংবাদকৰ্মী সকলক ফ্ৰণ্টলাইন কৰ্মীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাব ৷ যিহেতু সংবাদকৰ্মীসকলে প্ৰতিকূল পৰিস্থিতিৰ পৰা বাতৰি যোগান ধৰাৰ দায়িত্বত নিয়োজিত হৈ থাকে সেয়ে ক'ভিড-19 প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত সংবাদকৰ্মী সকলক অগ্ৰাধিকাৰ দিয়া উচিত বুলি কেজৰিৱালে মন্তব্য কৰে ।

"সাংবাদিকসকলে বেছিভাগ প্ৰতিকূল পৰিস্থিতিৰ পৰা প্ৰতিবেদন দি আছে । তেওঁলোকক ফ্ৰণ্টলাইন কৰ্মী হিচাপে গণ্য কৰা উচিত আৰু টিকাকৰণৰ অনুমতিৰ ক্ষেত্ৰত তেওঁলোকক প্ৰাৰম্ভিক অগ্ৰাধিকাৰ দিয়া উচিত । দিল্লী চৰকাৰে এই সন্দৰ্ভত কেন্দ্ৰলৈ চিঠি লিখি আছে," টুইটযোগে কেজৰিৱালে এইদৰে মন্তব্য কৰে ৷

উল্লেখ্য যে, ভাৰতে বৰ্তমান ক'ভিড-19 মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সন্মুখীন হৈছে আৰু প্ৰতিদিনে নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । দেশত মঙলবাৰে 1,84,372 গৰাকী লোক নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে 1,027 গৰাকী লোকে ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যক সাৱটিব লগীয়া হৈছে ৷

লগতে পঢ়ক: ক’ভিড 19: ভাৰতত এতিয়ালৈ গ্ৰহণ কৰা প্ৰতিষেধক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.