ETV Bharat / bharat

ক'ভিডত আক্ৰান্ত হৈ মৃত্যু সাংবাদিক অঞ্জন বন্দোপাধ্যায়ৰ - ই টিভি বাংলা আৰু আনন্দ বজাৰ গ্ৰুপ

ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে "জি ২৪ ঘণ্টা"ৰ মুখ্য সম্পাদক অঞ্জন বন্দোপাধ্যায়ে । দেওবাৰে নিশা কলকাতাৰ এখন চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

Journalist Anjan Bandyopadhyay passed away
বঙালী নিউজ চেনেল জি ২৪ ঘণ্টাৰ মুখ্য সম্পাদক অঞ্জন বন্দোপাধ্যায়ৰ দেহাৱসান
author img

By

Published : May 17, 2021, 10:06 AM IST

নেশ্যনেল ডেস্ক,১৭ মে': বঙালী নিউজ চেনেল "জি ২৪ ঘণ্টা"ৰ মুখ্য সম্পাদক অঞ্জন বন্দোপাধ্যায়ৰ দেহাৱসান । ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হয় ৫৬ বছৰীয়া সাংবাদিক গৰাকীৰ । দেওবাৰে নিশা প্ৰায় ৯.২৫ বজাত কলকাতাৰ ই এম বাইপাছৰ সমীপৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । অঞ্জনে বন্দোপাধ্যায়ে আনন্দ বজাৰ পত্ৰিকাৰ সৈতে জড়িত হৈ সংবাদ ক্ষেত্ৰত নিজৰ যাত্ৰা আৰম্ভ কৰিছিল ।

পিছত তেওঁ জি গ্ৰুপৰ সৈতে বহু বছৰ কাম কৰে । ইটিভি বাংলা আৰু আনন্দ বজাৰ গ্ৰুপৰ ডিজিটেল শাখাৰ সৈতেও তেওঁ কাম কৰিছিল । শেহতীয়াকৈ তেওঁ পুনৰ জি গ্ৰুপৰ সৈতে জড়িত হৈছিল । জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সংবাদ জগতত ।

অঞ্জনে বন্দোপাধ্যায়ৰ মৃত্যুত গভীৰ শোক কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক বিবৃতিযোগে কয় যে, সাংবাদিকগৰাকীৰ পৰিয়াল আৰু সহকৰ্মীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ তেওঁ শব্দ বিচাৰি পোৱা নাই । অঞ্জন বন্দোপাধ্যায়ৰ বিয়োগৰ পিছতে শোকত ভাগি পৰিছে মাতৃ, পত্নী অদিতি, কন্যা তিতলী, জ্যেষ্ঠ ভাতৃ তথা পশ্চিমবংগৰ মুখ্য সচিব আলাপান বন্দোপাধ্যায়ৰ লগতে গোটেই পৰিয়াল ।

লগতে পঢ়ক: ত্ৰিপুৰাত বিজেপি-টিপ্ৰা মোথাৰ সমৰ্থকৰ মাজত সংঘৰ্ষ: আহত 10

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.