ETV Bharat / bharat

JNUৰ প্ৰৱেশ পৰীক্ষা আৰম্ভ

author img

By

Published : Sep 20, 2021, 7:39 PM IST

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা আৰম্ভ ৷ বিশ্ববিদ্যালয়খনত নামভৰ্তিৰ বাবে সোমবাৰৰ পৰা প্ৰৱেশ পৰীক্ষা আৰম্ভ হৈছে ৷ 23 ছেপ্টেম্বৰলৈকে এই প্ৰৱেশ পৰীক্ষা 114 খন চহৰত মুঠ 248টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ৷

JNU entrance exams commence
JNUৰ প্ৰৱেশ পৰীক্ষা আৰম্ভ

নেশ্যনেল ডেস্ক , 20 ছেপ্টেম্বৰ : সোমবাৰৰ পৰা আৰম্ভ হৈছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ৰ প্ৰৱেশ পৰীক্ষা ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য এম জগদেশ কুমাৰে (M Jagadesh Kumar) সোমবাৰে এই কথা জানিবলৈ দিয়ে ৷ উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিয়া মতে, সোমবাৰৰ পৰা মুঠ 114 খন চহৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা আৰম্ভ হৈছে ৷ 23 ছেপ্টেম্বৰলৈকে এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক : ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব CTET-২০২১

টুইটযোগে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰে ৷ সমগ্ৰ দেশৰ 114 খন চহৰত মুঠ 248টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দি উপাচাৰ্যগৰাকীয়ে টুইটযোগে এইবুলি কয়, "ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ৰ দ্বাৰা পৰিচালিত জেএনইউ প্ৰৱেশ পৰীক্ষা (JNUEE) আজিৰ পৰা সমগ্ৰ দেশতে ১১৪ খন চহৰ আৰু ২৪৮ টা কেন্দ্ৰত আৰম্ভ হৈছে ৷ JNUEEই ২০২১ ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক শুভেচ্ছা ," ৷ উল্লেখ্য যে, যিসমূহ কাৰ্যসূচীৰ বাবে vivaৰ প্ৰয়োজন হ'ব সেইসমূহ অনলাইনযোগে অনুষ্ঠিত কৰা হ'ব ৷

লগতে পঢ়ক : নৱেম্বৰৰ মাজভাগত CBSEয়ে অনুষ্ঠিত কৰিব Term 1 পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.