ETV Bharat / bharat

ৰাষ্ট্ৰপতিৰ আগমনকলৈ জম্মু-কাশ্মীৰ আৰু লাডাখত কটকটীয়া কৰা হৈছে নিৰাপত্তা

ৰাষ্ট্ৰপতি কোবিন্দ দেওবাৰে শ্ৰীনগৰত উপস্থিত হ'ব আৰু দাল হ্ৰদৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তন কেন্দ্ৰত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সোমবাৰে তেওঁ কাৰ্গিল বিজয় দিৱসৰ ২২ তম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিবলৈ লাডাখলৈ উৰা মাৰিব ।

author img

By

Published : Jul 24, 2021, 10:15 PM IST

President Kovind
ৰাষ্ট্ৰপতিৰ আগমনকলৈ জম্মু কাশ্মীৰ আৰু লাডাখত কটকটীয়া নিৰাপত্তা বেষ্টনী

নেশ্যনেল ডেস্ক, ২৪ জুলাই : অনুচ্ছেদ ৩৭০ (Article 370) বাতিলৰ পিছত প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ram Nath Kovind) । দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চললৈ বুলি ৰাওনা হ'ব ৰাষ্ট্ৰপতিগৰাকী । যাৰ বাবে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে শ্ৰীনগৰ চহৰত ।

শুকুৰবাৰে যান-বাহন চলাচলৰ ক্ষেত্ৰত চলিবলগীয়া নীতি নিয়ম ঘোষণা কৰি যান-বাহন আৰক্ষীয়ে কৈছিল যে গুপকাৰ ৰোডৰ পৰা যান বাহন বোৰ অইন পথেৰে যাব লাগিব । সেই নিৰ্দেশনা অনুসৰি শনিবাৰে কোনো বাহনকে তালাচী নকৰাকৈ গুপকাৰ ৰোডত যাবলৈ অনুমতি দিয়া হোৱা নাই । প্ৰতিখন বাহন আৰু লোকক তন্নতন্নকৈ পৰীক্ষা কৰা হৈছ ।

সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি কোবিন্দ দেওবাৰে শ্ৰীনগৰত উপস্থিত হ'ব আৰু দাল হ্ৰদৰ (Dal Lake) পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তন কেন্দ্ৰত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ (Kashmir University) সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সোমবাৰে তেওঁ কাৰ্গিল বিজয় দিৱসৰ ২২ তম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিবলৈ লাডাখলৈ উৰা মাৰিব । লক্ষণীয়ভাৱে ২০১৯ চনত কাৰ্গিল বিজয় দিৱসত (celebrations of Kargil Vijay Diwas) উপস্থিত থকাৰ কথা আছিল ৰাষ্ট্ৰপতিগৰাকী । কিন্তু শ্ৰীনগৰ বিমানবন্দৰত বতৰৰ বেয়া পৰিস্থিতিৰ বাবে তেওঁ অনুষ্ঠানলৈ যাব নোৱাৰিলে ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতিগৰাকীৰ এয়া লাডাখলৈ প্ৰথম ভ্ৰমণ নহয় । ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ লাডাখ ভ্ৰমণ কৰে আৰু নিয়োজিত সামৰিক কৰ্মীসকলক সাক্ষাৎ কৰে । ইফালে শেহতীয়াকৈ জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি হৈছে । তেনে সময়তে ৰাষ্ট্ৰপতিগৰাকীৰ জম্মু-কাশ্মীৰ ভ্ৰমণকলৈ এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী আৰু নিৰাপত্তা বাহিনী ।

লগতে পঢ়ক :১৯৯১ তকৈ আহিবলগীয়া দিনবোৰ বেছি প্ৰত্যাহ্বানজনক: ড৹ মনমোহন সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.