ETV Bharat / bharat

শ্ৰীনগৰত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত - জম্মুৰ বায়ু সেনা কেন্দ্ৰত সন্দেহজনক ড্ৰোণ আক্ৰমণ

শ্ৰীনগৰত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ ৷ জম্মুৰ বায়ু সেনা কেন্দ্ৰত সন্দেহজনক ড্ৰোণ আক্ৰমণৰ পাচতে এই সিদ্ধান্ত জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ ৷

JK administration bans use of drones in Srinagar
শ্ৰীনগৰত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত
author img

By

Published : Jul 5, 2021, 12:36 PM IST

নেশ্যনেল ডেস্ক, 5জুলাই: জম্মুৰ বায়ু সেনা কেন্দ্ৰত সন্দেহজনক ড্ৰোণ আক্ৰমণৰ পাচতে জম্মু আৰু কাশ্মীৰ প্ৰশাসনে শ্ৰীনগৰত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে ৷ দেওবাৰে এক নিৰ্দেশ জাৰি কৰি জিলা দণ্ডাধীশে আৰক্ষীক এই নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ লগতে ড্ৰোণ সম্পৰ্কীয় কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

এই নিষেধাজ্ঞা সম্পৰ্কত জানিবলৈ দি জিলা দণ্ডাধীশ মহম্মদ এইজাজে কয় যে, জিলাখনৰ আঞ্চলিক অধিকাৰ ক্ষেত্ৰ(territorial jurisdiction)ত ড্ৰোণৰ বিক্ৰী, ব্যৱহাৰ আৰু পৰিবহন নিষিদ্ধ কৰাৰ হৈছে ৷ প্ৰশাসনৰ নিৰ্দেশ অনুসৰি কোনো লোকেই নিজৰ লগত ড্ৰোণ বা তেনে ধৰণৰ কোনো মানৱবিহীন যন্ত্ৰ লগত ৰাখিব নোৱাৰিব ৷

তেওঁ কয় যে, গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান তথা উচ্চ জনবসতিপূৰ্ণ অঞ্চলসমূহৰ ওচৰত আকাশী স্থান সুৰক্ষিত কৰাৰ বাবে লগতে জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ যিকোনো আশংকা দূৰ কৰিবলৈ সকলো ধৰণৰ সামাজিক আৰু সাংস্কৃতিক সমাৱেশত ড্ৰোণৰ ব্যৱহাৰ বন্ধ কৰাটো অতি প্ৰয়োজনীয় ৷ নিৰ্দেশনাটোত কোৱা হৈছে যে, "গোপনীয়তা ভংগ, উপদ্ৰৱ আৰু অনধিকাৰ প্ৰৱেশৰ উদ্বেগৰ উপৰিও নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীনগৰৰ ক্ষেত্ৰীয় অধিকাৰক্ষেত্ৰৰ ভিতৰত আকাশত মানৱবিহীন বিমান বাহন ঘূৰিবলৈ অনুমতি দিয়াটো যথেষ্ট বিপদজনক ৷"

যিসকলৰ হাতত ইতিমধ্যে ড্ৰোণ কেমেৰা বা তেনেধৰণৰ মানৱবিহীন বিমান বাহন আছে, সেইসকলক সঠিক ৰছিদৰ বিপৰীতে স্থানীয় থানাত তেওঁলোকৰ সামগ্ৰীসমূহ জমা কৰিবলৈও নিৰ্দেশনাটোত কোৱা হৈছে ৷ কৃষি, পৰিৱেশ সংৰক্ষণ আৰু দুৰ্যোগ প্ৰশমন কেন্দ্ৰত মেপিং, জৰীপ আৰু নিৰীক্ষণৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰা চৰকাৰী বিভাগসমূহকো ৰাজহুৱা স্বাৰ্থত এনে কোনো ধৰণৰ কাৰ্যকলাপ কৰাৰ পূৰ্বে স্থানীয় থানাত খবৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে জম্মু অঞ্চলৰ ৰাজৌৰীত প্ৰশাসনে ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল ৷ যোৱা দেওবাৰে আৰক্ষীয়ে এই কথা সদৰী কৰিছিল যে, কোনো সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনে জম্মু বায়ু সেনা কেন্দ্ৰত ড্ৰোণৰ মাধ্যমেৰে বিস্ফোৰক প্ৰক্ষেপ কৰিছিল ৷ এই আক্ৰমণত এটা অট্টালিকা সামান্যভাৱে ক্ষতিগ্ৰস্ত হৈছিল ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকাৰ সমান্তৰালকৈ চৰকাৰী প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে ৷

লগতে পঢ়ক: এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.