নেশ্যনেল ডেস্ক,১৬ জুন : পুনৰ এবাৰ চৰ্চালৈ আহিছে বিহাৰৰ ৰাজনীতি । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি সন্তোষ সুমন মাঁঝিৰ পদত্যাগ গ্ৰহণ কৰিছে আৰু ৰত্নেশ সদাক মন্ত্ৰী হিচাপে নিযুক্তি দিছে । একে সময়তে, মাঁঝিয়ে তেওঁৰ পৰৱৰ্তী ৰণনীতিৰো ইংগিত দিছে । ১৯ জুনত এখন ৰাষ্ট্ৰীয় কাৰ্যবাহী সভা আছে । সেই বৈঠকৰ পাছতে জিতন ৰাম মাঁঝি আৰু সন্তোষ সুমন দুয়ো দিল্লীলৈ ৰাওনা হ'ব । তেওঁলোকে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব এক বুলি চৰ্চা চলিছে ।
সূত্ৰৰ মতে সন্তোষ সুমন আৰু জিতন ৰাম মাঁঝিয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব আৰু এন ডি এত যোগদান কৰাৰ বিষয়ে চূড়ান্ত আলোচনা কৰিব । এই বৈঠকৰ পাছত, মাঁঝিয়ে সম্ভৱত এন ডি এৰ সৈতে মিত্ৰতা কৰাৰ কথাও ঘোষণা কৰিব । ১৯ জুনত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ পাছত তেওঁ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰকো সাক্ষাৎ কৰিব আৰু মহাজোঁটৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিব । সম্প্ৰতি হিন্দুস্তানী আৱাম মৰ্চাৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে ।
এক বিশেষ বাৰ্তালাপত, প্ৰাক্তন মন্ত্ৰী সন্তোষ সুমনে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ কৰে । তেওঁ কয় যে নীতিশ কুমাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাৰে প্ৰতিদ্বন্দিতা কৰাৰ পৰিৱৰ্তে বিৰোধী ঐক্য শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে ।
সন্তোষ সুমনে কোৱা মতে বিৰোধীৰ বৈঠক ২৩ জুনত অনুষ্ঠিত হ'বলৈ গৈ আছে । তেওঁৰ মতে দেশত এগৰাকী নেতাই প্ৰতিষ্ঠা লাভ কৰিছে আৰু আন এগৰাকী নেতাই প্ৰতিষ্ঠা লাভ কৰিবলৈ চেষ্টা কৰি আছে । বিৰোধী ঐক্যৰ বৈঠকত সকলো দল উচ্চাকাংক্ষী বুলিও তেওঁ দাবী কৰে ।
হিন্দুস্তানী আৱাম মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি সন্তোষ সুমনে লগতে কয় যে এইবাৰ নৰেন্দ্ৰ মোদী পুনৰ সিংহাসনত বহিব আৰু জনতা সম্পূৰ্ণৰূপে তেওঁৰ সৈতে আছে । বিহাৰৰ মানুহে নীতিশ কুমাৰৰ ৰাজনীতি অতি নিবিড়ভাৱে দেখিছে আৰু বিহাৰৰ মানুহেও তেওঁক এটা শিক্ষা দিয়াৰ সিদ্ধান্ত লৈছে বুলি নেতাগৰাকীয়ে দাবী কৰে । সুমনে দাবী কৰা মতে নৰেন্দ্ৰ মোদী দেশৰ এগৰাকী প্ৰতিষ্ঠিত নেতা আৰু ২০২৪ চনত কোনেও তেওঁৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে ।
লগতে পঢ়ক :Wrestlers Protest : সাংসদ ব্ৰীজ ভূষণৰ বাসগৃহৰ পৰা আটক সন্দেহজনক ব্যক্তিক