ETV Bharat / bharat

বসন্ত উৎসৱ উদ্বোধন কৰি সংস্কৃতি সম্পৰ্কে কি ক'লে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীয়ে ? - সংস্কৃতি সম্পৰ্কে কি ক'লে ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰীয়ে

মঙলবাৰে ত্ৰিপুৰাৰ নাৰায়ণখামাৰৰ দুৰ্গাপুৰ হাইস্কুলৰ চৌহদত আয়োজিত "বসন্ত উৎসৱ" উদ্বোধন কৰে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই (Minister Jishnu Dev Varma inaugurates Vasant Utsav)। অনুষ্ঠানত বসন্ত উৎসৱ সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে প্ৰতিগৰাকী লোককে নিজ নিজ সংস্কৃতি ধৰি ৰখাৰ বাবে আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে ।

Vasant Utsav
বসন্ত উৎসৱ উদ্বোধন কৰে উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই
author img

By

Published : Mar 30, 2022, 3:07 PM IST

আগৰতলা,৩০ মাৰ্চ : সমাজৰ উন্নয়নৰ বাবে সাংস্কৃতিক বিকাশৰ অতি প্ৰয়োজন । যাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকে সংস্কৃতি ৰক্ষা কৰিব লাগিব । এই মন্তব্য ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ । নিজৰ সংস্কৃতি যাতে কোনেও পাহৰি নাযায় তাৰ বাবেও ৰাইজক আহ্বান মন্ত্ৰীগৰাকীৰ (Jishnu Dev Varma urged people to save their culture)।

ত্ৰিপুৰাৰ নাৰায়ণখামাৰৰ দুৰ্গাপুৰ হাইস্কুলৰ চৌহদত আয়োজিত "বসন্ত উৎসৱ"ৰ উদ্বোধন কৰি এই মন্তব্য কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে (Minister Jishnu Dev Varma inaugurates Vasant Utsav) ।উল্লেখ্য যে এই বসন্ত উৎসৱ তথ্য আৰু সাংস্কৃতিক বিভাগ আৰু দুক্লি পঞ্চায়ত সমিতিয়ে যুটীয়াভাৱে আয়োজন কৰিছে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিকোনো জাতি বা ধৰ্মৰ লোকে যাতে উৎসৱসমূহ আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিব পাৰে তাৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে । তেওঁ কয় যে বসন্ত উৎসৱ এটা পৰম্পৰাগত উৎসৱ ।

Vasant Utsav
বসন্ত উৎসৱ উদ্বোধন কৰে উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰজাৰ দিনত বসন্ত উৎসৱ ৰাজপ্রাসাদত পালন কৰা হৈছিল । গতিকে উৎসৱ অহাৰ লগে লগে ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত তৎপৰতা বৃদ্ধি পাইছিল । মন্ত্ৰীগৰাকীৰ মতে ত্ৰিপুৰাত বিভিন্ন সংস্কৃতিৰ লোক বসবাস কৰে ।

ত্ৰিপুৰাত থকা সকলো জাতি, ধৰ্মৰ লোকে নিৰ্দিষ্ট ৰীতি-নীতিৰ মাজেৰে এই চৰকাৰৰ দিনত সফলভাৱে উৎসৱসমূহ পালন কৰিবলৈ সক্ষম হৈছে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি সমবায় মন্ত্ৰী ৰামপ্ৰসাদ পালে কয় যে এই উৎসৱ বিশেষকৈ মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰে ।

লগতে পঢ়ক:Agartala book fair : শুকুৰবাৰৰ পৰা আৰম্ভ ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.