ETV Bharat / bharat

Indian Women Cricket: ভাৰতীয় মহিলা ক্ৰিকেট দললৈ অসমৰ জিণ্টিমণি কলিতা - Jintimoni Kalita in under 19 womens cricket team

ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ অনূৰ্ধ্বৰ দলত স্থান পাইছে অসমৰ মঙলদৈৰ উদীয়মান মহিলা ক্ৰিকেটাৰ জিণ্টিমণি কলিতাই (Assam girl selected for Indian women cricket team) । জিণ্টিমণি কলিতাই আগন্তুক ১৩ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'বলগীয়া ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

Jintimoni Kalita
Jintimoni Kalita
author img

By

Published : Nov 9, 2022, 6:53 PM IST

গুৱাহাটী, ৯ নৱেম্বৰ : অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল খবৰ । ভাৰতীয় মহিলা ক্ৰিকেট দললৈ নিৰ্বাচিত হৈছে মঙলদৈৰ জিণ্টিমণি কলিতা (Jintimoni Kalita in Indian women cricket team) । ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ বছৰ অনূৰ্ধ্বৰ দলত স্থান পাইছে অসমৰ মঙলদৈৰ উদীয়মান মহিলা ক্ৰিকেটাৰ জিণ্টিমণি কলিতাই (Assam girl selected for indian women cricket team) ।

জিণ্টিমণি কলিতাই আগন্তুক ১৩ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'বলগীয়া ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব (Jintimoni Kalita in under 19 womens cricket team) । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ডে (BCCI) অনুষ্ঠিত কৰিছে এই প্ৰতিযোগিতাখন । প্ৰতিযোগিতাখনত ভাৰতৰ উপৰি থাকিব ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা ।

Indian Women Cricket : ভাৰতীয় মহিলা ক্ৰিকেট দললৈ অসমৰ জিণ্টিমণি কলিতা

প্ৰতিযোগিতাখনত ভাৰতৰ 'এ' আৰু 'বি' দুয়োটা দলে অংশগ্ৰহণ কৰিব । জিণ্টিমণি ভাৰতীয় 'এ' দলটোলৈ নিৰ্বাচিত হৈছে । উল্লেখ্যে যে মঙলদৈ শান্তিপুৰ নিবাসী নকুল কলিতা আৰু শেৱালী কলিতাৰ সন্তান জিণ্টিমণি কলিতা ।

মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ি থাকোঁতে ১৯ অনূৰ্ধ্বৰ অসম দলৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাত খেলিবলৈ যোৱা জিণ্টিমণি কলিতাই ইতিমধ্যে ২৩ বছৰ অনূৰ্ধ্বৰ অসম দলৰ হৈয়ো খেলিছে ।

লগতে পঢ়ক :Union Minister Nitin Gadkari in Assam: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’বলৈ অসমত নীতিন গাডকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.