ETV Bharat / bharat

18 বাৰকৈ প্ৰেমিকাক চুৰিকাঘাত হায়দৰাবাদৰ যুৱকৰ - অভিযুক্ত বাসবৰাজক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে

আন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব খোজাতো সহ্য কৰিব নোৱাৰি প্ৰেমিকাক হত্যাৰ চেষ্টা যুৱকৰ । যুৱকজনে চুৰিৰে 18 বাৰকৈ আক্ৰমণ কৰে প্ৰেমিকাক ৷ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি ।

Hyderabad
হায়দৰাবাদত প্ৰেমিকাক চুৰিকাঘাত যুৱকৰ
author img

By

Published : Nov 11, 2021, 1:25 PM IST

নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ : হায়দৰাবাদত লোমহৰ্ষক ঘটনা সংঘটিত । প্ৰেমিকাক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ যুৱকৰ । আন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব খোজাতো সহ্য কৰিব নোৱাৰি প্ৰেমিকাক প্ৰাণে মৰাৰ চেষ্টা যুৱকজনৰ ।

খবৰ অনুসৰি, ঘটনাটো ৰাংগাৰেড্ডী জিলাৰ এল বি নগৰ থানাৰ সমীপত সংঘটিত হৈছে । বৰ্তমান যুৱতীগৰাকীৰ অৱস্থা সংকটজনক ৷ ভুক্তভোগী যুৱতীগৰাকীৰ বয়স ২০ বছৰ ৷ আক্ৰমণকাৰী যুৱকজন বিকাৰাবাদ জিলাৰ দৌলতাবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, দুয়োগৰাকীৰে প্ৰেমৰ সম্বন্ধক অস্বীকাৰ কৰিছিল তেওঁলোকৰ পিতৃ-মাতৃয়ে । যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে তেওঁক আন এজন যুৱকৰ সৈতে বিয়া পাতি দিয়াৰ যো-জা চলাই হস্তিনাপুৰমত থকা খুৰাকৰ ঘৰলৈ পঠিয়াইছিল ।

বুধবাৰে যুৱতীগৰাকী থকা ঠাইত উপস্থিত হৈছিল বাসৱৰাজ নামৰ প্ৰেমিকজন । সেই সময়ত ঘৰত অকলে আছিল যুৱতীগৰাকী । প্ৰেমিকজনে যুৱতীগৰাকীক শেষবাৰৰ বাবে লগ কৰিব বিচাৰিছিল । যেতিয়া যুৱতীগৰাকীয়ে তেওঁক লগ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল, বিয়াৰ প্ৰস্তাৱ দিছিল বাসৱৰাজে ।

কিন্তু তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল যুৱতীগৰাকীয়ে ৷ যাৰ বাবে বাসৱৰাজে খঙত তেওঁক ১৮ বাৰকৈ চুৰিৰে আক্ৰমণ কৰি আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইয়াৰ পাছতে ওচৰ-চুবুৰীয়াই যুৱতীগৰাকীক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰি ততালিকে এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

সম্প্ৰতি যুৱতীগৰাকীৰ অৱস্থা অতি সংকটজনক । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক কৰায়ত্ত কৰি এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : কাৰ্বি আংলং-হোজাই সীমান্তত মূল্যৱান কাঠ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.