ETV Bharat / bharat

Karnataka 2023 poll manifesto: বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক ভুৱা আখ্যা কংগ্ৰেছৰ - কংগ্ৰেছৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভ

বিজেপি দলে মুকলি কৰে কৰ্ণাটক নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ (Karnataka polls) ৷ ইয়াৰ পিচতেই বিজেপিৰ ইস্তাহাৰক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে (Congress questions Karnataka 2023 poll manifesto) ৷

Congress questions BJP Karnataka 2023 poll manifesto
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক ভুৱা আখ্যা কংগ্ৰেছৰ
author img

By

Published : May 1, 2023, 9:15 PM IST

নিউজ ডেস্ক, 1 মে’ : নিচেই কাষত কৰ্ণাটক নিৰ্বাচন ৷ আজি বিজেপি দলে মুকলি কৰে কৰ্ণাটক নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ (Karnataka polls) ৷ দলটোৱে যুগদী, গণেশ চতুৰ্থী আৰু দীপাৱলী মাহত দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো পৰিয়ালক এটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ইয়াৰ উপৰিও ‘পোষণ’ আঁচনিৰ জৰিয়তে প্ৰতিদিনে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসকলক আধা লিটাৰ নন্দিনী গাখীৰ আৰু মাহেকীয়া ৰেচন কিটৰ জৰিয়তে পাঁচ কিলোগ্ৰাম শ্ৰী আন্না-ছিৰি ধন্য প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে (BJP Released Manifesto) ।

ইয়াৰ পিচতেই বিজেপিৰ ইস্তাহাৰক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে (Congress questions Karnataka 2023 poll manifesto) ৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা এই আশ্বাস "ভুৱা" বুলি অভিহিত কৰে কংগ্ৰেছে ৷ কিয়নো ইয়াৰ পূৰ্বৰ নিৰ্বাচনত বিজেপিৰ দলে দিয়া প্ৰতিশ্ৰুতিৰ ৯০ শতাংশও পালন কৰা নাই (BJP Karnataka 2023 poll manifesto) ৷

কংগ্ৰেছৰ সামাজিক মাধ্যমৰ মুৰব্বী সুপ্ৰিয়া শ্ৰীনাটে কয়, "বিজেপিৰ ২০১৮ চনৰ কৰ্ণাটকৰ ইস্তাহাৰৰ ৯০ শতাংশ প্ৰতিশ্ৰুতি অসম্পূৰ্ণ হৈ থকাৰ পিচতো জিলা চৰকাৰে 40 শতাংশ আৱণ্টন দিয়াৰ এটা ভুৱা ইস্তাহাৰ প্ৰকাশ কৰিছে ৷"(Congress social media chief Supriya Shrinate)

কংগ্ৰেছে কৰ্ণাটক বিজেপিয়ে এবছৰত ৩টা এলপিজি চিলিণ্ডাৰ বিনামূলীয়া কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি কয় যে, কেন্দ্ৰৰ মোডী চৰকাৰে যোৱা ন বছৰত ঘৰুৱা ৰন্ধন গেছৰ মূল্য তিনিগুণ বৃদ্ধি কৰিছে ৷ মুদ্ৰাস্ফীতিৰ ফলত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে । বিজেপিয়ে ২০২২ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনত এবছৰত ২ টা বিনামূলীয়া এল পি জি চিলিণ্ডাৰ আৰু যোৱা বছৰৰ গোৱা বিধানসভা নিৰ্বাচনত এবছৰত ৩ টা বিনামূলীয়া এলপিজি চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেয়া প্ৰতিশ্ৰুপতি পূৰণ নহ’ল ।

কৰ্ণাটকত প্ৰচাৰ চলাই থকা গোৱা কংগ্ৰেছৰ মুৰব্বী অমিত পাটকাৰে কয়, "কৰ্ণাটকৰ ৰাইজে জানিব লাগে যে, কৰ্ণাটকত বিজেপিয়ে ৩টা বিনামূলীয়া এলপিজি চিলিণ্ডাৰৰ প্ৰদানৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেয়া কেতিয়াও পূৰণ নহয় ৷ গোৱাৰ মুখ্যমন্ত্ৰীয়েও গোৱাত এই প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ পূৰণ নহ’ল । ভুৱা প্ৰতিশ্ৰুতি বিজেপিৰ ডিএনএত আছে ৷" (Goa Congress chief Amit Patkar)

কংগ্ৰেছৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভে কয়ে যে, কেন্দ্ৰই প্ৰথমে এলপিজিৰ মূল্য যথেষ্ট বৃদ্ধি কৰে আৰু কৰ্ণাটক চৰকাৰে এবছৰত মাত্ৰ ৩ টা বিনামূলীয়া চিলিণ্ডাৰ আগবঢ়ায় যে তাৰ কোনো অৰ্থ নাই । এবছৰত বিজেপিৰ ৩টা চিলিণ্ডাৰ বিনামূলীয়াকৈ ৰাজহ প্ৰভাৱ বৰ্তমানৰ প্ৰতি এলপিজি চিলিণ্ডাৰত ১,১০০ টকা মূল্যত বছৰি ৩,৩০০ টকা হয় (Congress spokesperson Prof Gourav Vallabh) ।

ইফালে কংগ্ৰেছৰ গেৰাণ্টি অনুসৰি কৰ্ণাটকৰ মহিলাসকলৰ বাবে প্ৰতি মাহে প্ৰদান কৰা 2,000 টকাৰ সৈতে তুলনা কৰা হয়, ই বছৰি 24,000 টকা হয় (JhootLoot BJP Moneyfesto) ৷ ৩,৩০০ টকা ২৪,০০০ টকাৰ ১৩.৭৫ শতাংশ হয় । মই ভৱিষ্যতবাণী কৰিছো যে, কংগ্ৰেছে ১৪০ খন আসন লাভ কৰিব আৰু বিজেপিয়ে ৪০ খনতকৈ কম আসন লাভ কৰিব ।"

লগতে কংগ্ৰেছৰ নেতাজনে কয় যে, কংগ্ৰেছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোকক প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে ১০ কিলোগ্ৰাম চাউল বিনামূলীয়াকৈ প্ৰদান কৰা হৈছিল , বিজেপিয়ে মাত্ৰ ৫ কিলোগ্ৰাম প্ৰদান কৰে ৷ ৬.৫ লাখ কান্নাদিগা ভোটাৰে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ, মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ মহিলাসকলৰ বাবে ২০০০ টকা, মহিলাসকলৰ বাবে বিনামূলীয়া বাছ ভ্ৰমণ আৰু স্নাতকসকলক ৩০০০ টকাৰ নিবনুৱা ভাট্টাসহ কংগ্ৰেছৰ গেৰাণ্টি বাছনি কৰিব ।

লগতে পঢ়ক: Karnataka Election 2023 : কৰ্ণাটকত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ

কংগ্ৰেছৰ যোগাযোগ ভাৰপ্ৰাপ্ত জয়ৰাম ৰমেশে কয় যে, মোডী চৰকাৰে যোৱা ৯ বছৰত এলপিজি চিলিণ্ডাৰৰ মূল্য তিনিগুণ বৃদ্ধি কৰিছে । উত্তৰ প্ৰদেশৰ যোৱা নিৰ্বাচনত, বিজেপিয়ে এবছৰত 2 টা বিনামূলীয়া চিলিণ্ডাৰৰ প্ৰতিশ্ৰুতি দিছিল । আজি কৰ্ণাটকত বিজেপিৰ ইস্তাহাৰে এবছৰত 3 টা বিনামূলীয়া চিলিণ্ডাৰৰ প্ৰতিশ্ৰুতি দিছে । মানুহে মূল্যবৃদ্ধি, বিজেপিৰ মিছা কথা আৰু তেওঁলোকৰ ভুৱা প্ৰতিশ্ৰুতিত অতিষ্ঠ হৈ পৰিছে ! ১০ মে'ত, কৰ্ণাটকৰ মানুহে বিজেপিক ভোট দিব বুলি কংগ্ৰেছৰ গেৰাণ্টি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.