ETV Bharat / bharat

প্ৰেমৰ কি মহিমা ! একেটা মণ্ডপতে এজন লোকৰ সৈতে বিয়াত বহিল দুগৰাকী যুৱতী - মণ্ডপত কইনা আছে দুগৰাকী

আত্মীয়-স্বজনৰে ভৰি আছে বিবাহথলী । সজাই তোলা হৈছে ৰভাতলী । মণ্ডপত কইনা আছে দুগৰাকী । কিন্তু দৰা আছে এজন । সতিনীৰ হৈ একেলগে জীৱন কটাবলৈ আগবাঢ়ি আহিছে মহিলা দুগৰাকী । দুয়োগৰাকীয়ে নিজৰ সিদ্ধান্তত অটল । শ'লঠেকত পৰিল দৰা । শেষত অগ্নিক সাক্ষী কৰি দুয়োগৰাকীকে বিয়া কৰালে দৰাই ।

Jharkhand man marries two brides in same mandap
একেটা মণ্ডপতে এজন লোকৰ সৈতে বিয়াত বহিল দুগৰাকী যুৱতী
author img

By

Published : Oct 4, 2021, 5:20 PM IST

নেশ্যনেল ডেস্ক, ৪ অক্টোবৰ : এজন স্বামীয়ে নিজৰ পত্নীৰ আন পুৰুষৰ সৈতে অথবা এগৰাকী স্ত্ৰীয়ে স্বামীৰ আন কোনো মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক সততে কেতিয়াও মানি নলয় । কিন্তু ঝাৰখণ্ডৰ লোহাৰডাগা জিলাৰ যোগিয়াৰা গাডতোলীত সম্পন্ন হোৱা এখন বিবাহে আচৰিত কৰি তুলিছে বহুতকে । একেজন যুৱকৰ সৈতে একেটা মণ্ডপতে বিবাহপাশত আবদ্ধ হ'ল দুগৰাকীকৈ মহিলা । একে সময়তে দুগৰাকী কইনাৰ ডিঙিত বৰমালা পিন্ধাই পত্নীৰ স্বীকৃতি দিলে এজন দৰাই ।

পিছে দৰাৰো আছে তিনিটা সন্তান । তাৰ পাচতো প্ৰেমৰ বাবেই এজন পুৰুষৰ সৈতে বিয়াত বহিল মহিলা দুগৰাকী । জানিব পৰা মতে, দৰা সঞ্জিত ওৰাওনৰ একেখন গাঁৱৰে ৰিংকী ওৰাওনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । বহু বছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল ।

দুয়ো বিবাহপাশত আবদ্ধ হোৱা নাছিল যদিও লিভ ইন ৰিলেশ্যনশ্বিপত আছিল আৰু তেওঁলোকৰ তিনিটা সন্তানো আছে । ৰিংকি আৰু সঞ্জিতৰ মাজত সু-সম্পৰ্ক থকাৰ পাচতো হঠাতে সঞ্জিতৰ হিচৰী পঞ্চায়তৰ বাসিন্দা কালাৱতী ওৰাওনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ।

লাহে লাহে এই সম্পৰ্কৰ বিষয়ে ৰিংকীও অৱগত হয় । কিন্তু প্ৰথম আৰু দ্বিতীয় প্ৰেমিকা কোনো এগৰাকীয়েও নেৰে এই সঞ্জিতক । অৱশেষত, দুয়োগৰাকীয়ে একেটা মণ্ডপতে সঞ্জিতৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত লয় ।

এই বিষয়ে দুয়োগৰাকীয়ে তেওঁলোকৰ নিজ নিজ পৰিয়ালক অৱগত কৰে । লগতে সঞ্জিতেও তেওঁৰ পৰিয়ালৰ সদস্যসকলক অৱগত কৰে । পিছত পৰিয়ালৰ সন্মতি সাপেক্ষে তিনিওগৰাকীয়ে একেটা মণ্ডপতে বিবাহপাশত আৱদ্ধ হয় ।

এই ব্যক্তিক্ৰমী বিয়াখন চাবলৈ বিবাহথলীত ভিৰ কৰে গাঁৱৰ ৰাইজে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেলেংগানাৰ আদিলাবাদ জিলাৰ এজন জনজাতীয় যুৱকে একে সময়তে দুগৰাকী কইনাক বিয়া কৰাইছিল । দুয়োগৰাকী যুৱতীয়ে তেওঁৰ সৈতে বিয়াত বহিব বিচাৰিছিল আৰু একেজন পুৰুষৰ পত্নী হোৱাৰ ক্ষেত্ৰত কোনো সমস্যা নাই বুলি স্পষ্ট কৰি দিছিল । অৱশ্যে, আদিবাসী লোকৰ পৰম্পৰা অনুসৰিহে এনে বিবাহৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক : গৃহবন্দী প্ৰিয়ংকাই ঝাড়ু মাৰি পৰিস্কাৰ কৰিলে ঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.